অহা মাহত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ।

Published : November 28, 2025 at 4:04 PM IST
নতুন দিল্লী : ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । যাৰ বাবে তেওঁ ৪-৫ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব । শুকুৰবাৰে এই কথা নিশ্চিত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২০২৫ চনৰ ৪-৫ ডিচেম্বৰলৈ ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰিব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পুটিনৰ আগন্তুক এই ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ নেতৃত্বক দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব । লগতে 'বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব' শক্তিশালী কৰাৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰিব আৰু পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব ।
আনহাতে ক্ৰেমলিনে এক বিবৃতিত কয় যে দুয়োগৰাকী নেতাই বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিব আৰু ৰাছিয়া-ভাৰতৰ সম্পৰ্কৰ 'সকলো দিশৰ ওপৰত আলোচনা' কৰিব । আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহো আলোচনা কৰিব । চৰকাৰী সূত্ৰৰ মতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাব আৰু তেওঁৰ বাবে বিশেষ আপ্যায়নৰ ব্যৱস্থা কৰিব ।
সংবাদ সংস্থা আই এ এন এছে ৰাছিয়াৰ উপ-বৈদেশিক মন্ত্ৰী আন্দ্ৰে ৰুডেনকোৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে চলিত মাহৰ আৰম্ভণিতে মস্কো ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰাৰ সময়ত ৰাছিয়াৰ মিৰ (Mir) আৰু ৰুপে (RuPay) ব্যৱস্থা ভাৰতীয় সেৱাৰ সৈতে সংযোগ স্থাপনৰ বিষয়ে আলোচনা কৰিছিল । পূৰ্বতে চৰকাৰী পুঁজিৰে আৰু নিয়ন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় বাতৰি টেলিভিছন নেটৱৰ্ক ৰাছিয়া টুডে নামেৰে জনাজাত আৰ টিৰ নিউজ ছাইটত ২৭ নৱেম্বৰত এই সবিশেষ শ্বেয়াৰ কৰা হয় । আৰ টিৰ মতে ৰুডেনকোৱে ইজভেষ্টিয়াক কয় যে মস্কো আশাবাদী যে দেশসমূহে মিৰ আৰু ৰুপে ব্যৱস্থাৰ পাৰস্পৰিক স্বীকৃতিৰ ক্ষেত্ৰত একমত হ'ব পাৰে ।
তেওঁ লগতে উল্লেখ কৰে, "ইয়াৰ দ্বাৰা নিশ্চিতভাৱে ভাৰতলৈ ৰাছিয়ান পৰ্যটকৰ অধিক আগমনত অৰিহণা যোগাব, তেওঁলোকক দেশখন ভ্ৰমণ কৰাত সহায় কৰিব আৰু আমাৰ ভাৰতীয় বন্ধুসকলে প্ৰদান কৰা সেৱাসমূহ ক্ৰয় কৰাত সহায় কৰিব আৰু লগতে কয় যে আমি আশা কৰোঁ এইটোৱে আৰু অন্যান্য সমস্যা সমাধান কৰিব ।"
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ বিৰুদ্ধে মস্কোৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰেহাই মূল্যত ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে পশ্চিমৰ সৈতে ভাৰতৰ সম্পৰ্ক কঠোৰ হোৱাৰ সময়তে পুটিনৰ এই ভ্ৰমণ অতি উল্লেখযোগ্য । ইফালে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই আগষ্ট মাহত ভাৰতৰ বেছিভাগ আমদানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল ।
লগতে পঢ়ক :নেপালী নোটত নতুন মানচিত্ৰ: ভাৰতৰ ভূখণ্ডক অন্তৰ্ভুক্ত কৰাক লৈ কি কয় বিশেষজ্ঞই ?

