ETV Bharat / bharat

থলুৱা বীজৰ বৈচিত্ৰ্য সংৰক্ষণৰ পদক্ষেপ : নাগালেণ্ডৰ খনমাত বীজ বেংক আৰু সমূহীয়া শিকন কেন্দ্ৰ মুকলি

আৰণ্যকৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

Seed Bank and Learning Centre
থলুৱা বীজৰ বৈচিত্ৰ্য সংৰক্ষণৰ পদক্ষেপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 8, 2026 at 11:45 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বহনক্ষম কৃষিকৰ্মত স্থানীয় লোকসকলক জড়িত কৰা আৰু থলুৱা বীজৰ বৈচিত্ৰ্য সংৰক্ষণৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে নাগালেণ্ডৰ খনমা (কিখা হাইড্ৰ' ৰোড)ত স্থাপন কৰা এটা “বীজ বেংক আৰু সমূহীয়া শিকন কেন্দ্ৰ” বৃহস্পতিবাৰে উদ্বোধন কৰা হয় ।

অইল ইণ্ডিয়া লিমিটেড(অইল)ৰ সহযোগ আৰু পাভৈ গ্ৰীণছ আৰু খনমাৰ কেভি অৰ্গেনিক ছ’চাইটিৰ সহযোগত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এই প্ৰকল্প ৰূপায়ণ কৰিছে ।

Seed Bank and Learning Centre
এই বীজ বেংকত ৪০ প্ৰকাৰৰ থলুৱা শাক-পাচলিৰ বীজ সংৰক্ষণ কৰা হৈছে (ETV Bharat Assam)

স্থানীয়ভাৱে "ঝাৰহা ছিয়া কি" বুলি কোৱা এই বীজ বেংক আৰু সমূহীয়া শিকন কেন্দ্ৰটোৱে খনমা আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত থলুৱা বীজ সংৰক্ষণ, জৈৱিক কৃষিক প্ৰসাৰ, সমূহীয়া শিকন আৰু বহনক্ষম গ্ৰাম্য জীৱিকা শক্তিশালীকৰণৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে ।

Seed Bank and Learning Centre
আৰণ্যকৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ (ETV Bharat Assam)

স্থানীয় লোকৰ প্ৰতিনিধি, কৃষক, স্থানীয় নেতৃবৃন্দ, গীৰ্জাৰ প্ৰতিনিধিবৰ্গ, সংৰক্ষণ কৰ্মী আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আৰণ্যকৰ উপ কাৰ্যবাহী সঞ্চালক ড৹ বিভূতি প্ৰসাদ লহকৰে বীজ বেংকটো উদ্বোধন কৰে । পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত খনমাৰ বেপ্টিষ্ট গীৰ্জাৰ জ্যেষ্ঠ পেষ্টৰ ৰেভাৰেণ্ড ছলি চেছে আৰু নগালেণ্ড চৰকাৰৰ উদ্যান শস্য আৰু মহিলা সম্পদ উন্নয়ন মন্ত্ৰী ছালহাউটুনুও ক্ৰুছেও অংশগ্ৰহণ কৰে ।

Seed Bank and Learning Centre
বৃহস্পতিবাৰে কেন্দ্ৰটো উদ্বোধন কৰা হয় (ETV Bharat Assam)

উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত আৰণ্যকৰ সম্পাদক প্ৰধান তথা কাৰ্যবাহী সঞ্চালক ড৹ বিভৱ কুমাৰ তালুকদাৰে কয়, ‘‘সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লোক ইয়ালৈ আহি এই কৰ্ম আৰু অভিজ্ঞতাৰে এক নিদৰ্শন দাঙি ধৰা গাঁওখনৰ নিষ্ঠাবান লোকসকলৰ পৰা শিকক । আৰণ্যকৰ প্ৰধান লক্ষ্য হৈছে প্ৰকৃতি সংৰক্ষণৰ সমান্তৰালভাৱে মানৱ মংগল সুনিশ্চিত কৰা । বিশুদ্ধ বতাহ সেৱন, বিশুদ্ধ খোৱাপানীৰ সুবিধা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থান - এই সকলোবোৰ মানৱ মংগলৰ অবিচ্ছেদ্য অংগ । এই পদক্ষেপ এই দিশত এক সুন্দৰ সুযোগ বুলি মই বিশ্বাস কৰোঁ আৰু ইয়াক সম্ভৱ কৰি তোলাৰ বাবে সকলো অংশীদাৰ আৰু গাঁওবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ৷’’

Seed Bank and Learning Centre
নাগালেণ্ডৰ খনমাত বীজ বেংক আৰু সমূহীয়া শিকন কেন্দ্ৰ মুকলি (ETV Bharat Assam)

উল্লেখ্য যে, এই বীজ বেংকত থলুৱা কেইবাপ্ৰকাৰৰো ধান, মাকৈ, মিলেট, বীন, জিকা, ভোল, পানীলাও, বিলাহী, বেঙেনাকে ধৰি মুঠ ৪০ প্ৰকাৰৰ থলুৱা শাক-পাচলিৰ বীজ সংৰক্ষণ কৰা হৈছে ।

লগতে পঢ়ক: অসমত এক পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন: ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য