ETV Bharat / bharat

স্পটিফাইৰ যুগত আজিও টেপ ৰেকৰ্ডাৰত সংগীত শুনিছে ৭৫ বছৰীয়া এজন ব্যক্তিয়ে

৬০ বছৰ ধৰি অকলশৰে বাস কৰি অহা ব্যক্তিগৰাকীৰ বাবে সংগীত তেওঁৰ প্ৰিয় বন্ধু । ৭৫ বছৰীয়া এই ব্যক্তিগৰাকীৰ বিষয়ে আপুনি জানেনে ?

OLD CASSETTE COLLECTOR INDIA
নিজৰ সংগ্ৰহৰ সৈতে ৭৫ বছৰীয়া মতিলাল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 6:31 PM IST

4 Min Read
Choose ETV Bharat

বিকানেৰ: ৰাজস্থানৰ বিকানেৰৰ মাৱা পট্টি অঞ্চলত পথচাৰীসকলে প্ৰতিদিনে পুৱা-গধূলি শুনিবলৈ পায় বতাহৰ মাজেৰে ভাঁহি অহা সুৰৰ লগতে বহু পুৰণি হিন্দী গীত ৷ তেওঁলোকে এইটোও জানে যে এই সুৰীয়া ঢৌৰ উৎস ক’ত ৷ তেওঁলোকে জানে যে ৭৫ বছৰীয়া মতিলাল মেহতাই স্মৃতিৰ ভঁৰাল সামৰি সংগীতৰ সুৰীয়া ঢৌত উটি-ভাঁহি বহি থাকে প্ৰতিদিন, প্ৰতিপল ৷ তেওঁৰ ওচৰত আছে ছয় দশকতে সংগ্ৰহ কৰা ৫ হাজাৰৰো অধিক কেছেটৰ বহুমূলীয়া সম্পত্তি ।

বিগত ৬০ টা বছৰে মতিলালে দিনটোত ছয়ৰ পৰা আঠ ঘণ্টা ধৰি গান শুনি আহিছে, পুৰণি টেপ ৰেকৰ্ডাৰত বজাই আহিছে কেছেটসমূহ । তেওঁৰ বাবে তেওঁৰ প্ৰিয় মাধ্যম সংগীত খেলা-ধূলাতকৈও বেছি আপোন, ই এটা থেৰাপী ।

‘‘সংগীত নুশুনিলে মোৰ মনটো অস্থিৰ হৈ পৰে । এতিয়া ই এক অভ্যাস, ঔষধ, জীৱন-ধাৰণৰ পদ্ধতি । বৰ্তমানৰ মানুহৰ দৰে ফোনত গান শুনাত অভ্যস্ত নহয় মই । মোৰ বাবে সুৰ মোৰ টেপ ৰেকৰ্ডাৰ ৷’’ বৰ্ষীয়ান লোকজনে কয় ৷

OLD CASSETTE COLLECTOR INDIA
বহু পুৰণি হিন্দী গীতৰ কেছেট আজিও আছে এই ভঁৰালটোত (ETV Bharat)

মতিলালৰ সংগীতৰ প্ৰতি আজীৱন প্ৰেমৰ সম্পৰ্ক এটা অপমানজনিত ঘটনাৰে আৰম্ভ হৈছিল । তেওঁ কয়, ‘‘মই মাত্ৰ ১৫ বছৰ বয়সতে এখন চাহৰ ষ্টল চলাইছিলো । এদিন এখন দোকানত এটা ধুনীয়া টেপ ৰেকৰ্ডাৰ দেখি দামৰ কথা সুধিছিলো । কিন্তু কোনোবাই মোক উপহাস কৰিছিল যে মোৰ পকেটত টকা থাকিলেহে এনে এটা সামগ্ৰী কিনিব পাৰিম ।’’

সেই অপমানসূচক কথাখিনি তেওঁৰ মনত ৰৈ গ’ল ৷ মতিলালে নিজৰ সঞ্চিত ধনখিনি জমা কৰি গৈ শেষত টেপ ৰেকৰ্ডাৰটো ক্ৰয় কৰে ৷ তেওঁ কয়, ‘‘মই প্ৰমাণ কৰিব বিচাৰিছিলো যে মই কৰিব পাৰো । তেনেকৈয়ে মোৰ চখটো মোৰ আবেগত পৰিণত হ’ল ।’’

সেইদিনাৰ পৰা সংগীত তেওঁৰ আজন্ম সংগী হৈ পৰিল । তেওঁ কয়, ‘‘সেই দিনবোৰত নিজৰ প্ৰিয় গান শুনিব বিচৰা লোকসকলৰ বাবে টেপ ৰেকৰ্ডাৰ আৰু কেছেট আটাইতকৈ বেছি বিচাৰিছিলো ।” বছৰ বছৰ ধৰি মতিলালে নিজৰ মৰমৰ সম্পদটো সযতনে সংৰক্ষণ কৰি ৰাখিছিল, প্ৰতিখন কেছেটে তেওঁৰ মনত কিছু কথা, কিছু স্মৃতি মনত পেলাই দিছিল । যেতিয়াই তেওঁৰ টেপ ৰেকৰ্ডাৰটো বেয়া হয়, তেতিয়াই তেওঁ তৎক্ষণাত মেৰামতি কৰে বা আন এটা কিনি লয় । তেওঁ খৰধৰকৈ লগতে কয়, ‘‘মোৰ সংগীতৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো ।’’

OLD CASSETTE COLLECTOR INDIA
এয়া যেন এক সুৰীয়া যাত্ৰা (ETV Bharat)

ষ্ট্ৰীমিং প্লেটফৰ্ম আৰু ব্লুটুথ স্পীকাৰৰ যুগত মতিলাল নিজৰ পুৰণি টেপ ৰেকৰ্ডাৰৰ লগতে আৰু কেছেটৰ প্ৰতি আনুগত্যশীল । মতিলালে কয়, ‘‘কেছেট শুনাৰ এটা বেলেগ মাদকতা আছে । মই অনুভৱ কৰোঁ যে আমি টেপ ৰেকৰ্ডাৰত বজালে সংগীতৰ শব্দ ভাল হয় । শব্দ, ছন্দ - সকলো সজীৱ অনুভৱ হয় । আজিৰ যন্ত্ৰবোৰে সেই অনুভৱৰ সৈতে তাল-মিল ধৰি ৰাখিব নোৱাৰে ।’’

মহম্মদ ৰফি, লতা মংগেশকাৰ, কিশোৰ কুমাৰৰ পৰা আৰম্ভ কৰি মুকেশলৈকে গায়কসকলক সামৰি শ শ গীত মুখস্থ কৰিছে তেওঁ, যাৰ অধিকাংশই বলীউডৰ সোণালী যুগৰ । কেতিয়াবা তেওঁ এটা গীত লুপত বজায়, যদিহে সেইটো তেওঁৰ প্ৰিয় । তেওঁ কয়, ‘‘এই গীতবোৰ কেতিয়াও পুৰণি নহয় । ই মোক কালিৰ সুমধুৰ সংগীতৰ সৈতে সংযোগ কৰি ৰাখে ।’’

এটা সুখী পৰিয়ালত জন্মগ্ৰহণ কৰা মতিলালে পিতৃ জীয়াই থকাৰ সময়তো কঠিন সময় দেখিছিল । আৰ্থিক সংগ্ৰামৰ বাবে ষষ্ঠ শ্ৰেণীৰ পিছত স্কুল এৰিবলগীয়া হৈছিল আৰু জীয়াই থাকিবলৈ বিভিন্ন ধৰণৰ চাকৰি কৰিবলগীয়া হৈছিল । তেওঁ কয়, ‘‘আমি পৰিয়ালৰ ধন-সম্পত্তি হেৰুৱালোঁ ৷ বাকী সকলো হেৰাই যোৱাৰ পিছতো সংগীতে মোক শান্তি দিলে ।’’

আজি তেওঁৰ কেছেটবোৰে তেওঁক সংগ দিয়ে আৰু তেওঁক জীয়াই থকাৰ অনুভৱ কৰোৱায় ৷ তেওঁক সান্ত্বনা আৰু শক্তি দুয়োটাই দিয়ে । সুৰ সংৰক্ষণ কৰিব বিচৰা মতিলালে কয়, ‘‘কেছেট আৰু টেপ ৰেকৰ্ডাৰত যেতিয়াই মোৰ কেছেটবোৰ বজায়, কিছু সময়ৰ ভিতৰতে মই সুখী হৈ পৰো ।’’

লগতে পঢ়ক: OLX-ৰ জৰিয়তে কিনিছিল গাড়ী, উমান পালে বিক্ৰী নকৰিলোহেঁতেন: দিল্লী বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকী