ETV Bharat / bharat

ভাৰতত পৰ্যাপ্ত ইন্ধন আছে, আতংকিত হোৱাৰ প্ৰয়োজন নাই : প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ পিছত তেল কোম্পানীৰ আশ্বাস

পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল, ডিজেল আৰু এল পি জি মজুত থকাৰ আশ্বাস প্ৰদান কৰিছে ৷

WEST ASIA CRISIS
ইন্ধনৰ নাটনিৰ উৰাবাতৰিৰ মাজতে হায়দৰাবাদৰ পেট্ৰ’ল পাম্পত বৃহৎ সংখ্যক লোকৰ শাৰী (PTI)
author img

By ETV Bharat Assamese Team

Published : March 25, 2026 at 5:32 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: সম্প্ৰতি দেশত ইন্ধনৰ নাটনিক লৈ গুৰুতৰ সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ক’ভিডসদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ ইংগিত প্ৰদান কৰি সকলোকে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনাইছিল ৷

পশ্চিম এছিয়াৰ সংঘাত আৰু তাৰ পাছত শক্তি যোগানৰ ব্যাঘাতৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত থকাৰ আশ্বাস প্ৰদান কৰিছে ৷ পেট্ৰ’ল, ডিজেল বা এল পি জি সম্পৰ্কীয় যিকোনো নাটনি সংক্ৰান্তীয় উৰাবাতৰি কোম্পানীসমূহে নস্যাৎ কৰিছে ।

দেশৰ সৰ্ববৃহৎ তেল প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বনে(আই অ’ চি) সামাজিক মাধ্যম এক্সত এনেদৰে লিখিছে, ‘‘পেট্ৰ’ল বা ডিজেলৰ অভাৱ হোৱা নাই । অনলাইনৰ মাধ্যমৰে প্ৰচাৰিত উৰাবাতৰিয়ে অনাহকত উদ্বেগৰ সৃষ্টি কৰিব পাৰে আৰু স্বাভাৱিক যোগানৰ প্ৰচেষ্টাত ব্যাঘাত জন্মাব পাৰে । ইণ্ডিয়ান অইলৰ বিপণিসমূহত ইন্ধন সম্পূৰ্ণৰূপে মজুত থকাৰ লগতে তেওঁলোক সম্পূৰ্ণ কাৰ্যক্ষম ।’’

কোম্পানীটোৱে আতংকিত নহৈ কেৱল পৰীক্ষিত তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ সকলোকে আহ্বান জনায় । আই অ’ চিয়ে কয়, ‘‘উৰাবাতৰিয়ে অপ্ৰয়োজনীয় উদ্বেগ সৃষ্টি কৰিব পাৰে আৰু স্বাভাৱিক যোগানৰ ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে ৷’’

ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্বন লিমিটেডে নিজৰ সামাজিক মাধ্যম প্লেটফৰ্মত একেধৰণৰ বিবৃতি প্ৰকাশ কৰে । বিবৃতিটোত এনেদৰে লিখা হৈছে, ‘‘পেট্ৰ’ল আৰু ডিজেলৰ নাটনিৰ উৰাবাতৰি সম্পূৰ্ণ ভিত্তিহীন । ভাৰতত যথেষ্ট পৰিমাণৰ ইন্ধন মজুত আছে আৰু যোগান শৃংখল স্বাভাৱিকভাৱে চলি আছে ।’’

হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্বন লিমিটেডে(এইচ পি চি এল) গ্ৰাহকসকলকো আশ্বস্ত কৰে যে সমগ্ৰ দেশতে পেট্ৰ’ল, ডিজেল বা এল পি জিৰ অভাৱ হোৱা নাই ।

কোম্পানীটোৱে কয়, ‘‘প্ৰিয় গ্ৰাহকসকল, সমগ্ৰ দেশতে পেট্ৰ’ল, ডিজেল বা এল পি জিৰ অভাৱ হোৱা নাই । ইন্ধনৰ যোগান সুস্থিৰভাৱে অব্যাহত আছে আৰু পৰ্যাপ্ত পৰিমাণে ইন্ধন মজুত আছে ।’’ তদুপৰি গ্ৰাহকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত বা আতংকিত নহ’বলৈ কোম্পানীটোৱে পৰামৰ্শ জাৰি কৰে ৷

দেশৰ মেট্ৰ’ চহৰকে ধৰি বিভিন্ন চহৰসমূহত সাধাৰণ লোকসকলে ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত নাটনিৰ সাক্ষী হোৱাৰ পিছতে তেল কোম্পানীসমূহে এই স্পষ্টীকৰণ দিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সংসদত ভাষণ প্ৰদান কৰি পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি দেশবাসীক প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে সাজু হ’বলৈ পৰামৰ্শ দিছিল । অতি শীঘ্ৰেই ইণ্টাৰনেটত ক’ভিড-১৯ ৰ সময়ত হোৱা লকডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি চৰ্চা আৰম্ভ হয় ৷ মঙলবাৰৰ পৰা দেশবাসীয়ে ক্ৰমাৎ “ভাৰতত লকডাউন” বুলি ইণ্টাৰনেটত চাৰ্চ কৰিবলৈ আৰম্ভ কৰে ৷ অৱশ্যে মঙলবাৰৰ দিনটো ক’ভিড-১৯ ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে জাৰি কৰা দেশজোৰা লকডাউনৰ ষষ্ঠ বাৰ্ষিকী আছিল ।

পশ্চিম এছিয়াৰ যুদ্ধই খাৰুৱা তেল, এল এন জি, এল পি জিৰ যোগানত ব্যাঘাত জন্মাইছে । কিন্তু পশ্চিম আফ্ৰিকা, লেটিন আমেৰিকা আৰু আমেৰিকাৰ পৰা ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ যোগানৰ উৎসসমূহে খাৰুৱা তেলৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিছে ।

অধিক পৰিমাণে আমদানি কৰা এল পি জি(৬০% উপসাগৰীয় দেশৰ পৰা) সৰ্বাধিক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । সংঘাতৰ ফলত সৃষ্টি হোৱা নাটনি দূৰ কৰিবলৈ চৰকাৰে ঘৰুৱা পাকঘৰলৈ এল পি জি যোগানক অগ্ৰাধিকাৰ দিছে ৷ আনহাতে, হোটেল আৰু ৰেষ্টুৰেণ্টকে ধৰি বাণিজ্যিক ব্যৱহাৰ কমেও আধা হ্ৰাস কৰিছে ।

লগতে পঢ়ক : পশ্চিম এছিয়াৰ সংকট সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰ আহ্বান