ETV Bharat / bharat

সংযুক্ত আৰব আমিৰশ্বাহীৰ পাৰমাণৱিক কেন্দ্ৰত হোৱা আক্ৰমণক বিপদজনক আখ্যা ভাৰতৰ

যুদ্ধৰত আটাইকেইখন দেশক বৈঠকৰ মাজেৰে এই যুদ্ধৰ অন্ত পেলাবলৈ ভাৰতে আহ্বান জনাইছে ৷

ATTACK ON UAE NUCLEAR PLANT
বৰাকাহ পাৰমাণৱিক শক্তিকেন্দ্ৰৰ বাহিৰৰ দৃশ্য (AP Photos)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 2:20 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: পশ্চিমৰ সংঘাতে বিশ্বব্যাপী উদ্বেগ সৃষ্টি কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বহুবাৰ ইৰাণক শান্তিচুক্তি স্বাক্ষৰৰ জৰিয়তে যুদ্ধৰ বিভীষিকাৰ পৰা মূলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনোৱাৰ পিছতো বিষয়টোৱে কোনো অগ্ৰগতি লাভ কৰা নাই ৷ তাৰ সলনি অব্যাহত আছে যুদ্ধ ৷

এইবাৰ পাৰমাণৱিক শক্তিকেন্দ্ৰৰ সমীপত ড্ৰোণ আক্ৰমণ সংঘটিত হৈছে ৷ এই ঘটনা সংঘটিত হৈছে সংযুক্ত আৰব আমিৰশ্বাহীৰ বৰাকাহ পাৰমাণৱিক শক্তিকেন্দ্ৰৰ সমীপত ৷ আক্ৰমণক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ লগতে এনে কাণ্ড বিপদজনক আখ্যা দিয়ে ৷ সমান্তৰালকৈ যুদ্ধৰত আটাইকেইখন দেশক বৈঠকৰ মাজেৰে এই যুদ্ধৰ অন্ত পেলাবলৈ আহ্বান জনায় ৷

যুদ্ধ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে ৷ এই বিবৃতিত এনেদৰে উল্লেখ কৰা হৈছে, ‘‘সংযুক্ত আৰব আমিৰশ্বাহীৰ বৰাকাহ পাৰমাণৱিক শক্তিকেন্দ্ৰক ধ্বংস কৰাৰ উদ্দেশ্যৰে সংঘটিত এই আক্ৰমণক লৈ ভাৰত গভীৰভাৱে উদ্বিগ্ন । এনেধৰণৰ কাৰ্য গ্ৰহণযোগ্য নহয় আৰু ই বিপদৰ আশংকা বৃদ্ধি কৰে । আমি তেওঁলোকক সংযম অটুট ৰাখি আলোচনা আৰু কূটনীতিৰ মাধ্যমৰে মূলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছো ।’’

উল্লেখ্য যে, দেওবাৰে দেশখনৰ আল ধাফ্ৰা অঞ্চলৰ বৰাকাহ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ চৌহদৰ বাহিৰত থকা বৈদ্যুতিক জেনেৰেটৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে দেশৰ বৈদেশিক মন্ত্ৰালয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অৱশ্যে এই ঘটনাত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই ৷ আবুধাবি প্ৰশাসনে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ৷ এই আক্ৰমণত পাৰমাণৱিক শক্তিকেন্দ্ৰটোৰ পৰা কোনোধৰণৰ ৰেডিয়েচন লিক হোৱা নাই ৷

এই আক্ৰমণে উদ্যোগটোৰ নিৰাপত্তা বা অত্যাৱশ্যকীয় ব্যৱস্থাসমূহৰ সুৰক্ষাত কোনো প্ৰভাৱ পেলোৱা নাই ৷ প্ৰতিটো ইউনিটে স্বাভাৱিকভাৱে কাম কৰি থকাৰ আশ্বাস প্ৰদান কৰিছে সংযুক্ত আৰব আমিৰশ্বাহীৰ ফেডাৰেল নিউক্লিয়াৰ ৰেগুলেচন অথৰিটিয়ে ৷

এক্সত প্ৰকাশিত এটা পোষ্টত আবুধাবিৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে জৰুৰীকালীন পৰিস্থিতিৰ বাবে নিয়োজিত দলসমূহে ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে জুই নিয়ন্ত্ৰণলৈ আনে । বিবৃতিটোত কোনো লোক হতাহত হোৱা বুলি জনসাধাৰণক আশ্বস্ত কৰা হৈছে ৷ কেন্দ্ৰটোৰ বাহিৰতহে জুই লগাত আভ্যন্তৰীণ অংশত আক্ৰমণৰ কোনো প্ৰভাৱ পৰা নাই ৷ যাৰ বাবে ৰেডিয়েচন প্ৰক্ৰিয়াত কোনো প্ৰভাৱ পৰা নাই ৷

আনহাতে, আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থায়ো এই ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে । আইএইএ-ৰ মুৰব্বী ৰাফেল গ্ৰ’ছিয়ে কয় যে পাৰমাণৱিক সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে সামৰিক কাৰ্যকলাপ গ্ৰহণযোগ্য নহয় ৷ এনেধৰণৰ পাৰমাণৱিক আক্ৰমণৰ পৰা হাত সাৰিবলৈ যিকোনো পাৰমাণৱিক শক্তি কেন্দ্ৰৰ সমীপত সামৰিক সংযম বৰ্তাই ৰাখিবলৈ যুদ্ধৰত দেশসমূহক সংস্থাটোৱে আহ্বান জনাইছে ৷

ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাই নিশ্চিত কৰিছে যে কেন্দ্ৰটোত বিকিৰণৰ মাত্ৰা স্বাভাৱিক হৈ আছে ৷ জনসাধাৰণৰ সুৰক্ষাৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই । অৱশ্যে এই পৰ্যন্ত কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ সংযুক্ত আৰব আমিৰশ্বাহী চৰকাৰেও কাকো এই আক্ৰমণৰ বাবে জগৰীয়া কৰা নাই ।

বৰাকাহ পাৰমাণৱিক শক্তিকেন্দ্ৰত বিকিৰণৰ মাত্ৰা স্বাভাৱিক হৈ আছে ৷ এই ঘটনাত কোনো লোক হতাহত নোহোৱা বুলি সংযুক্ত আৰব আমিৰশ্বাহী চৰকাৰে জানিবলৈ দিয়া বুলি ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাই নিশ্চিত কৰিছে ৷

বৰ্তমান জৰুৰীকালীন ডিজেল জেনেৰেটৰসমূহে পাৰমাণৱিক শক্তিকেন্দ্ৰটোৰ ৩নং ইউনিটক শক্তি প্ৰদান কৰি আছে । পাৰমাণৱিক শক্তিকেন্দ্ৰটোৰ সকলো পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে ৷ চৰকাৰে পাৰমাণৱিক শক্তিকেন্দ্ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থাকি প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াবলৈ আশ্বাস প্ৰদান কৰিছে ।

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধবিৰতি যিকোনো সময়তে অন্ত পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ যুদ্ধৰ এই সময়চোৱাত পাৰমাণৱিক শক্তিকেন্দ্ৰক উদ্দেশ্য কৰি চলোৱা আক্ৰমণে যিকোনো বৃহৎ ঘটনা সংঘটিত হোৱাৰ ইংগিত প্ৰদান কৰিছে ৷

সংযুক্ত আৰব আমিৰশ্বাহীস্থিত বৰাকাহ পাৰমাণৱিক শক্তিকেন্দ্ৰটো বিশ্বৰ প্ৰথমটো কাৰ্যক্ষম পাৰমাণৱিক শক্তিকেন্দ্ৰ ৷ ইয়াক দেশখনৰ শক্তিক্ষেত্ৰত আন্তঃগাঁথনিৰ এক মূল অংশ বুলি গণ্য কৰা হয় । দক্ষিণ কোৰিয়াৰ সহায়ত নিৰ্মিত ২০ বিলিয়ন ডলাৰৰ এই শক্তিকেন্দ্ৰটো ২০২০ চনৰ পৰা কাৰ্যক্ষম হৈ উঠে ৷

লগতে পঢ়ক: আইফোনৰ প্ৰলোভন দি মহিলাৰ সৈতে অপকৰ্ম! জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰক গ্ৰেপ্তাৰ