ETV Bharat / bharat

থিয়েটাৰাইজেশ্ব'নৰ বিৰোধী নহয়, সামৰিক কাঠামো দেশৰ প্ৰয়োজন সাপেক্ষ হ'ব লাগে : বায়ুসেনা প্ৰধান

বায়ুসেনা থিয়েটাৰাইজেশ্ব'নৰ বিৰোধী নহয় যদিও বৰ্তমানৰ ব্যৱস্থাটোক দুৰ্বল নকৰিবলৈ আহ্বান এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙৰ ।

Chief of Air Staff, Air Chief Marshal A P Singh
এয়াৰ চীফ মাৰ্শ্বাল এ পি সিং (IANS)
author img

By ETV Bharat Assamese Team

Published : August 23, 2026 at 4:14 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতীয় বায়ুসেনা থিয়েটাৰাইজেশ্ব'নৰ বিৰোধী নহয় । কিন্তু দেশৰ বিদ্যমান সামৰিক কাঠামোত অযথা বিঘিন নঘটোৱাকৈ আৰু ভাৰতৰ নিজস্ব প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দি এই ব্যৱস্থা ৰূপায়ণ কৰা উচিত বুলি উল্লেখ কৰে বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে ।

শনিবাৰে কানপুৰত এক অনুষ্ঠানত ভাষণ দি এয়াৰ চীফ মাৰ্শ্বালে কয় যে থিয়েটাৰাইজেশ্ব'নক লৈ বায়ুসেনাৰ স্থিতি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে নহয় । বায়ুসেনা এই ব্যৱস্থাৰ বিৰোধী নহয় কিন্তু বিষয়টোক সম্পূৰ্ণ বস্তুনিষ্ঠভাৱে পৰ্যালোচনা কৰাৰ পক্ষপাতী । আন এখন দেশৰ যিকোনো বস্তু অনুসৰণ নকৰি ভাৰতৰ সামৰিক শক্তি আৰু অধিক বৃদ্ধিৰ বাবে আভ্যন্তৰীণভাৱে পৰ্যালোচনা কৰাৰো তেওঁ আহ্বান জনায় ।

তেওঁ কয়, "মই ইয়াত মোৰ নিজৰ মানুহখিনিক আশ্বস্ত কৰিব পাৰো যে বায়ুসেনা সংবাদ মাধ্যমে কোৱা ধৰণে এই ব্যৱস্থাৰ বিৰোধী নহয় । বায়ুসেনাই কৈ আহিছে সেয়া হ'ল আমি বস্তুনিষ্ঠভাৱে চাওঁ আহক । আমাৰ কি কি সমস্যা আছে, ক'ত ভুল আছে আৰু কি সংশোধন কৰাৰ প্ৰয়োজন আছে সেয়া চোৱাৰ প্ৰয়োজন ।"

তিনিওটা সেৱাৰ মাজত অধিক সহযোগিতা নিশ্চিত কৰিবলৈ চৰকাৰে ২০১৯ চনত থিয়েটাৰাইজেশ্যনৰ পৰিকল্পনা ঘোষণা কৰিছিল । এই মডেলৰ অধীনত চৰকাৰে সেনা, বায়ুসেনা আৰু নৌসেনাৰ সামৰ্থ্যক একত্ৰিত কৰিব বিচাৰে আৰু যুদ্ধ আৰু অভিযানৰ বাবে তেওঁলোকৰ সম্পদসমূহ অনুকূলভাৱে ব্যৱহাৰ কৰিব বিচাৰে ।

বৰ্তমান ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ পৃথক পৃথক কমাণ্ড আছে । থিয়েটাৰাইজেশ্যনৰ অধীনত প্ৰত্যেকটো থিয়েটাৰ কমাণ্ডত সেনা, নৌসেনা আৰু বায়ুসেনাৰ ইউনিট থাকিব আৰু এই সকলোবোৰে এটা নিৰ্দিষ্ট ভৌগোলিক ভূখণ্ডত নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মোকাবিলাৰ ক্ষেত্ৰত একক সত্তা হিচাপে কাম কৰিব ।

২০১৯ চনত তিনিওটা বাহিনীৰ সামৰ্থ্য আৰু সম্পদ অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাৰ লক্ষ্য লোৱা হৈছিল যদিও এতিয়ালৈ এই ঘোষণাৰ অগ্ৰগতি দেখা পোৱা হোৱা নাই । বায়ুসেনা প্ৰধানগৰাকীয়ে লগতে কয় যে অপাৰেশ্বন সেন্দূৰ এতিয়া শেষ হোৱা নাই । সেয়ে এই পৰিস্থিতিত ব্যৱস্থাটোক যাতে দুৰ্বল কৰিব নোৱাৰে তাৰ বাবে গুৰুত্ব দিয়াৰ কথাও তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয়, "বায়ুসেনাৰ মুখ্য কাৰ্যালয়েও এই বিষয়টোক লৈ পৰ্যালোচনা কৰি আছে । চৰকাৰক দিয়া সকলো ইনপুটৰ ভিত্তিত চৰকাৰে সঠিক সিদ্ধান্ত ল'ব বুলি মই নিশ্চিত ।" ইয়াৰ উপৰিও সামৰিক সঁজুলি আৰু প্ৰযুক্তিৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপকো তেওঁ সমৰ্থন জনায় । তেওঁ কয় যে দেশৰ ব্যক্তিগত খণ্ডই বিদেশী নিৰ্মাতাৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰি সামৰিক উৎপাদন বৃদ্ধি কৰিব পাৰে । তেওঁ লগতে কয় যে ভাৰতীয় উদ্যোগসমূহে সকলো প্ৰযুক্তি বা সঁজুলি সময়মতে নিৰ্মাণ কৰা সম্ভৱ নহ'বও পাৰে । সেয়ে এই অংশীদাৰিত্বই দেশৰ সামৰিক আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰিব পাৰিব ।

লগতে পঢ়ক :

ওড়িশা উপকূলত ডুবিল পানামাৰ পতাকাবাহী মালবাহী জাহাজ, দুজনক উদ্ধাৰ