ETV Bharat / bharat

ভাৰতে পাকিস্তানৰ কিৰাণা পাহাৰত আঘাত কৰা নাছিল : চিডিএছৰ প্ৰাক্তন জেনেৰেল অনিল চৌহান

অপাৰেশ্ব'ন সেন্দূৰৰ সময়ত ভাৰতে আক্ৰমণ কৰা বুলি খবৰ ওলোৱা কিৰাণা পাহাৰত আচলতে আছে কি ?

Representational image
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 10:46 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছিল । সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল । ২০০০ চনৰ পিছত কাশ্মীৰত পৰ্যটকৰ ওপৰত সংঘটিত আটাইতকৈ ভয়াৱহ আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে পাকিস্তানক অপাৰেশ্ব'ন সেন্দূৰেৰে দিছিল ।

এই অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ কিৰাণা পাহাৰ আক্ৰমণ কৰাক লৈ চৰ্চা হৈছিল । কাৰণ কিৰাণা পাহাৰতেই পাৰমাণৱিক সুবিধা আছে । উক্ত অঞ্চলত তেজষ্ক্ৰিয় ৰশ্মি নিৰ্গত হৈছিল নে নাই সেইবিষয়ে পৰীক্ষা কৰা বুলিও বিশ্বত চৰ্চা হৈছিল । অৱেশ্য়ে ভাৰতে এইক্ষেত্ৰত স্থিতি প্ৰকাশ কৰা নাছিল ।

এই বিষয়টোৱে নিটাল মাৰিলেও চিডিএছৰ প্ৰাক্তন জেনেৰেল অনিল চৌহানে (অৱসৰপ্ৰাপ্ত) মঙলবাৰে কয় যে ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ কিৰাণা পাহাৰক লক্ষ্য কৰা নাছিল । চিডিএছৰ প্ৰাক্তন জেনেৰেলগৰাকীয়ে কয় যে সৰগোধালৈ বহুতো লঘু অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু ইয়াৰে এটাই হয়তো ক্ষমতা হেৰুৱাই পাহাৰত খুন্দা মাৰিছিল ।

‘অপাৰেশ্যন সেন্দূৰ আৰু পৰিণাম ’ শীৰ্ষক আলোচনাৰ সময়ত জেনেৰেল চৌহানে (অৱসৰপ্ৰাপ্ত) এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীকো সমৰ্থন কৰাৰ লগতে বিষয়টো স্পষ্ট কৰি দিয়ে । যোৱা বছৰৰ ১২ মে’ত আইএএফৰ তদানীন্তন এয়াৰ অপাৰেশ্ব'ন (ডিজিএঅ’) সঞ্চালক প্ৰধান হিচাপে একে ভাৰতীয়ে সাংবাদিকৰ আগত কৈছিল, “ যিয়েই নহওক কি আমি কিৰাণা পাহাৰত আঘাত কৰা নাছিলো ।”

ইয়াৰ পিছতে ৩১ জুলাইত এয়াৰ ষ্টাফৰ উপ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰা এয়াৰ মাৰ্শ্বাল ভাৰতীক সামাজিক মাধ্য়মত উৰাবাতৰিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল যে ভাৰতে কিৰাণা পাহাৰত আঘাত কৰিছিল নেকি ? অৱেশ্য়ে ইয়াৰ পিছত এই পাহাৰখনত পাৰমাণৱিক শক্তি মজুত থকা বুলি বাতৰি ওলাইছিল ।

২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে ২০২৫ চনৰ মে’ মাহত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আন্তঃগাঁথনি স্থানত অভিযান চলাইছিল । এই আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল । উল্লেখ্য যে সামৰিক সংঘাতৰ সময়ত ভাৰতৰ আক্ৰমণে সৰগোধাৰ এটা বিমান ঘাটিত আঘাত হানিছিল । এই ঘাটিটো কিৰাণা পাহাৰৰ ভূগৰ্ভস্থ পাৰমাণৱিক মজুতকৰণৰ সৈতে জড়িত বুলি চৰ্চা হৈছিল ।

জেনেৰেল চৌহানে (অৱসৰপ্ৰাপ্ত) কয়, "এয়াৰ মাৰ্শ্বাল ভাৰতীক কি সোধা হৈছিল সেই সম্পৰ্কে এটা সৰু খণ্ড আছিল, কিৰাণা পাহাৰৰ খণ্ড । মই ভাবো এই কথা স্পষ্ট কৰিম । মাজে মাজে সোধা হৈছে যে কিৰাণা পাহাৰত আঘাত কৰিছিল নেকি; তাতেই তেওঁলোকৰ (পাকিস্তানৰ) পাৰমাণৱিক সুবিধা আছে ।"

তেওঁ কয়, "তেতিয়া এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে সঠিকভাৱে স্পষ্ট কৰিছিল যে আমি কিৰাণা পাহাৰক লক্ষ্য কৰি লোৱা নাই । মই হয়তো এক প্ৰকাৰৰ ব্যাখ্যা দিব পাৰো... সেই আক্ৰমণৰ আগতে আমি লঘু অস্ত্ৰ প্ৰেৰণ কৰিছিলো আৰু কিৰাণা পাহাৰ সৰগোধাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰত অৱস্থিত । গতিকে এই আক্ৰমণকাৰী অস্ত্ৰই ৰাডাৰ বিচাৰিছিল যিবোৰ সৰগোধা আৰু ইয়াৰ আশে-পাশে আছে আৰু ইয়াৰ এটা সময়সীমা থাকে ৷ অৰ্থাৎ ই প্ৰায় দুঘণ্টা ধৰি গতি কৰিব আৰু এবাৰ ই লক্ষ্য বিচাৰি নাপালে ই তললৈ নামি আহে আৰু ক’ৰবাত আঘাত কৰে । ”

"ই নিশ্চয় আহি সেই পাহাৰবোৰৰ এখনত খুন্দা মাৰিছিল । গতিকে মানুহে কি সুধিছিল তাৰ অন্যতম কাৰণ সেইটোৱেই হ'ব পাৰে... কাৰণ পাকিস্তানী সংবাদ মাধ্যমেও কিছুমান ছবি দেখুৱাইছিল য'ত কিৰাণা পাহাৰৰ পৰা ধোঁৱা ওলাইছিল।" বিবেকানন্দ ইণ্টাৰনেশ্ব'নেল ফাউণ্ডেশ্ব'নে আয়োজন কৰা অনুষ্ঠানত প্ৰদান কৰা ভাষণত জেনেৰেল চৌহানে (অৱসৰপ্ৰাপ্ত) কয় যে অপাৰেশ্ব'ন সেন্দূৰ এতিয়াও অব্য়াহত আছে ।

লগতে পঢ়ক:অপাৰেশ্যন সেন্দূৰ : ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত লিপিবদ্ধ ছয় শ্বহীদ জোৱানৰ গৌৰৱ গাঁথা

সেন্দূৰ ২.০ অভিযানৰ বাবে তিনিওটা বাহিনীৰ প্ৰস্তুতি চলি আছে: জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

পহলগাম আক্ৰমণৰ এবছৰৰ পিছতো চৰম বেদনাৰে ক্ষণ গণিছে শ্বহীদৰ পৰিয়ালে