ETV Bharat / bharat

এফালে পাৰাস্তম্ভৰ উষ্ণতাই স্পৰ্শ কৰিলে ৪৮ ডিগ্ৰী, আনফালে ধুমুহা-বৰষুণৰ আগজাননী

উত্তৰ ভাৰতত গ্ৰীষ্মপ্ৰবাহ অব্যাহত ৷ তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক সময়ত ১৪ খন ৰাজ্যত ধুমুহা-বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে ৷

48 degrees Celsius Hits North
পাৰাস্তম্ভৰ উষ্ণতাই স্পৰ্শ কৰিলে ৪৮ ডিগ্ৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 8:58 PM IST

6 Min Read
Choose ETV Bharat

নতুন দিল্লী: প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ পৰা জনসাধাৰণক সাময়িক সকাহ দিয়াৰ নিমিত্তে আহি আছে ধুমুহা-বৰষুণ ৷ দেশৰ ১৪ খন ৰাজ্যত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ কেন্দ্ৰটোৱে পৰৱৰ্তী কেইটামান দিনৰ বাবে এই সম্ভাৱনা জাৰি কৰিছে ৷

দেখা গৈছে যে, সমগ্ৰ ভাৰতত প্ৰবাহিত গ্ৰীষ্মপ্ৰবাহৰ ঢৌৰ মাজতে বতৰ সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ ক’বলৈ গ’লে একে সময়তে দেশত দুটাকৈ বিপৰীতমুখী বতৰৰ সন্মুখীন হৈছে জনসাধাৰণ ৷ বিশেষকৈ উত্তৰ ভাৰতক গৰমে দহি নিয়াৰ বিপৰীতে একাধিক ৰাজ্য বাৰিষাৰ বৰষুণে প্লাৱিত কৰিছে ৷

ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই ১৪ খন ৰাজ্যৰ বাবে ধুমুহা-বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে ৷ ৰাজ্য কেইখনত পৰৱৰ্তী ১২ ঘণ্টাত ধুমুহা, বজ্ৰপাতৰ লগতে ঘণ্টাত ৭০ কিলোমিটাৰ পৰ্যন্ত বেগত বতাহ বলাৰ সম্ভাৱনা আছে ৷

দেশৰ কিছু অংশত বৰষুণ অহাৰ বিপৰীতে উত্তৰ ভাৰতত অপৰিৱৰ্তিত হৈ আছে বতৰৰ ৰূপ ৷ ৰাজধানী চহৰ দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মধ্য ভাৰতৰ কিছু কিছু অংশত গৰমে অভিলেখ স্পৰ্শ কৰিছে ৷ দেশৰ কেইবাখনো চহৰত তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছৰ কাষ চাপিছে ।

48 degrees Celsius Hits North
পাৰাস্তম্ভৰ উষ্ণতাই স্পৰ্শ কৰিলে ৪৮ ডিগ্ৰী (ETV Bharat)

পৰৱৰ্তী কেইটামান দিনৰ বাবে ৰাজধানী নতুন দিল্লীত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৷ উত্তৰ-পশ্চিমৰ শুকান বতাহ আৰু থৰ মৰুভূমিৰ পৰা অহা গৰম বতাহে তাপমাত্ৰা যথেষ্ট বৃদ্ধি কৰিছে । বতৰ বিজ্ঞান বিভাগে দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৪৪-৪৬ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ সূৰ্যাস্তৰ পিছতো নিশাৰ ভাগত যথেষ্ট গৰম হৈ থাকিব দিল্লীৰ বতৰ ।

১৪ খন ৰাজ্যত ধুমুহাৰ সতৰ্কবাণী জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি পূব, উত্তৰ-পূব আৰু হিমালয় অঞ্চলৰ বৃহৎ অংশত সঘনাই বতৰৰ পৰিৱৰ্তন হ’ব পাৰে ৷ আগন্তুক ১২ ঘণ্টাত দেশৰ ১৪ খন ৰাজ্যত ধুমুহা, বজ্ৰপাতৰ লগতে ঘণ্টাত ৭০ কিলোমিটাৰ পৰ্যন্ত বেগত বতাহ বলাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে । আগন্তুক দিনকেইটাত হিমালয়ৰ পাদদেশ অঞ্চলৰ পশ্চিমবংগ, ছিকিমৰ দৰে ৰাজ্যসমূহৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷

গ্ৰীষ্মপ্ৰবাহ আৰু ল’বলগীয়া সাৱধানতা

গৰমৰ সমানে সমানে নতুন দিল্লীত বৃদ্ধি পাইছে বিদ্যুতৰ বিল ৷ ষ্টেট লোড ডিস্পেচ চেণ্টাৰ(এছএলডিচি)ৰ তথ্য অনুসৰি শীতলীকৰণৰ বাবে ঘৰসমূহত ব্যৱহৃত সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে মহানগৰীত বিদ্যুতৰ চাহিদা প্ৰায় ৮,২৩১ মেগাৱাটলৈ বৃদ্ধি পাইছে ৷ গ্ৰীষ্মঋতুৰ শেষলৈকে এই চাহিদা ৯ হাজাৰ মেগাৱাট পৰ্যন্ত বৃদ্ধি পাব পাৰে ৷

উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে গৰমৰ মাত্ৰা সৰ্বাধিক ৷ ৰাজ্যখনৰ বাণ্ডা জিলাত তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছৰো অধিক হোৱা দেখা গৈছে ।

তীব্ৰ গৰমে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাইছে ৷ গৰমৰ বাবে সাধাৰণ লোকৰ মাজত বিভিন্ন ৰোগে দেখা দিছে ৷ দেশৰ বতৰ বিজ্ঞান বিভাগে বাণ্ডা, চিত্ৰকূট, প্ৰয়াগৰাজ, আগ্ৰা, ঝান্সিকে ধৰি কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে ।

গৰমৰ পৰা জনসাধাৰণক সুৰক্ষা দিয়াৰ উদ্দেশ্যে উত্তৰ প্ৰদেশ চৰকাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যেনে - খোৱাপানী, স্বাস্থ্যসেৱা, জনসচেতনতাৰ পৰ্যাপ্ত ব্যৱস্থা সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । তাপমাত্ৰা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি লক্ষ্ণৌৰ বিদ্যালয়সমূহে গ্ৰীষ্মকালীন ছুটী ঘোষণা কৰিছে ।

ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই লগতে কয় যে পৰৱৰ্তী তিনিদিনলৈ পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ সম্ভাৱনা আছে । পঞ্জাব, হাৰিয়ানা, বিহাৰ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিমবংগৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

ধুমুহা আৰু বাৰিষাৰ পূৰ্বে বৰষুণ

আনহাতে, বিহাৰৰ কিছু কিছু অংশ আৰু পাহাৰীয়া ৰাজ্যসমূহে গৰমৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে । বিহাৰত পৰৱৰ্তী তিনিদিনলৈ ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ এই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৫০-৭০ কিলোমিটাৰ হ’ব ৷ পাটনাৰ দৰে ৰাজধানী চহৰখনে ধূলিৰ ধুমুহা আৰু ধুমুহা বতাহৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে পূৰ্ণিয়া, মুজাফফৰপুৰকে ধৰি কেইবাটাও অঞ্চলত বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে ।

শেহতীয়াভাৱে সমগ্ৰ হিমালয়ত দেখা পোৱা বতৰৰ সালসলনিয়ে বিশেষকৈ ডেৰাডুন(উত্তৰাখণ্ড), নাইনিতাল(উত্তৰাখণ্ড), ছিমলা(হিমাচল প্ৰদেশ), মনালি(হিমাচল প্ৰদেশ) আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত বতাহৰ গতিবেগ বৃদ্ধি পোৱাৰ ইংগিত দিছে ৷

আনহাতে, একে সময়তে জম্মু-কাশ্মীৰত প্ৰায় ৭০ কিলোমিটাৰ বেগত বতাহ বলাৰ লগতে বৰষুণ অহাৰো সম্ভাৱনা আছে ৷

আনহাতে, দক্ষিণৰ ৰাজ্যসমূহত বাৰিষাৰ পূৰ্বে বৰষুণ আহিবলৈ আৰম্ভ কৰিছে ৷ কেৰালাম, তামিলনাডু, দক্ষিণ কৰ্ণাটককে ধৰি দক্ষিণ ভাৰতৰ বহুকেইখন ৰাজ্যত মাজে মাজে দুই-এজাক বৰষুণ যোৱাত গৰমৰ পৰা ক্ষন্তেক সময়ৰ বাবে সকাহ লাভ কৰিছে জনসাধাৰণে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পৰৱৰ্তী ৩-৪ দিনত অঞ্চলসমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

বিশেষজ্ঞৰ পৰামৰ্শ আৰু সতৰ্কবাণী

ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালকপ্ৰধান আনন্দ শৰ্মাই ইটিভি ভাৰতৰ আগত কয় যে গৰমৰ ঢৌ অব্যাহত থকাৰ বাবে পৰাপক্ষত দুপৰীয়া বাহিৰলৈ যাব নালাগে ৷

শৰ্মাই এনেদৰে কয়, ‘‘বৰ্তমান গ্ৰীষ্মপ্ৰবাহ অব্যাহত আছে ৷ পুৱা প্ৰায় ১০ বজাৰ পৰা বিয়লি ৩-৩.৩০ বজালৈ সকলোকে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালো ৷ বিশেষকৈ গৰ্ভৱতী মহিলা, বৃদ্ধ, শিশু আৰু অসুস্থ লোকসকলে পৰাক্ষত ঘৰৰ বাহিৰ নহ’ব ।’’

‘‘যাত্ৰীসকলে সম্ভৱ হ'লে যাত্ৰা পিছুৱাই দিবলৈ চেষ্টা কৰিব লাগে । সকলোৱে সাধাৰণ আৰু গৰমৰ পৰা পৰিত্ৰাণ পাব পৰা কাপোৰ পৰিধান কৰাৰ লগতে মূৰ ঢাকি ৰাখিব লাগে যাতে পোনপটীয়াকৈ সূৰ্যৰ পোহৰে অনিষ্ট কৰিব নোৱাৰে ৷ শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী সেৱন কৰা উচিত’’ - তেওঁ লগতে কয় ৷

দিল্লীৰ পৰিৱেশবিদ মনু সিঙে কয় যে গ্ৰীষ্মপ্ৰবাহ এতিয়া মাথোঁ ঋতুভিত্তিক সমস্যা নহয় ৷ ই প্ৰতিদিনে অসহ্যকৰ কৰি আমাক সোঁৱৰাই থকা ভয়াৱহ ভৱিষ্যতৰ ইংগিত ৷

তেওঁ কয়, ‘‘জধেমধে হোৱা নিৰ্মাণকাৰ্য আৰু ক্ৰমাৎ নোহোৱা হৈ পৰা সেউজীয়া প্ৰকৃতিৰ ফলত সৃষ্টি হোৱা প্ৰভাৱে কেৱল আমাৰ জলবায়ুৰ পৰিৱৰ্তনেই নহয়, আমাৰ শাৰীৰিক আৰু মানসিক অৱস্থাও সলনি কৰি আছে । অত্যধিক তাপে শৰীৰক ক্লান্ত কৰি পেলায়, টোপনি নোহোৱা কৰাৰ লগতে হৃদযন্ত্ৰৰ চাপ বৃদ্ধি কৰে আৰু নীৰৱে উদ্বেগ, খিংখিঙীয়া ভাৱ আৰু ক্লান্তি বৃদ্ধি কৰে ।’’

তেওঁ লগতে কয় যে যিখন চহৰে অতি দুৰ্বল জীৱবোৰক সুৰক্ষা দিব নোৱাৰে, সেইখন চহৰে মানৱ সভ্যতাৰ আত্মা হেৰুওৱাৰ আশংকা থাকে ।

লগতে পঢ়ক: মণিপুৰৰ ১৪ বছৰীয়া লিচিপ্ৰিয়াৰ কাহিনী এতিয়া চিবিএছই পাঠ্যপুথিৰ পাতে পাতে