ETV Bharat / bharat

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণক গভীৰ উদ্বেগৰ বিষয় আখ্যা ভাৰতৰ, শান্তিৰ বাবে আলোচনাৰ পোষকতা

কাৰাকাছত থকা ভাৰতীয়সকলৰ সৈতে যোগাযোগত আছে ভাৰতীয় দূতাবাস আৰু ইয়ে সকলো ধৰণৰ সহায় আগবঢ়াই যাব । এই আশ্বাস বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৷

US ATTACK ON VENEZUELA
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো (AFP)
author img

By ETV Bharat Assamese Team

Published : January 4, 2026 at 10:12 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতে ভেনিজুৱেলাৰ পৰিস্থিতিক লৈ দেওবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে । আমেৰিকাই তেলত চহকী দক্ষিণ আমেৰিকাৰ দেশখন আক্ৰমণ কৰি সামৰিক অভিযানত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰাৰ এদিন পিছতে ভাৰতে এই উদ্বেগ প্ৰকাশ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতি গভীৰ উদ্বেগৰ বিষয় বুলি দাবী কৰাৰ লগতে কয় যে আমেৰিকাই তেল সমৃদ্ধ দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক বন্দী কৰাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত কেন্দ্ৰই তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

মন্ত্ৰালয়ে ভেনিজুৱেলাৰ জনসাধাৰণৰ সুৰক্ষা আৰু মংগলৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি এই সমস্যাসমূহ সমাধানৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ আহ্বান জনায় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত এনেদৰে কোৱা হৈছে, ‘‘ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতি গভীৰ উদ্বেগৰ বিষয় । আমি পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো ।’’

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰ কয়, ‘‘ভাৰতে ভেনিজুৱেলাৰ জনসাধাৰণৰ মংগল আৰু সুৰক্ষাৰ প্ৰতি সমৰ্থন পুনৰ নিশ্চিত কৰিছে । আমি সংশ্লিষ্ট সকলো পক্ষক আহ্বান জনাইছো যে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰিবলৈ আলোচনাৰ জৰিয়তে সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰক ।’’

‘‘কাৰাকাছত থকা ভাৰতীয় দূতাবাস ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে যোগাযোগত আছে আৰু সকলো সম্ভৱপৰ সহায় আগবঢ়াই যাব’’ - বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে ৷

ইয়াৰ পূৰ্বে শনিবাৰে মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিছিল ।

ভেনিজুৱেলাত থকা ভাৰতীয়সকলক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ, কাৰাকাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবলৈ আৰু সহায়ৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ শ্বেয়াৰ কৰিবলৈ বিবৃতিটোত আহ্বান জনোৱা হৈছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰাত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাই সামৰিক আক্ৰমণ চলাইছিল । মাদুৰোৱে বাৰে বাৰে এই অভিযোগসমূহ নস্যাৎ কৰি আহিছে ৷ আমেৰিকাৰ সেনাই মাদুৰো আৰু তেওঁৰ পত্নীক নিউয়ৰ্কলৈ বন্দী কৰি লৈ যায় । আমেৰিকাৰ এই অভিযানৰ পিছতে ভেনিজুৱেলাই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

লগতে পঢ়ক: ভেনিজুৱেলালৈ নাযাব, থকাসকলো সাৱধানে থাকক... ভাৰতীয় লোকলৈ সতৰ্কতা জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ