নাটকৰ বাবে বহু ঠাই আছে, ইয়াত ডেলিভাৰীৰ প্ৰয়োজন : সংসদৰ অধিৱেশনৰ পূৰ্বে বিৰোধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন ৷ অধিৱেশনৰ পূৰ্বে সংসদ ভৱনৰ হান্স গেটত সংবাদ মাধ্যমৰ প্ৰতিনিধিক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

Published : December 1, 2025 at 11:02 AM IST
|Updated : December 1, 2025 at 12:13 PM IST
হায়দৰাবাদ : সংসদৰ শীতকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ সোমবাৰে পুৱা ১০ বজাত সংসদ ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংসদত উপস্থিত হোৱাৰ পাছতেই অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ তেওঁ কয় যে ৰাজনৈতিক দলসমূহে ‘নাটকতকৈ ডেলিভাৰী’ক অগ্ৰাধিকাৰ দিব লাগে ।
প্ৰধানমন্ত্ৰী মোদীয়ে সদস্যসকলক বিশেষকৈ বিৰোধী দলৰ সদস্যসকলক থিয়েটাৰত নহয়, ফলাফলৰ ওপৰত গুৰুত্ব দি সংসদীয় আচৰণ মানি চলিবলৈ আহ্বান জনায় । শেহতীয়া সংসদ অধিৱেশনত দুয়োটা সদনত হুলস্থুলৰ পটভূমিত বিৰোধী দললৈ পোনপটীয়া বাৰ্তা যোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নাটক নাহি, ডেলিভাৰী হনি চাহিয়ে ।
Speaking at the start of the Winter Session of Parliament. May the session witness productive discussions. https://t.co/7e6UuclIoz
— Narendra Modi (@narendramodi) December 1, 2025
গণতন্ত্ৰই যে যোগান ধৰিব পাৰে, সেই কথা ভাৰতে বিশ্ববাসীক প্ৰমাণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চলিত অধিৱেশনত সংসদে কি চিন্তা কৰিছে, কি কৰিব বিচাৰে, দেশৰ বাবে কি কৰিবলৈ ওলাইছে সেই বিষয়ে আলোচনা কৰা হৈছে ।
তেওঁ কয়, "এই শীতকালীন অধিৱেশন কেৱল আনুষ্ঠানিকতা নহয়; ই উন্নয়নৰ অগ্ৰগতিক শক্তিশালী কৰিব । শেহতীয়া বিহাৰ নিৰ্বাচনত দেখা পোৱা ভোটদানৰ ধৰণেও নতুন আশা আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰিছে । বিশ্বই গণতান্ত্ৰিক ব্যৱস্থাত অৰ্থনীতিৰ শক্তি দেখিবলৈ পাইছে ।"
বিৰোধীক উপহাস কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বিৰোধীয়েও নিজৰ দায়িত্ব পালন কৰিব লাগে । কিছুমান দল আছে যিয়ে পৰাজয়ও হজম কৰিব নোৱাৰে । পৰাজয়ে তেওঁলোকক হতাশ কৰিছে ।"
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "সদনলৈ নতুনকৈ নিৰ্বাচিত হোৱা বা কম বয়সীয়াসকলে নিজৰ অঞ্চলৰ সমস্যা প্ৰকাশ কৰাৰ সুযোগ পোৱা নাই । ইয়াত বাধা আৰোপ কৰা হৈছে । দল যিয়েই নহওক কিয়, প্ৰথমবাৰৰ বাবে সাংসদ হোৱাসকলক সুযোগ দিয়া উচিত । আমি নাটক সৃষ্টি কৰাৰ পৰিৱৰ্তে এইবোৰ কথা গুৰুত্বসহকাৰে লোৱা উচিত । ইয়াৰ বাবে বহু ঠাই আছে; এই ঠাইখন ডেলিভাৰীৰ বাবে ।"
তেওঁ জোৰ দি কয় যে সংসদে উদ্দেশ্য আৰু গুৰুত্বসহকাৰে কাম কৰিব লাগিব । “এই অধিৱেশনত এই সংসদে দেশৰ বিষয়ে কি ভাবে, দেশৰ বাবে কি কৰিব বিচাৰে, এই বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগে । বিৰোধীয়েও নিজৰ দায়িত্ব পালন কৰিব লাগে । এনে বিষয়, শক্তিশালী বিষয় উত্থাপন কৰিব লাগে । পৰাজয়ৰ হতাশা দূৰ কৰিব লাগে ।” প্ৰধানমন্ত্ৰীয়ে কয় ৷
উল্লেখ্য যে, ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ চলিবলগীয়া শীতকালীন অধিৱেশনত ১৫খন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । বৈঠকত গুৰুত্বপূৰ্ণ পাৰমাণৱিক শক্তি বিল ২০২৫, আৰু ভাৰতীয় উচ্চ শিক্ষা আয়োগৰ বিধেয়ককে ধৰি কমেও ১০টা খচৰা আইন কাৰ্যসূচীত আছে । ৰাষ্ট্ৰীয় নিৰাপত্তা (দিল্লী বোমা বিস্ফোৰণৰ পটভূমি), বায়ু প্ৰদূষণ, ভোট চুৰিৰ অভিযোগ, এছ আই আৰ আদি বিষয়ত বিৰোধীয়ে চৰকাৰক ঘেৰাও কৰাৰ সম্ভাৱনা আছে ।

