ETV Bharat / bharat

'মন কী বাত'ত পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

হাড়গিলা চৰাই সংৰক্ষণৰ বাবে অসম কন্যা পূৰ্ণিমা দেৱী বৰ্মনে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ ৷

PURNIMA DEVI BARMAN
'মন কী বাত'ত পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 2:57 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : দেওবাৰে ১৩৫ সংখ্যক 'মন কী বাত' ৰেডিঅ'ৰ যোগেৰে মনৰ ভাৱ ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ 'মন কী বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ আৰু বিশ্বৰ বিভিন্ন অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে দেশবাসীক সম্বোধন কৰা 'মন কী বাত' অনুষ্ঠান অসম কন্যা পূৰ্ণিমা দেৱী বৰ্মনৰ পদক্ষেপক প্ৰশংসা কৰে ৷

উল্লেখ্য যে, অসম কন্যা পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা চৰাই সংৰক্ষণ আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰবাবে সকলোৰে প্ৰশংসা লাভ কৰিছিল ৷ পূৰ্ণিমা দেৱী বৰ্মনৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি 'মন কী বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "অসমত এবিধ চৰাই পোৱা যায় ৷ যাক আমি হাড়গিলা বুলি কওঁ ৷ এই চৰাইবিধে পৰিৱেশ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত এক ভূমিকা পালন কৰে ৷"

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয়,"অসমৰ ভিন্ন প্ৰান্তত এই চৰাইবিধক অশুভ বুলি বিশ্বাস কৰে ৷ কিছু প্ৰান্তত ওখ ওখ গছবোৰ কাটি পেলোৱা হৈছে, য'ত হাড়গিলা চৰাইৰ বাসস্থান ৷ পৰিৱেশ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰা হাড়গিলা চৰাই কিছু লোকৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছিল ৷ এই সকলো দেখি অসম কন্যা পূৰ্ণিমা দেৱী বৰ্মনে ৰাইজক হাড়গিলাৰ বিষয়ে সজাগ কৰিবলৈ সংকল্প গ্ৰহণ কৰে ৷ ক্ৰমান্বয়ে ৰাইজৰ মাজত, মহিলাৰ মাজত হাড়গিলা চৰাইক লৈ সজাগতা আনিবলৈ সক্ষম হ'ল পূৰ্ণিমাই ৷"

তেওঁ কয়,"পূৰ্ণিমা দেৱী বৰ্মনে গ্ৰহণ কৰা হাড়গিলা চৰাই সজাগতা অভিযানত হাজাৰ হাজাৰ মহিলা জড়িত হৈ পৰিল ৷ যাক বৰ্তমান হাড়গিলা আৰ্মি বুলি আমি কওঁ ৷ হাড়গিলা আৰ্মিয়ে লোৱা পদক্ষেপৰ বাবে ৰাইজৰ মাজত সজাগ হ'ল আৰু হাড়গিলা চৰাইৰ ওপৰত থকা অন্ধবিশ্বাসবোৰ দূৰ হ'ল ৷"

প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্ণিমা দেৱী বৰ্মনৰ পদক্ষেপক প্ৰশংসা কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে পূৰ্ণিমা দেৱী বৰ্মন অভিনন্দন জ্ঞাপন কৰে ৷

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কয়, "দেশবাসীক সম্বোধন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান ‘মন কী বাত’ত অসমৰ কন্যা পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা চৰাই সংৰক্ষণৰ বাবে কৰা অনন্য প্ৰচেষ্টা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰাটো সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয়।"

তেওঁ লগতে কয়, "অসমৰ গৌৰৱ পূৰ্ণিমা দেৱী বৰ্মনে নিষ্ঠা আৰু একাগ্ৰতাৰে দেখুৱাই দিছে যে সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ বাবে এগৰাকী ব্যক্তিৰ প্ৰচেষ্টায়ো কিমান ডাঙৰ ভূমিকা ল’ব পাৰে । প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে বৰ্মনলৈও অভিনন্দন আৰু ভৱিষ্যৎ যাত্ৰাৰ বাবে শুভকামনা জ্ঞাপন কৰিলো ।"

দেওবাৰে মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নীলিমা দেৱী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া । বিলুপ্ত হ'বলৈ ধৰা হাড়গিলা সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনে কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশংসা কৰা কাৰ্যই আমাক অভিভুত কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী নীলিমা দেৱীয়ে ।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ১৩৫ সংখ্যক 'মন কী বাত'ত অসমৰ প্ৰায় বিলুপ্ত চৰাই হাড়গিলা সংৰক্ষণৰ বিষয়ে উল্লেখ কৰি বিশ্বৰ সন্মুখত আজি তুলি ধৰিছে আৰু তেখেতে সদায়েই ভাৰতবৰ্ষৰ প্ৰগতিৰ যি সপোন, তাক জনসাধাৰণৰ সন্মুখত বক্তব্য কৰে বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী ১৩৫ সংখ্যক ‘মন কী বাত’; সাগৰৰ পৰা আকাশলৈ ভাৰত দ্ৰুতগতিত আগবাঢ়িছে : মোদী