হাণ্টা ভাইৰাছক লৈ দেশবাসী চিন্তিত হোৱাৰ প্ৰয়োজন নাই: চিকিৎসক
এখন জাহাজত হাণ্টা ভাইৰাছৰ সংক্ৰমণক লৈ বিশ্বজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে । তাৰ মাজত ভাৰতৰ একাংশ চিকিৎসক তথা বিশেষজ্ঞই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

By ANI
Published : May 8, 2026 at 7:08 PM IST
নতুন দিল্লী: "ভাৰতত হাণ্টা ভাইৰাছক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই আৰু দেশত কোনো মহামাৰীৰ ভাবুকি নাই ।" শুকুৰবাৰে চিকিৎসক তথা বিশেষজ্ঞসকলে এই কথা নিশ্চিত কৰিছে । দুগৰাকী ভাৰতীয় ক্ৰু সদস্যকে ধৰি ১৪৯ গৰাকী যাত্ৰী কঢ়িয়াই অনা ক্ৰুজ জাহাজত হাণ্টা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ খবৰ পোহৰলৈ অহাৰ পিছতে দেশজুৰি এক আতংকৰ সৃষ্টি হৈছে । সেই উদ্বেগ দূৰ কৰাৰ বাবে শুকুৰবাৰে বিশেষজ্ঞসকলে দেশত আতংকৰ কোনো কাৰণ নাই বুলি দাবী কৰিছে ।
আইচিএমআৰ-নেশ্ব'নেল ইনষ্টিটিউট অৱ ভাইৰ'লজী (এনআইভি) পুণেৰ সঞ্চালক ডাঃ নবীন কুমাৰে কয় যে ভাৰতীয় নাগৰিকৰ মাজত সংক্ৰমণৰ ঘটনাটো পৃথক । তেওঁ কয় যে এয়া বাহিৰৰ ঘটনা আৰু ইয়াত সংক্ৰমণৰ কোনো লক্ষণ থকা যেন নালাগে । তেওঁ লগতে কয়, "যিহেতু হাণ্টা ভাইৰাছৰ সংক্ৰমণ মূলতঃ এন্দুৰৰ দ্বাৰা হয় আৰু মানুহৰ মাজত সহজে বিয়পি নাযায়, সেয়েহে তাৎক্ষণিক জনস্বাস্থ্যৰ আশংকা কম ।"
ডাঃ কুমাৰে ভাইৰাছৰ সংক্ৰমণৰ ধৰণ ব্যাখ্যা কৰি স্পষ্ট কৰি দিয়ে যে মানুহৰ পৰা মানুহলৈ বিয়পি যোৱা অতি অস্বাভাৱিক । তেওঁ কয়, "হাণ্টা ভাইৰাছ প্ৰধানকৈ এন্দুৰৰ মল-মূত্ৰৰ দ্বাৰা মানুহলৈ সংক্ৰমিত হয় । সাধাৰণতে গুদাম, জাহাজ, ভঁৰাল আৰু সামগ্ৰী মজুত থকা স্থানৰ দৰে বন্ধ হৈ থকা কোঠাত এন্দুৰে মল-মূত্ৰ ত্যাগ কৰিলে এৰ'ছ'লাইজড ভাইৰাছ উশাহৰ লগত গৈ মানুহ সংক্ৰমিত হয় । এন্দুৰে কামুৰিলেও খুব কমেইহে সংক্ৰমিত হ'ব পাৰে । ক'ভিড-১৯ৰ বিপৰীতে মানুহৰ পৰা মানুহলৈ সংক্ৰমণ অত্যন্ত অস্বাভাৱিক । বিশেষকৈ এছিয়া আৰু ইউৰোপত পোহৰলৈ অহা বেছিভাগ ঘটনাতে হান্টা ভাইৰাছ মানুহৰ মাজত সংক্ৰমণ হোৱা নাই ।"
ইফালে ৰোগ নিৰ্ণয় সন্দৰ্ভত ডাঃ কুমাৰে কয় যে ভাৰতত হান্টা ভাইৰাছৰ সংক্ৰমণ ধৰা পেলোৱাৰ বাবে পৰীক্ষণ ব্যৱস্থা অতি শক্তিশালী । তেওঁ কয় যে ভাৰতত আইচিএমআৰ-নেশ্ব'নেল ইনষ্টিটিউট অৱ ভাইৰ'লজী (আইচিএমআৰ-এনআইভি) আৰু দেশজুৰি ভাইৰেল ৰিছাৰ্চ এণ্ড ডায়েগনষ্টিক লেবৰেটৰী (ভিআৰডিএল) নেটৱৰ্কৰ ১৬৫ টা লেবৰ জৰিয়তে হান্টা ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা কৰিব পৰা যায় । য'ত সন্দেহযুক্ত ৰোগী ধৰা পেলাবলৈ আৰটি-পিচিআৰৰ সুবিধা উপলব্ধ ।
আনহাতে এইমছ দিল্লীৰ কমিউনিটি মেডিচিনৰ অধ্যাপক ডাঃ পুনীত মিশ্ৰই কয় যে ভাৰতীয় ক্ৰু সদস্যসকলৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমানো জানিব পৰা হোৱা নাই । কিন্তু ইয়াতকৈ বেছি জনস্বাস্থ্যৰ কোনো বিপদ নাই বুলি তেওঁ দাবী কৰে । তেওঁ কয়, "তেওঁলোক ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল, সংক্ৰমিত হওক বা নহওক; সেই তথ্য মোৰ হাতত এই মুহূৰ্তত নাই । কিন্তু মহামাৰীৰ ভাবুকি নাই । জনসাধাৰণে চিন্তা কৰা উচিত নহয় । আতংকৰ প্ৰয়োজন নাই ।"
তেওঁ স্পষ্ট কৰি দিয়ে যে হান্টা ভাইৰাছ কোনো নতুন ৰোগ নহয় আৰু ইয়াৰ প্ৰকৃতি আৰু সংক্ৰমণৰ ধৰণ দুয়োটা দিশতে ক'ভিড-১৯ৰ পৰা যথেষ্ট পৃথক । তেওঁ কয়, "ক'ভিড এটা নতুন ভাইৰাছ আছিল । আমি ক'ভিডৰ বিষয়ে একো নাজানিছিলোঁ । শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ জৰিয়তে সংক্ৰমণ গম পোৱা গৈছিল । এই হাণ্টা ভাইৰাছ এন্দুৰ, নিগনি আদিৰ জৰিয়তে বিয়পে । ইয়াৰ এটা প্ৰকাৰ মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হোৱাৰ ঘটনা পোহৰলৈ আহিছে । যিটো ভাইৰাছক এণ্ডিজ ভাইৰাছ বুলি জনা যায় । যিটো অতি বিৰল ।"
তেওঁ হান্টা ভাইৰাছৰ সংক্ৰমণৰ সৈতে জড়িত সাধাৰণ লক্ষণসমূহৰ কথা উল্লেখ কৰি কয় যে ভাইৰছৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি লক্ষণো ভিন্ন হ'ব পাৰে । তেওঁ কয়, "প্ৰধান লক্ষণসমূহ হ'ল ভাগৰুৱা অনুভৱ, জ্বৰ, বমি, ডায়েৰিয়া, পেটৰ বিষ আৰু পেশীৰ বিষ, গাঁঠিৰ বিষ ।" তেওঁ লগতে কয় যে হাওঁফাওঁ আৰু বৃক্কৰ সৈতে জড়িত লক্ষণো থাকিব পাৰে ।

