দেশজুৰি বৰদিন উদযাপন: দিল্লীৰ গীৰ্জাঘৰত পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমত দেশবাসীক জনালে বৰদিনৰ শুভেচ্ছা ।

Published : December 25, 2025 at 3:15 PM IST
নতুন দিল্লী : আজি পৱিত্ৰ বৰদিন । কেৰল আৰু ঘণ্টাৰ শব্দৰে মুখৰিত হৈছে দেশৰ গীৰ্জাসমূহ । প্ৰতিটো গীৰ্জাতে বৰদিনৰ বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে ।
প্ৰাৰ্থনাত অংশগ্ৰহণ কৰা ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে, "এই সেৱাই 'প্ৰেম, শান্তি আৰু মমতাৰ কালজয়ী বাৰ্তাক প্ৰতিফলিত কৰিছে । বৰদিনে আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰেৰণা যোগাওক ।"
Attended the Christmas morning service at The Cathedral Church of the Redemption in Delhi. The service reflected the timeless message of love, peace and compassion. May the spirit of Christmas inspire harmony and goodwill in our society. pic.twitter.com/humdgbxR9o
— Narendra Modi (@narendramodi) December 25, 2025
ভাৰতত কেথলিক বিচপ কনফাৰেন্স অৱ ইণ্ডিয়া (চি বি চি আই)ৰ সভাপতি আৰ্চবিশ্বপ এণ্ড্ৰুজ থাজহাথে 'খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণৰ বিৰক্তিকৰ বৃদ্ধি'ক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ এদিন পিছতে মোদীৰ বৰদিনৰ কাৰ্যসূচীত অংশগ্ৰহণে বিশেষ গুৰুত্ব বহন কৰিছে । ভিডিঅ' বাৰ্তাযোগে আৰ্চবিশ্বপে কয় যে এনে ঘটনাই ধৰ্মৰ স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰা ভাৰতৰ সংবিধানৰ আত্মাক গভীৰভাৱে আঘাত কৰিছে । তেওঁ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আইনৰ কঠোৰ বলবৎকৰণ সুনিশ্চিত কৰাৰ লগতে সমগ্ৰ দেশৰ খ্ৰীষ্টান সম্প্ৰদায়ক সক্ৰিয় সুৰক্ষা প্ৰদানৰ বাবে আহ্বান জনায় ।
Trichy, Tamil Nadu: Christmas is being celebrated across Trichy with special midnight Masses and prayers, with Christians attending St. Mary’s Cathedral in Melaputhur to participate in the celebrations. pic.twitter.com/VCGK34PbYX
— IANS (@ians_india) December 25, 2025
উল্লেখ্য যে প্ৰতি বছৰে ২৫ ডিচেম্বৰত পালন কৰা বৰদিন আচলতে যীশু খ্ৰীষ্টৰ জন্মদিন আৰু আশা, শান্তি, ক্ষমা আৰু প্ৰেমৰ বিষয়বস্তুৰ সৈতে জড়িত । মূলতঃ ই খ্ৰীষ্টান ধৰ্মীয় উৎসৱ যদিও ইয়াৰ সাৰ্বজনীন বাৰ্তাই ইয়াক বিভিন্ন পটভূমিৰ লোকে আঁকোৱালি লোৱা এক বিশ্বব্যাপী উদযাপন হিচাপে পৰিগণিত হৈছে । ইফালে বৃহস্পতিবাৰে পুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে পৃথক পৃথক বাৰ্তাযোগে নাগৰিকক সম্ভাষণ জনায় ।
On this auspicious occasion of Christmas, I extend my heartiest greetings and best wishes to all citizens, especially brothers and sisters of the Christian community. pic.twitter.com/TVlZ9g1Bxh
— President of India (@rashtrapatibhvn) December 25, 2025
এক্সৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে জনসাধাৰণক শুভেচ্ছা জনাই যীশু খ্ৰীষ্টই দেখুওৱা পথ অনুসৰণ কৰি দয়া আৰু পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি কৰা এখন সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায় ।
Puri, Odisha: On Christmas Eve in Puri, Padma Shri awardee Sudarsan Pattnaik created a 60-foot Santa Claus sculpture using sand and 1.5 tons of apples at Niladri Beach, conveying messages of 'World Peace' and 'Merry Christmas,' while attempting a world record during the Puri Sand… pic.twitter.com/uSwPKyrpZF
— IANS (@ians_india) December 24, 2025
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে লিখিছে, "বৰদিনৰ এই শুভক্ষণত সকলো নাগৰিককে বিশেষকৈ খ্ৰীষ্টান সম্প্ৰদায়ৰ ভাই-ভনীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ । আনন্দ আৰু উৎসাহৰ উৎসৱ বৰদিনে প্ৰেম আৰু মমতাৰ বাৰ্তা প্ৰেৰণ কৰে । ই আমাক মানৱতাৰ কল্যাণৰ বাবে প্ৰভু যীশু খ্ৰীষ্টই কৰা ত্যাগৰ কথা সোঁৱৰাই দিয়ে । এই পৱিত্ৰ অনুষ্ঠানটোৱে আমাক শান্তিৰ মূল্যবোধক আৰু সমাজত সমন্বয়, সমতা, আৰু সেৱা অধিক শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰে ।"


আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে এটা পোষ্টত আশা প্ৰকাশ কৰে যে যীশু খ্ৰীষ্টৰ শিক্ষাই সমাজত সম্প্ৰীতি সুদৃঢ় কৰি ৰাখিব । মোদীয়ে এক্সত লিখিছে, "সকলোকে শান্তি, মমতা আৰু আশাৰে ভৰা বৰদিনৰ আনন্দৰ কামনা কৰিলোঁ । যীশু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সমন্বয় মজবুত কৰক ।"


বৰদিন উপলক্ষে দেশৰ কেইবাখনো ৰাজ্যত বিভিন্ন বজাৰ বৰদিনৰ সামগ্ৰীৰে ভৰি পৰিছে । বিপণিবোৰত ছাণ্টাক্ল'জৰ স্লেজ, বেল, ফ্ৰিল, পুষ্পমালা, ষ্টাৰ, খ্ৰীষ্টমাছ ট্ৰী ভৰি থকা দেখা গৈছে ।

বৰদিন উপলক্ষে ধৰ্মশালাৰ ছেইণ্ট জন ইন দ্য ৱাইল্ডাৰ্নেছ চাৰ্চত ৰাইজে প্ৰাৰ্থনা কৰাৰ লগতে মম জ্বলাইছে । ফাডাৰ ভিক্টৰ খোজীয়ে কয় যে মমৰ পোহৰে যীশু পৃথিৱীৰ পোহৰ বুলি বাৰ্তা প্ৰেৰণ কৰে । তেওঁ কৈছে, "মমবাতি জ্বলাই আমি এটা বাৰ্তা প্ৰেৰণ কৰিছো যে যীশু পৃথিৱীৰ পোহৰ আৰু প্ৰভু যীশুৱে কৈছে যে আমিও পৃথিৱীৰ পোহৰ...বহুতে বিশ্বাস কৰে যে সকলো প্ৰাৰ্থনাৰ উত্তৰ ইয়াত পোৱা যায়...।"

বৰদিনৰ পূৰ্বে আৰু বৰদিনৰ পুৱা দেশজুৰি বিভিন্ন গীৰ্জাত প্ৰাৰ্থনা কৰা হয় । এই উপলক্ষে চিমলাৰ ক্ৰাইষ্ট চাৰ্চ, ৰাঁচীৰ ছেইণ্ট মেৰী কেথেড্ৰেল চাৰ্চ, মুম্বাইৰ ছেইণ্ট মাইকেল চাৰ্চত বহু লোকে একেলগে প্ৰাৰ্থনা কৰে । বৰদিন উপলক্ষে মুম্বাইৰ চাৰ্চ অৱ আৱাৰ লেডী অৱ ভিক্টোৰীজত লোকসকলে একত্ৰিতভাৱে গীত আৰু কেৰল পৰিৱেশন কৰে ।

মুম্বাইত ফাদাৰ কেলিষ্টাছ ফাৰ্নাণ্ডেছে বৰদিনৰ শুভেচ্ছা জনাই কয় যে এই উৎসৱে মানুহৰ মাজত আনন্দ বিয়পাই দিয়ে আৰু সৰ্বশক্তিমান তেওঁলোকৰ ওচৰত আছে বুলি সোঁৱৰাই দিয়ে । তেওঁ লগতে কয় যে খ্ৰীষ্টান ধৰ্মই কাকো ধৰ্ম সলনি কৰিবলৈ বাধ্য নকৰে, বলপূৰ্বক ধৰ্মান্তৰকৰণ নহয় বুলি তেওঁ দাবী কৰে । তেওঁ কয়, "খ্ৰীষ্টমাছ সকলোৰে বাবে আনন্দৰ বতৰা । কেৰল গোৱা, মমবাতি জ্বলোৱা, চাৰিওফালে উদযাপন কৰা আৰু আমি অনুভৱ কৰা আনন্দই সেই আভ্যন্তৰীণ সুখক প্ৰতিনিধিত্ব কৰে যিটো মানুহে বুজিব লাগিব যে প্ৰভু আমাৰ ওচৰত আছে, যাতে আমি ঈশ্বৰৰ ওচৰ চাপিব পাৰো । সেইটোৱেই হৈছে খ্ৰীষ্টমাছৰ সৌন্দৰ্য । খ্ৰীষ্টান ধৰ্মই কাকো জোৰকৈ ধৰ্মান্তৰকৰণৰ বাবে বাধ্য নকৰে । মই বুজি নাপাওঁ যে বলপূৰ্বক ধৰ্মান্তৰকৰণ শব্দটো কেনেকৈ আহিল । কোনো ধৰণৰ বলপূৰ্বক ধৰ্মান্তৰকৰণৰ সৃষ্টি হোৱা নাই...সকলোকে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালো ।"

ইফালে শ্ৰীনগৰৰ হ'লী ফেমিলি কেথলিক চাৰ্চ আৰু জম্মুৰ ছেইণ্ট মেৰী গেৰিছন চাৰ্চেও এই উৎসৱৰ ব্যাপক প্ৰস্তুতি চলাইছে । সকলো মূল গীৰ্জাৰ লগতে দিল্লীৰ ছেইণ্ট থমাছ চাৰ্চ, বেংগালুৰুৰ ছেইণ্ট মেৰী বেচিলিকা চাৰ্চকো সজাই তোলা হৈছে । ভগৱান যীশুৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মানুহে গীৰ্জাত ভিৰ কৰা দেখা গৈছে ।
বৰদিন উপলক্ষে কলকাতাৰ আইকনিক পাৰ্ক ষ্ট্ৰীট লাইট, ষ্টাৰ আৰু খ্ৰীষ্টমাছৰ ক্ৰিবেৰে সুন্দৰকৈ সজাই তোলা হৈছে । তামিলনাডুত ১০০ বছৰ পুৰণি ছেক্ৰেড হাৰ্ট কেথেড্ৰেল, ৱেছলি চাৰ্চ, নীলগিৰি জিলাৰ ছেইণ্ট ষ্টিফেন চাৰ্চ আদিও সজাই তোলা হৈছে ।
বৰদিনত খ্ৰীষ্টান বিশ্বাস আৰু প্ৰাচীন শীতকালীন পৰম্পৰাৰ সংমিশ্ৰণ প্ৰতিফলিত হয় । যদিও বাইবেলে যীশুৰ জন্মৰ সঠিক তাৰিখ উল্লেখ কৰা নাই, তথাপিও প্ৰাচীন খ্ৰীষ্টানসকলে প্ৰচলিত শীতকালীন উৎসৱৰ সৈতে মিল ৰাখিবলৈ ২৫ ডিচেম্বৰ দিনটো বাছি লৈছিল । প্ৰাচীন ৰোমত শীতকালৰ আশে-পাশে চেটাৰ্নেলিয়াৰ দৰে উৎসৱ উদযাপন কৰা হৈছিল, য'ত ভোজ-ভাত, উপহাৰ দিয়া আৰু এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছিল ।

চতুৰ্থ শতিকাৰ ভিতৰত খ্ৰীষ্টমাছক আনুষ্ঠানিকভাৱে খ্ৰীষ্টান উৎসৱ হিচাপে স্বীকৃতি দিয়া হয় । ইউৰোপ আৰু পিছলৈ বিশ্বৰ আন আন ঠাইলৈ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰীতি-নীতি ধৰ্মীয় প্ৰথাৰ লগত ই মিলি গ'ল । সেউজীয়া গছত আলোকসজ্জা, উপহাৰ দিয়া, কেৰল গোৱা আৰু পৰিয়ালৰ সৈতে উদযাপন কৰা আদি পৰম্পৰা ক্ৰমান্বয়ে বৰদিনৰ অবিচ্ছেদ্য অংগ হৈ পৰিল ।
আজি বৰদিন কেৱল ধৰ্মীয় অনুষ্ঠান হিচাপেই নহয়, বিশ্বজুৰি সম্প্ৰদায়সমূহৰ মাজত প্ৰেম, শান্তি, উদাৰতা আৰু ভাতৃত্বৰ মূল্যবোধক প্ৰসাৰিত কৰা সাংস্কৃতিক উৎসৱ হিচাপেও উদযাপন কৰা হয় ।
লগতে পঢ়ক :সাগৰ তীৰত ১৫০০ কেজি আপেল আৰু বালিৰ ছাণ্টাক্ল’জৰ বলুকা ভাস্কৰ্য

