উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই বিশ্বজুৰি ১৫ শতাংশ শুল্ক ঘোষণা ট্ৰাম্পৰ
১৫০ দিনৰ বাবে ভাৰতকে ধৰি সকলো দেশৰ ওপৰত ১৫ শতাংশ শুল্ক আৰোপ ট্ৰাম্পৰ ।

Published : February 22, 2026 at 3:02 PM IST
নতুন দিল্লী : উচ্চতম ন্যায়ালয়ৰ ৰায়কো কেৰেপ নকৰে ড'নাল্ড ট্ৰাম্পে । অতিৰিক্ত শুল্কৰ বিৰুদ্ধে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পিছতো ট্ৰাম্পে বৃদ্ধি কৰিলে শুল্ক ! উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক 'হাস্যকৰ আৰু আমেৰিকা বিৰোধী' বুলি অভিহিত কৰি ট্ৰাম্পে সকলো দেশৰ ওপৰত শুল্ক ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ।
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত শুকুৰবাৰে ট্ৰাম্পে ২৪ ফেব্ৰুৱাৰীৰ পৰা ১৫০ দিনৰ বাবে ভাৰতকে ধৰি সকলো দেশৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছিল । কিন্তু শনিবাৰে তেওঁ সেই শুল্ক ১৫ শতাংশলৈ বৃদ্ধি কৰে । অৰ্থাৎ ভাৰতে এতিয়া ১৫ শতাংশ শুল্কৰ সন্মুখীন হ'ব । অৱশ্যে ১৮ শতাংশৰ পৰা এই শুল্ক হ্ৰাস পাইছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ দেশসমূহৰ ওপৰত শুল্কৰ হাৰ ১০ শতাংশৰ পৰা আইনীভাৱে পৰীক্ষা কৰি ১৫ শতাংশলৈ বৃদ্ধি কৰিছে, যি তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব ।
ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে শুকুৰবাৰৰ ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ কয়, "আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে কালি বহু মাহৰ চিন্তা-চৰ্চাৰ অন্তত শুল্ক সম্পৰ্কে জাৰি কৰা হাস্যকৰ, আমেৰিকা বিৰোধী সিদ্ধান্তৰ সম্পূৰ্ণ আৰু বিশদ পৰ্যালোচনাৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে ।"
Based on a thorough, detailed, and complete review of the ridiculous, poorly written, and extraordinarily anti-American decision on Tariffs issued yesterday, after MANY months of contemplation, by the United States Supreme Court, please let this statement serve to represent that…
— Commentary: Trump Truth Social Posts On X (@TrumpTruthOnX) February 21, 2026
তেওঁ লগতে কয়, "অহা কিছু মাহৰ ভিতৰত ট্ৰাম্প প্ৰশাসনে নতুন আৰু আইনগতভাৱে অনুমোদিত শুল্ক নিৰ্ধাৰণ আৰু জাৰি কৰিব, যিয়ে আমাৰ অসাধাৰণভাৱে সফল প্ৰক্ৰিয়া 'মেকিং আমেৰিকা গ্ৰেট এগেইন' অব্যাহত ৰাখিব ।"
২০ ফেব্ৰুৱাৰীত 'Imposing a Temporary Import Surcharge to Address Fundamental International Payments Problems' শীৰ্ষক ঘোষণাত ট্ৰাম্পে কয় যে তেওঁ ১৫০ দিনৰ বাবে আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত '১০ শতাংশ এড ভেল'ৰেমৰ অস্থায়ী আমদানি চাৰ্চাৰ্জ' আৰোপ কৰিছে, যিটো ২৪ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব ।
উল্লেখ্য যে ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যসূচীত এক বৃহৎ বিপৰ্যয়ৰ ৰূপত শুকুৰবাৰে মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে এক ৰায়দানত কয় যে ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা শুল্ক অবৈধ আৰু ৰাষ্ট্ৰপতিয়ে ব্যাপক শুল্ক আৰোপ কৰাৰ সময়ত তেওঁৰ কৰ্তৃত্ব অতিক্ৰম কৰিছে ।
ইয়াৰ উপৰিও হোৱাইট হাউছে জাৰি কৰা তথ্য পত্ৰত কোৱা হৈছে যে ট্ৰাম্পে ১৯৭৪ চনৰ বাণিজ্য আইনখনৰ ১২২ নং ধাৰাত নিজৰ কৰ্তৃত্ব প্ৰয়োগ কৰিছে, যিয়ে ৰাষ্ট্ৰপতিক ছাৰ্চাৰ্জেছ আৰু অন্যান্য বিশেষ আমদানি নিষেধাজ্ঞাৰ জৰিয়তে কিছুমান মৌলিক আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট সমস্যা সমাধান কৰাৰ ক্ষমতা প্ৰদান কৰে । তথ্য পত্ৰখনত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ অৰ্থনীতিৰ প্ৰয়োজনীয়তাৰ বাবে কিছুমান সামগ্ৰীৰ ওপৰত অস্থায়ী আমদানি শুল্ক আৰোপ কৰা নহ'ব ।
ৰায়দানৰ মাত্ৰ কেইঘণ্টামান পিছতে শুকুৰবাৰে হোৱাইট হাউছত সাংবাদিকৰ আগত তেওঁ কয় যে শুল্ক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান গভীৰভাৱে হতাশাজনক, আৰু আদালতৰ কিছুমান সদস্যক লৈ মই লাজ পাইছো, আমাৰ দেশৰ বাবে যিটো উচিত সেইটো কৰাৰ সাহস নোহোৱাৰ বাবে একেবাৰে লাজ পাইছো ।
ইফালে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিত কোনো পৰিৱৰ্তন হোৱা নাই বুলিও কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ।
ট্ৰাম্পে কয়, "একোৱেই সলনি নহয় । তেওঁলোকে (ভাৰত) শুল্ক পৰিশোধ কৰিব আৰু আমি শুল্ক নিদিওঁ । গতিকে ভাৰতৰ সৈতে চুক্তি কৰিলেও তেওঁলোকে শুল্ক দিব । এইটো আগতে যি আছিল তাৰ বিপৰীত...গতিকে আমি ভাৰতৰ সৈতে চুক্তি কৰিলো । এতিয়া ই এক ন্যায্য চুক্তি আৰু আমি তেওঁলোকক শুল্ক দিয়া নাই আৰু তেওঁলোকে শুল্ক দি আছে । আমি অলপ ফ্লিপ কৰিলো ।"
আগষ্ট মাহত আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল । পিছত ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ বাবে অতিৰিক্ত ২৫ শতাংশ আৰোপ কৰা হয়, যাৰ ফলত ভাৰতৰ ওপৰত মুঠ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি পায় । চলিত মাহৰ আৰম্ভণিতে দুয়োখন দেশেই অন্তৱৰ্তীকালীন বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ সন্মত হৈছিল, যাৰ অধীনত ৱাশ্বিংটনে শুল্ক ১৮ শতাংশলৈ হ্ৰাস কৰিবলৈ সন্মত হৈছিল ।
ইফালে শনিবাৰে কংগ্ৰেছে চৰকাৰক অন্তৰ্ৱৰ্তীকালীন বাণিজ্য চুক্তি স্থগিত ৰাখি চুক্তিৰ চৰ্তসমূহৰ ওপৰত পুনৰ আলোচনা কৰিবলৈ দাবী জনায় । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে পুনৰ আলোচনাৰ সময়ত ভাৰতীয় কৃষকৰ স্বাৰ্থ যাতে সম্পূৰ্ণৰূপে সুৰক্ষিত হয় সেয়াও নিশ্চিত কৰিব লাগিব বুলি মন্তব্য কৰে । ২০২১-২৫ চনৰ ভিতৰত আমেৰিকা ভাৰতৰ সামগ্ৰীৰ সৰ্ববৃহৎ ব্যৱসায়িক অংশীদাৰ আছিল ।
ভাৰতৰ মুঠ ৰপ্তানিৰ প্ৰায় ১৮ শতাংশ, আমদানিৰ ৬.২২ শতাংশ আৰু দ্বিপাক্ষিক বাণিজ্যত ১০.৭৩ শতাংশ আমেৰিকাই লাভ কৰে । ২০২৪-২৫ চনত দ্বিপাক্ষিক বাণিজ্যই ১৮৬ বিলিয়ন মাৰ্কিন ডলাৰ (৮৬.৫ বিলিয়ন মাৰ্কিন ডলাৰ ৰপ্তানি আৰু ৪৫.৩ বিলিয়ন মাৰ্কিন আমদানি) স্পৰ্শ কৰিছিল ।
লগতে পঢ়ক :ভাৰতৰ ওপৰত ১৮% লৈ শুল্ক হ্ৰাস আমেৰিকাৰ, মোদী-ট্ৰাম্পৰ আলোচনাত চুক্তি

