বিশ্বজনীন প্ৰভাৱৰ বাবে স্থানীয় কাম: আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱসত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত ভাৰতৰ দায়বদ্ধতা উল্লেখ
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীয়ে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত স্থানীয় কাৰ্য, ABS আন্তঃগাঁথনি ( Access and Benefit-Sharing framework) আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ ভূমিকাৰ কথা উল্লেখ কৰে ।

Published : May 22, 2026 at 5:28 PM IST
নতুন দিল্লী: প্ৰতিবছৰে ২২ মে'ত আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন কৰা হয় । এইবছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে "বিশ্বজনীন প্ৰভাৱৰ বাবে স্থানীয়ভাৱে কাম কৰা" (Acting Locally for Global Impact) । ইয়াৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ বিশ্বজনীন জৈৱ-বৈচিত্ৰ্য কাৰ্যসূচীৰ লক্ষ্যসমূহত উপনীত হ'বৰ বাবে সম্প্ৰদায় পৰ্যায়ৰ কাৰ্যসমূহ কেনেদৰে অপৰিহাৰ্য সেই বিষয়ে প্ৰকাশ কৰা হৈছে ।
এই দিৱসৰ মুখ্য উদ্দেশ্য হৈছে, কুনমিং-মনট্ৰিয়েল বিশ্ব জৈৱ-বৈচিত্ৰ্য কাৰ্যসূচীৰ (Kunming-Montreal Global Biodiversity Framework, KMGBF) ২৩টা বিশ্বজনীন লক্ষ্যৰ সৈতে স্থানীয় তৃণমূল পৰ্যায় আৰু সম্প্ৰদায় পৰ্যায়ৰ পদক্ষেপসমূহক সংযোগ কৰা, যাতে জৈৱ-বৈচিত্ৰ্যৰ ক্ষতি বন্ধ কৰিব পাৰি আৰু জৈৱ-বৈচিত্ৰ্য ধ্বংসক পুনৰুদ্ধাৰ কৰিব পাৰি ।
India reiterates commitment to Biodiversity Conservation and Community-led action on #IDB2026, themed ‘Acting Locally for Global Impact’.
— PIB | MoEFCC (@EnvironmentPib) May 22, 2026
Sh. @byadavbjp highlights role of Local Action, ABS f/w & Community Participation in #Biodiversity Conservation.
📝 https://t.co/X6DY947rvB pic.twitter.com/g2db9ihr58
ভাৰতত জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন
সমগ্ৰ দেশৰ লগতে ভাৰততো শুকুৰবাৰে আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন কৰা হৈছে । এই উপলক্ষে ভাৰত চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়।
এই কাৰ্যসূচীত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী ভূপেন্দৰ যাদৱে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ সৈতে সভাপতিত্ব কৰে । ভূপালৰ ভাৰতীয় বন ব্যৱস্থাপনা প্ৰতিষ্ঠানত (Indian Institute of Forest Management, IIFM) অনুষ্ঠিত আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস, ২০২৬ৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত চিতাৰ সংৰক্ষণ সম্পৰ্কীয় এক অনুষ্ঠান অনুষ্ঠিত হয় । জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু পৰিৱেশ পুনৰুদ্ধাৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক দোহাৰি ‘বিশ্বজনীন প্ৰভাৱৰ বাবে স্থানীয়ভাৱে কাম কৰা’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে ।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে মধ্যপ্ৰদেশ চৰকাৰ, ৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰ্য কৰ্তৃপক্ষ (এনবিএ) আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সৰ (আইবিচিএ) সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ ভিতৰত আছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিং আৰু মধ্যপ্ৰদেশৰ বন আৰু পৰিৱেশ মন্ত্ৰী দিলীপ আহিৰৱাৰ । অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, এনবিএ, আইবিচিএ, বিজ্ঞানী, বন বিষয়া, জৈৱ-বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিৰ সদস্য, গৱেষক, উদ্যোগ জগতৰ প্ৰতিনিধি, নাগৰিক সমাজৰ সংগঠন আৰু ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে ।
অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে কয় যে ‘ভাৰতৰ বাঘ ৰাজ্য’ হিচাপে বহুলভাৱে স্বীকৃতিপ্ৰাপ্ত মধ্যপ্ৰদেশে দেশৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁ ৰাজ্যখনৰ চহকী পাৰিৱেশিক বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰি কয় যে ই অৰণ্য, জলাশয় আৰু নদীৰ পৰিৱেশতন্ত্ৰকে ধৰি জীৱিকা আৰু পৰিৱেশক নিৰাপত্তা প্ৰদানত সহায় কৰে ।
ভাৰতৰ সংৰক্ষণ যাত্ৰাৰ এক উল্লেখযোগ্য কৃতিত্ব আৰু পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্য পুনৰুদ্ধাৰৰ প্ৰতীক হিচাপে মধ্যপ্ৰদেশত চিতাৰ পুনৰ সংস্থাপনৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । চিতা প্ৰকল্পই বাসস্থান সংৰক্ষণ, বৈজ্ঞানিক বন্যপ্ৰাণী ব্যৱস্থাপনা আৰু সংৰক্ষণ প্ৰচেষ্টাত সম্প্ৰদায়ৰ অংশগ্ৰহণ শক্তিশালী কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে ।
ডঃ যাদৱে লগতে দৃঢ়তাৰে কয় যে মধ্যপ্ৰদেশে জৈৱ-বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিৰ জৰিয়তে জৈৱ-বৈচিত্ৰ্য প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে আৰু জনসাধাৰণৰ জৈৱ-বৈচিত্ৰ্য পঞ্জী প্ৰস্তুত কৰিছে । ইয়াৰ ফলত স্থানীয় জনগোষ্ঠীসমূহক পৰম্পৰাগত জ্ঞান আৰু জৈৱ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত শক্তিশালী কৰা হৈছে ।
আনহাতে, নিজৰ ভাষণ প্ৰসংগত ভূপেন্দৰ যাদৱে কয় যে ২০২৬ চনৰ আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱসৰ ‘বিশ্বজনীন প্ৰভাৱৰ বাবে স্থানীয়ভাৱে কাম কৰা’ বিষয়বস্তুৱে পৰিৱেশ বহনক্ষমতা আৰু পৰিৱেশ সুৰক্ষা লাভৰ বাবে সম্প্ৰদায় আৰু স্থানীয় প্ৰতিষ্ঠানসমূহক সবলীকৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । তেওঁ লগতে স্থানীয় কাৰ্য বৃদ্ধি কৰা, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু বহনক্ষম জীৱনশৈলীৰ জৰিয়তেহে অৰ্থপূৰ্ণ বিশ্বজনীন ফলাফলৰ উন্মেষ ঘটিব পাৰে বুলি উল্লেখ কৰে ।
মন্ত্ৰীগৰাকীয়ে ভাৰতৰ চহকী জৈৱ-বৈচিত্ৰ্য ঐতিহ্য আৰু পৰম্পৰাগত পৰিৱেশ জ্ঞান ব্যৱস্থাৰ ওপৰতো আলোকপাত কৰি বিশ্বৰ অন্যতম বহু-বৈচিত্ৰ্যৰ দেশ হিচাপে ভাৰতৰ হিমালয় আৰু বনাঞ্চলৰ পৰা আৰম্ভ কৰি জলাশয়, ঘাঁহনি, মৰুভূমি, উপকূলীয় আৰু সামুদ্ৰিক পৰিৱেশতন্ত্ৰলৈকে বৈচিত্ৰ্যময় পৰিৱেশতন্ত্ৰ আছে বুলি উল্লেখ কৰে ।
যাদৱে জৈৱ-বৈচিত্ৰ্য চুক্তি আৰু 'কুনমিং-মণ্ট্ৰিয়েল গ্ল’বেল বায়’ডাইভাৰ্ছিটী ফ্ৰেমৱৰ্ক' ৰূপায়ণৰ দিশত ভাৰতৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে । তেওঁ কয় যে জৈৱ-বৈচিত্ৰ্য আইন, ২০০২ৰ দ্বাৰা ৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰ্য কৰ্তৃপক্ষ, ৰাজ্যিক জৈৱ-বৈচিত্ৰ্য পৰিষদ আৰু জৈৱ-বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিৰ জৰিয়তে এক শক্তিশালী বিকেন্দ্ৰীকৃত প্ৰতিষ্ঠানিক আন্তঃগাঁথনি স্থাপন কৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে শেহতীয়াকৈ জৈৱ-বৈচিত্ৰ্য আইন, নিয়ম-নীতিৰ সংশোধনে উদ্যোগসমূহৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰিছে আৰু ব্যৱসায় কৰাত সহজ পৰিৱেশ প্ৰদান কৰিছে । ইয়াৰ ফলত স্থানীয় জনগোষ্ঠীসমূহে উদ্যোগসমূহৰ পৰা যথাযথ সুবিধা লাভ কৰিছে । উপলব্ধতা আৰু সুবিধা বিনিময় (এবিএছ) ব্যৱস্থাৰ অধীনত লাভ কৰা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশৰ হিতাধিকাৰীসকলৰ বাবে প্ৰায় ১৪৫ কোটি টকা মুকলি কৰি দিয়া হৈছে । ইয়াৰ ফলত প্ৰায় ১১,০০০ জৈৱ-বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতি উপকৃত হৈছে । মন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীক এবিএছৰ সুবিধাসমূহ হস্তান্তৰ কৰি গাঁও পৰ্যায়ৰ বিএমচিসমূহক সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনায় । ইয়াৰ ফলত তেওঁলোকে মিছন মোডত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ দিশত কাম কৰিবলৈ ক্ৰমান্বয়ে ক্ষমতা লাভ কৰিব বুলি উল্লেখ কৰে ।
যাদৱে উল্লেখ কৰে যে ২০২২ চনত বিশ্বৰ প্ৰথমটো আন্তঃমহাদেশীয় স্থানান্তৰৰ জৰিয়তে এটা বৃহৎ মাংসভোজী প্ৰাণীৰ বাবে আৰম্ভ কৰা চিতা প্ৰকল্পই পৰিৱেশ পুনৰুদ্ধাৰ, জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু ঘাঁহনিৰ পৰিৱেশতন্ত্ৰৰ পুনৰুজ্জীৱিত কৰাৰ প্ৰতি ভাৰতৰ দৃঢ়তাপূৰ্ণ দায়বদ্ধতাক প্ৰতিফলিত কৰে । তেওঁ উল্লেখ কৰে যে ভাৰতত চিতাৰ সফল অভিযোজন আৰু প্ৰজননে দীৰ্ঘম্যাদী প্ৰজাতি পুনৰুদ্ধাৰ আৰু বাসস্থান পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত উৎসাহজনক অগ্ৰগতিক দৰ্শাইছে ।

অনুষ্ঠানত ভাষণ দি কীৰ্তি বৰ্ধন সিঙে কয় যে খাদ্য সুৰক্ষা, জল সুৰক্ষা, জীৱিকা, জলবায়ু স্থিতিস্থাপকতা আৰু বহনক্ষম উন্নয়নৰ সৈতে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ অন্তৰ্নিহিতভাৱে জড়িত । তেওঁ পৰিৱেশৰ বাবে জীৱনশৈলীৰ বিশ্বজনীন আন্দোলনকে ধৰি ভাৰতৰ পৰম্পৰাগত পৰিৱেশ প্ৰজ্ঞা আৰু বহনক্ষম জীৱনশৈলীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । জৈৱ-বৈচিত্ৰ্যৰ ওপৰত হোৱা আলোচনাই সকলো পৰিৱেশ সুৰক্ষা কাৰ্যৰ মূল শিলাস্তম্ভ গঠন কৰে বুলিও তেওঁ কয় ।
এই অনুষ্ঠানত জৈৱ-বৈচিত্ৰ্যৰ পৰিচালনা, পৰিৱেশ পুনৰুদ্ধাৰ, বহনক্ষম উৎস আৰু সংৰক্ষণ অংশীদাৰিত্বৰ প্ৰসাৰৰ ক্ষেত্ৰত উদ্যোগ, শৈক্ষিক প্ৰতিষ্ঠান, সংৰক্ষণ সংস্থা আৰু স্থানীয় জনগোষ্ঠীৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰা হয় ।
এই উপলক্ষে তলত উল্লেখ কৰা প্ৰকাশন, পদক্ষেপ আৰু ছবিসমূহ মুকলি কৰা হয়
- নিজৰ পছন্দৰ বিশেষ ডাকটিকট (Customised MyStamp)
- ভাৰতৰ জৈৱ-বৈচিত্ৰ্য প্ৰতিবেদন ২০২৬: চিবিডিলৈ সপ্তম ৰাষ্ট্ৰীয় প্ৰতিবেদনৰ পৰা অন্তৰ্দৃষ্টি (India’s Biodiversity Report 2026: Insights from the 7th National Report to CBD)
- এবিএছ ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি: নাগোৱা প্ৰট’কলৰ ওপৰত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় প্ৰতিবেদনৰ পৰা অন্তৰ্দৃষ্টি ( India’s Progress in Implementing ABS: Insights from India’s First National Report on the Nagoya Protocol)
- এবিএছ এণ্ড-টু-এণ্ড পৰ্টেল (ABS End-to-End Portal)
- উপলব্ধতা আৰু সুবিধা বিনিময়ৰ ওপৰত চলচ্চিত্ৰ
- অমৰকণ্টক জৈৱ-বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ ওপৰত চলচ্চিত্ৰ
- মধ্যপ্ৰদেশৰ দেৱলোক ভান (পবিত্ৰ উপবন) সংৰক্ষণৰ ওপৰত চলচ্চিত্ৰ
অনুষ্ঠানৰ ছায়া কাৰ্যসূচী অনুসৰি ৰাজ্যিক জৈৱ-বৈচিত্ৰ্য পৰিষদ, জৈৱ-বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতি (বিএমচি) আৰু বিভিন্ন সংশ্লিষ্ট বিভাগে বিষয়ভিত্তিক প্ৰদৰ্শনীৰ জৰিয়তে নিজৰ কৃতিত্ব, উদ্ভাৱনী পদক্ষেপ আৰু জৈৱ-বৈচিত্ৰ্য ভিত্তিক সামগ্ৰী প্ৰদৰ্শন কৰে । আনহাতে, আইআইএফএমত বিশিষ্ট ব্যক্তিসকলে ৰাজ্যিক বন বিভাগৰ ২০ খন বাইক আৰু এখন উদ্ধাৰকাৰী ট্ৰাকৰো ফ্লেগ-অফ কৰে ।

