তামিলনাডুত ঘূৰ্ণীবতাহ দিত্বাহত তিনিজন লোকৰ মৃত্যু; ৰে’ল আৰু বিমান সেৱা ব্যাহত, হেল্পলাইন নম্বৰ মুকলি
ঘূৰ্ণীবতাহ দিত্বাহে তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত বিস্তৰ ক্ষতি কৰিছে ৷ উপকূলীয় অঞ্চলত বজ্ৰপাতৰ সৈতে সামান্যৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত আছে ৷

Published : November 30, 2025 at 1:51 PM IST
|Updated : November 30, 2025 at 2:52 PM IST
হায়দৰাবাদ : দক্ষিণৰ ৰাজ্য তামিলনাডু ঘূৰ্ণীবতাহ দিত্বাহৰ ফলত বিধ্বস্ত হৈ পৰিছে ৷ উপকূলীয় জিলাসমূহত অব্যাহত আছে ধাৰাসাৰ বৰষুণ ৷ ৰাজ্যখনত এই পৰ্যন্ত তিনিজন লোকৰ মৃত্যু হৈছে ৷ ৰাজ্যখনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কে কে এছ এছ আৰ ৰামচন্দ্ৰনে এই কথা স্পষ্ট কৰে ৷
মন্ত্ৰী কে কে এছ এছ আৰ ৰামচন্দ্ৰনে কয়, "৫৬ হাজাৰ হেক্টৰ ভূমি ডুব গৈছে ৷ বৰষুণৰ ফলত তিনিজন লোকৰ মৃত্যু হয় ৷ নগাপট্টিনামকে ধৰি বদ্বীপ জিলাসমূহত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷ চেন্নাই, তিৰুৱল্লুৰ, কাঞ্চিপুৰমকে ধৰি উত্তৰ জিলাৰ বাবে য়েল্ল সতৰ্কবাণী জাৰি কৰা হৈছে ৷ তামিলনাডুৰ বিভিন্ন ঠাইত হোৱা বৰষুণৰ বাবে চেন্নাই ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ পৰিদৰ্শন কৰা হয় আৰু বিষয়াসকলে ধুমুহাৰ পৰিস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰে ৷"
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ধুমুহা বৰ্তমান কৰাইকালৰ ওচৰত আৰু লাহে লাহে আগবাঢ়িছে ৷ ইয়াৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ শ্ৰীলংকাত আবদ্ধ হৈ থকা তামিলসকলক আজি পুৱা বিমানযোগে নিৰাপদে ঘূৰাই অনাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে বিমান যাত্ৰাত বিলম্ব ঘটে ৷ বৰষুণৰ পানীত বিভিন্ন জিলাৰ ৫৬ হাজাৰ হেক্টৰ কৃষিভূমি বানত ডুব গৈছে৷ ইয়াৰে ২৪ হাজাৰ হেক্টৰ ভূমি নগাপট্টিনাম জিলাৰ, ১৫ হাজাৰ হেক্টৰ তিৰুভাৰুৰ, আৰু ৮ হাজাৰ হেক্টৰ মাইলাদুথুৰাই জিলাত ক্ষতিগ্ৰস্ত হৈছে ৷
#WATCH | Chennai, Tamil Nadu | Strong winds and rough sea conditions witnessed in the capital city as Cyclone Ditwah moves closer. Visuals from Marina Beach. pic.twitter.com/PC7mkodGjV
— ANI (@ANI) November 30, 2025
তেওঁ আৰু কয়, "বৰষুণ কমি যোৱাৰ পিছত ডুব যোৱা শস্য সন্দৰ্ভত ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰী ষ্টেলিনে ৷ বৰষুণৰ ফলত থুথুকুডি জিলাত এজন লোকৰ মৃত্যু হয় আৰু থাঞ্জাভুৰ জিলাত দেৱাল ভাঙি আন এজনৰ মৃত্যু হয় ৷ ময়লাদুথুৰাই জিলাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু ৷ এই পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৪৯ টা গৰুৰ মৃত্যু হৈছে ৷ ২৩৪টা জুপুৰি ক্ষতিগ্ৰস্ত হৈছে ৷ ধুমুহাৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ ৩৮টা দুৰ্যোগৰ দল সাজু হৈ আছে ৷ ইয়াৰ ভিতৰত আছে ১২টা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি দল, ১৬টা ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল, আৰু আন ৰাজ্যৰ ১০টা উদ্ধাৰকাৰী দল ৷"
মন্ত্ৰীগৰাকীয়ে কয় যে চেন্নাইত ৫টা আৰু ভিল্লুপুৰমত ৫টা উদ্ধাৰকাৰী দল উপস্থিত আছে ৷ ১১৮৫খন নাও সাজু হৈ আছে ৷
#WATCH | Tamil Nadu: Chengalpattu witnesses heavy rainfall due to the impact of #CycloneDitwah
— ANI (@ANI) November 30, 2025
As per IMD, the Cyclonic Storm Ditwah is very likely to move nearly northwards parallel to the North Tamil Nadu-Puducherry coasts during the next 24 hours. While moving northwards,… pic.twitter.com/ffBeiRdlX9
ইফালে দেওবাৰে পুৱা ৮:৩০ বজাত বতৰ বিজ্ঞান বিভাগ (আই এম ডি)ৰ আপডেট অনুসৰি যোৱা ছয় ঘণ্টাত ঘূৰ্ণীবতাহ দিত্বাহই ঘণ্টাত ৭ কিলোমিটাৰ বেগত প্ৰায় উত্তৰ দিশলৈ গতি কৰিছিল আৰু দক্ষিণ-পশ্চিম বংগ উপসাগৰ আৰু ইয়াৰ কাষৰীয়া উত্তৰ তামিলনাডু-পুডুচেৰী উপকূলৰ ওপৰত কেন্দ্ৰিত হৈ পৰিছিল ৷ অৱশ্যে বতৰ বিজ্ঞান বিভাগে এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ সন্দৰ্ভত একো কোৱা নাই ৷
অন্ধ্ৰ প্ৰদেশৰ উপকূলতো এই ঘূৰ্ণীবতাহে বিস্তৰ ক্ষতি কৰিছে ৷ বতৰ বিজ্ঞান বিভাগে নেল্লোৰ জিলাৰ বাবে অ‘ৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে চিট্টুৰ আৰু তিৰুপতি জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ৷
প্ৰতিকূল বতৰৰ বাবে ৰে’ল আৰু বিমান সেৱা ব্যাহত হৈ পৰিছে ৷ চেন্নাই বিমানবন্দৰত কমেও ৫৪খন নিৰ্ধাৰিত বিমান সেৱা বাতিল কৰা হৈছে ৷ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে ৷ মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, “যাত্ৰীসকলৰ সুবিধাৰ বাবে এটা হেল্পলাইন আৰু এখন ডেস্ক স্থাপন কৰা হৈছে, যাতে যাত্ৰীসকলে ৰে’লৰ সময়সূচী সলনি বা বাতিলৰ সৈতে জড়িত কোনো সমস্যাৰ সন্মুখীন নহয় ৷”
#UPDATE | Kindly take note of the list of Domestic and International flight cancellations at Chennai International Airport on 29.11.2025 due to adverse weather conditions.
— Chennai (MAA) Airport (@aaichnairport) November 29, 2025
Passengers are requested to check with their respective airlines for further updates. #DitwahCyclone pic.twitter.com/MjGK7hYn9l
শনিবাৰে বিয়লি চেন্নাই বিমানবন্দৰত ৫০খনতকৈও অধিক বিমান চলাচলত বাধাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷ যোৱা নিশা বিমানবন্দৰ কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াতো দুখন বিমান বাতিলৰ কথা প্ৰকাশ কৰে ৷ লগতে যাত্ৰীসকলক নিজ নিজ বিমান সংস্থাৰ শেহতীয়া তথ্যৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায় ৷
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ঘূৰ্ণীবতাহ দিত্বাহে বৰ্তমান কৰাইকালৰ পৰা ৯০ কিলোমিটাৰ পূব-উত্তৰ-পূব, বেদৰানিয়ামৰ পৰা ১২০ কিলোমিটাৰ, পুডুচেৰীৰ পৰা ১৩০ কিলোমিটাৰ দক্ষিণ-পূবে, শ্ৰীলংকাৰ জাফনাৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰ-উত্তৰ-পূবে আৰু চেন্নাইৰ পৰা ২২০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবে অৱস্থিত ৷
তামিলনাডুৰ নাগাপট্টিনামত অধিক ঢৌ আৰু অশান্ত পৰিস্থিতিৰ বাবে মাছমৰীয়াসকলক সাগৰত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে । নাওবোৰ পাৰত বান্ধি ৰখা হৈছে । বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘন্টাত উত্তৰ তামিলনাডু-পুডুচেৰী উপকূলৰ সমান্তৰালভাৱে গতি কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে ৷ আজি দুপৰীয়াৰ ভিতৰত দিত্বাহ দক্ষিণ-পশ্চিম বংগ উপসাগৰৰ ওপৰত অৱস্থান কৰিব ৷ তামিলনাডু-পুডুচেৰী উপকূলৰ পৰা নূন্যতম দূৰত্ব হ’ব ৭০ কিলোমিটাৰ ৷ আজি সন্ধিয়াৰ ভিতৰত এই দূৰত্ব আৰু হ্ৰাস পাব আৰু ৩০ কিলোমিটাৰ হ’ব৷
#WATCH | Nagapattinam, Tamil Nadu: Boats docked as fishermen have been advised by IMD not to venture into the sea due to high waves and turbulent conditions in the wake of #CycloneDitwa
— ANI (@ANI) November 30, 2025
As per IMD, the Cyclonic Storm #Ditwah is very likely to move nearly northwards parallel to… pic.twitter.com/cV0dcGHgIx
এনে পৰিস্থিতিত উপকূলীয় অঞ্চলত বজ্ৰপাতৰ সৈতে সামান্যৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত থাকিব ৷ বতৰ বিজ্ঞান বিভাগে বৰষুণৰ বাবে তামিলনাডুৰ আৰিয়ালুৰ, চেংগালপট্টু, চেন্নাই, কইম্বাটুৰ, কুড্ডালুৰ, ডিণ্ডিগুল, কাঞ্চিপুৰম, মায়লাদুথুৰাই, নাগাপট্টিনাম, পেৰামবালুৰ, ৰানিপেট, থাঞ্জাভুৰ, নীলগিৰি, তিৰুভাল্লুৰ, তিৰুৱৰুৰ, তিৰুপুৰ, তিৰুৱন্নমলাই আৰু ভিল্লুপুৰম জিলাত য়েল্ল এলাৰ্ট জাৰি কৰিছে ৷
দিত্বাহৰ প্ৰভাৱৰ বাবে বিগত কিছুদিন ধৰি নগাপট্টিনামত ধাৰাবাহিকভাৱে বৰষুণ দি আহিছে ৷ ফলত বৃহৎ অঞ্চলত পানী জমা হৈছে ৷ অৰুলমিগু বেদৰণ্যেশ্বৰ স্বামী মন্দিৰৰ গৰ্ভগৃহত পানী প্ৰৱেশ কৰিছে ৷ মন্দিৰৰ পুৰোহিতগৰাকীয়ে কয় যে যোৱা তিনিদিন ধৰি ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণ হৈ আহিছে ৷ ফলত মন্দিৰ চৌহদ পানীত ডুব যায় ৷ ভক্তসকলো অহা নাই ৷ তামিলনাডুৰ কেইবাটাও স্থানত ৰেড আৰু অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷

