ETV Bharat / bharat

সাৱধান ! ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, আহিব বান, হ’ব ভূমিস্খলন !

লাখ লাখ লোকৰ অপেক্ষাৰ অন্ত পৰিব ৷ কিয়নো বাৰিষাই ইতিমধ্যে কেৰালামক স্পৰ্শ কৰিছে ৷

IMD monsoon knocks on kerala door : heavy rain alerts issued
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 12:33 PM IST

2 Min Read
Choose ETV Bharat

থিৰুৱনন্তপুৰম: অপেক্ষাৰ অন্ত পৰিল ৷ উত্তৰ বা পূব ভাৰতৰ দৰে দক্ষিণ প্ৰান্ততো হ’ব ধাৰাসাৰ বৰষুণ ৷ ফলত দক্ষিণ ভাৰতবাসীয়ে গৰমৰ পৰা কিছু সকাহ পাব বুলি অনুমান কৰা হৈছে ৷ সোমবাৰে বতৰ বিজ্ঞান বিভাগে এই কথা ঘোষণা কৰে ৷ লগতে কয় যে বাৰিষাই ইতিমধ্যে কেৰালাৰ উপকূলক স্পৰ্শ কৰিছে ৷

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা অনুসৰি, আগন্তুক কেবাটাও দিনত কেৰালামত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ কেৰালামত বাৰিষাৰ আগমন হোৱাৰ ফলত দেশৰ কেবাটাও অংশত ইয়াৰ প্ৰভাৱ পৰিব ৷ ধাৰাসাৰ বৰষুণৰ আশংকা কৰি বতৰ বিজ্ঞান বিভাগ চমুকৈ আইএমডিয়ে চলিত সপ্তাহৰ কেবাটাও দিনত কেৰালামৰ সাতখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।

বিভাগটোৱে জৱোনা মতে, কেৰালামৰ আলাপ্পুজা, কোট্টাইম, এৰনাকুলাম, থ্ৰিছুৰ আৰু মালাপ্পুৰামক বুধবাৰ আৰু বৃহস্পতিবাৰে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে বৃহস্পতিবাৰে পাঠানমথিটা আৰু কোজিকোডত সতৰ্কতা অৱলম্বন কৰা হৈছে । বতৰ বিজ্ঞানৰ বিষয়াসকলে, সাগৰ বা নৈ কাষত বাস কৰা লোকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ কয় ৷ ইফালে বতৰ বিশেষজ্ঞসকলে উক্ত জিলাসমূহৰ একাংশ অঞ্চলত ১১ৰ পৰা ২০ ছেণ্টিমিটাৰ বৰষুণ হ’ব পাৰে বুলিও সতৰ্কবাণী কৰিছে ৷

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এনে বৰষুণৰ ফলত চহৰ অঞ্চলত ক্ষন্তেকীয়া বানপানী আৰু পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকা বৃদ্ধি পায়, যাৰ ফলত দুৰ্যোগ ব্যৱস্থাপনা সংস্থাসমূহে নিৰীক্ষণ আৰু প্ৰস্তুতিৰ ব্যৱস্থা বৃদ্ধি কৰিবলৈ বাধ্য হয় । আন কেইবাখনো জিলাৰ বাবেও ইয়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে ৷ আগন্তুক বাৰিষাৰ ফলত কেৰালামৰ উপকূলত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে মাছমৰীয়াসকলক বতৰ উন্নত নোহোৱালৈকে সাগৰত নমাত বাধা আৰোপ কৰিছে ৷

লগতে পঢ়ক : বিগত ২৪ ঘণ্টাত ১৯ জনৰ মৃত্যু; ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ, কেবাখনো জিলাত জাৰি হাই এলাৰ্ট