কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে ভাৰত-নেডাৰলেণ্ডৰ মাজত ১৭ খন চুক্তি স্বাক্ষৰ
কেইবাখনো দেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইখন দেশ ভ্ৰমণ কৰাৰ পৰিকল্পনাৰে সম্প্ৰতি ইউৰোপ ভ্ৰমণত ব্যস্ত আছে ৷

Published : May 17, 2026 at 6:52 PM IST
নতুন দিল্লী: সংযুক্ত আৰৱ আমিৰশ্বাহীৰ যাত্ৰা সামৰি নেডাৰলেণ্ডত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কেইবাখনো দেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইখন দেশ ভ্ৰমণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি বিদেশ ভ্ৰমণত ব্যস্ত আছে ৷
এই সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ মাজত হোৱা বৈঠকৰ পিছত দুয়োখন দেশে প্ৰতিৰক্ষা, খনিজ আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ১৭ খন চুক্তি স্বাক্ষৰ কৰে ।
শনিবাৰে দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ সংকটৰ বিষয়ে বৈঠকত আলোচনা কৰি হৰমুজ জলদ্বীপ বন্ধ কৰাৰ ফলত শক্তি যোগান আৰু বাণিজ্যত পৰা ব্যাপক প্ৰভাৱক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁলোকে যিকোনো ধৰণৰ নিষেধাজ্ঞামূলক ব্যৱস্থাৰ বিৰোধিতা কৰাৰ লগতে বিষয়টোক লৈ চলি থকা পদক্ষেপসমূহৰ প্ৰতি পুনৰবাৰ সমৰ্থন প্ৰকাশ কৰে ৷ এই কথা দুয়োখন দেশৰ যুটীয়া বিবৃতিত প্ৰকাশ পাইছে ।
Versterking van samenwerking in futuristische sectoren!
— Narendra Modi (@narendramodi) May 16, 2026
Premier Rob Jetten en ik waren getuige van de ondertekening van de MoU tussen Tata en ASML voor de verdere ontwikkeling van het ecosysteem voor de productie van halfgeleiders in India.
ASML zal de oprichting en… pic.twitter.com/kSoPGNWhxq
২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা যৌথ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে চলোৱা আক্ৰমণৰ ফলত বিশ্বৰ শক্তি যোগান ব্যৱস্থাত যথেষ্ট ব্যাঘাত জন্মিছে । ৰাছিয়াৰ সৈতে চলি থকা সংঘাতৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা ইউক্ৰেইনৰ পৰিস্থিতি আৰু স্থানীয় নিৰাপত্তাজনিত পৰিস্থিতিৰ বিষয়টোক লৈও মোদী আৰু জেটেনৰ বৈঠকত চৰ্চা চলে ৷
শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে পৰিৱৰ্তিত বিশ্বৰ ভূ-ৰাজনীতিৰ মাজতে জেটেনৰ সৈতে বিস্তৃত আলোচনাৰ অন্তত ভাৰত আৰু নেডাৰলেণ্ডে নিজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে ।
Prime Minister Rob Jetten and I joined the CEO Roundtable on Economic Ties in The Hague. The CEOs talked about their investments in India across diverse sectors.
— Narendra Modi (@narendramodi) May 16, 2026
In my remarks, highlighted India’s reform trajectory and emphasis on futuristic sectors. Invited companies to deepen… pic.twitter.com/YdcA8fy9XM
এই বৈঠকৰ পিছত দিয়া মুকলি ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘বিগত এটা দশকত ভাৰত-নেডাৰলেণ্ডৰ সম্পৰ্কই যথেষ্ট অগ্ৰগতি লাভ কৰিছে । ইউৰোপৰ ভিতৰতে নেডাৰলেণ্ড ভাৰতৰ অন্যতম বৃহৎ বাণিজ্যিক দেশ ৷ ২০২৪-২৫ চনত এই দ্বিপাক্ষিক বাণিজ্য ২৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ আশা কৰা হৈছিল । এইখন ইউৰোপীয় দেশ ভাৰতৰ চতুৰ্থ বৃহত্তম বিনিয়োগকাৰী দেশ হিচাপে পৰিচিত, যাৰ পোনপটীয়াকৈ কৰা বিদেশী বিনিয়োগৰ পৰিমাণ মুঠ ৫৫.৬ বিলিয়ন মাৰ্কিন ডলাৰ ।’’
উল্লেখ্য যে, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ দ্বি-পাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে চাৰিখন ইউৰোপীয় দেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে হেগ ভ্ৰমণৰ জৰিয়তে এই কাৰ্যসূচীৰ আৰম্ভণি কৰে ৷
এই বৈঠকৰ জৰিয়তেই ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ওপৰতো আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো খণ্ডতে নেডাৰলেণ্ডৰ বিশেষজ্ঞতা আৰু ভাৰতৰ অগ্ৰগতি আৰু দক্ষতাক একত্ৰিত কৰাৰ পৰামৰ্শ আগবঢ়ায় ।
Economic cooperation is a key pillar of the India-Netherlands friendship. The India-EU FTA offers infinite possibilities. There is immense scope to work together in fintech, critical minerals, semiconductors, green hydrogen and AI. We also discussed ways to enhance cultural… pic.twitter.com/AEskHlVIgz
— Narendra Modi (@narendramodi) May 16, 2026
বৈঠকৰ শেষত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমি উদ্ভাৱন, বিনিয়োগ, বহনক্ষমতা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাটো প্ৰয়োজন । এই দৃষ্টিভংগীৰ জৰিয়তে আমি ভাৰত-নেডাৰলেণ্ডৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছোঁ ।’’
ভাষণত জেটেনে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰি এই সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে । দ্বি-পাক্ষিক আলোচনাৰ পূৰ্বে জেটেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে শক্তি, বন্দৰ, স্বাস্থ্যসেৱা, কৃষি ব্যৱসায় আৰু প্ৰযুক্তিৰ দৰে বিভিন্ন খণ্ডৰ আগশাৰীৰ ডাচ্চ কোম্পানীসমূহৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতলৈ আহি সামুদ্ৰিক খণ্ড, নবীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি, ছেমি কণ্ডাক্টৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বাস্থ্যসেৱা খণ্ডত সুযোগ সৃষ্টি কৰিবলৈ দেশখনৰ কোম্পানীসমূহক আমন্ত্ৰণ জনায় । তেওঁ লগতে কয় যে ভাৰতৰ উৎপাদন খণ্ড অতি ব্যয়বহুল হৈ পৰিছে আৰু সেৱাখণ্ডত ই দক্ষতা আৰু উদ্ভাৱনৰ ইঞ্জিন হৈ পৰিছে ।
— Randhir Jaiswal (@MEAIndia) May 16, 2026
নেডাৰলেণ্ডৰ আগশাৰীৰ উদ্যোগপতি-ব্যৱসায়ীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমি আপোনালোক সকলোকে ভাৰতত নিৰ্মাণশৈলী আৰু উদ্ভাৱন কৰিবলৈ আমন্ত্ৰণ জনাইছো । ইয়াৰ বাবে আজিৰ সময়তকৈ আৰু ভাল সময় হ’ব নোৱাৰে ।’’ তেওঁ লগতে কয়, "আজিৰ ভাৰত বিশালতা আৰু স্থিৰতাৰ প্ৰতীক । বিশালতাৰ উপৰিও আমি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি আৰু বিশ্বৰ সৰ্ববৃহৎ প্ৰতিভাৰ মঞ্চত পৰিণত হৈছোঁ । সেয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, শক্তিৰ ক্ষেত্ৰতে হওক অথবা সংযোগৰ ক্ষেত্ৰতে হওক - ভাৰতৰ অগ্ৰগতিৰ সৈতে বিশ্বৰ কোনোৱেই তুলনা কৰিব নোৱাৰে ।’’
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘‘স্থিতিশীলতাৰ বিষয়ত মই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰ সম্পূৰ্ণ কৰিছোঁ । এই ১২ বছৰত স্থায়ী সংস্কাৰৰ জৰিয়তে আমি আমাৰ অৰ্থনৈতিক পৰিৱেশ সলনি কৰিছোঁ । ব্যক্তিগত খণ্ডক নীতিগত ভৱিষ্যদ্বাণী যোগ্যতা প্ৰদান কৰা আৰু তেওঁলোকৰ বাবে সুযোগ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত আমাৰ নীতি স্পষ্ট হৈ পৰিছে ৷’’
‘‘আমাৰ চৰকাৰে মহাকাশ হওক, খনি হওক বা পাৰমাণৱিক শক্তি হওক প্ৰতিটো খণ্ডই ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিছে’’ বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে । দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি আগতীয়াকৈ কাৰ্যকৰী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
(পিটিআইৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যুগুত কৰা প্ৰতিবেদন)
লগতে পঢ়ক: ভাৰত, নেডাৰলেণ্ডৰ সম্পৰ্ক বৰ্তমান অংশীদাৰিত্ব পৰ্যায়লৈ উন্নীত হৈছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

