হায়দৰাবাদৰ পৰা মহাৰাষ্ট্ৰলৈ এতিয়া মাথোঁ তিনিঘণ্টাৰ বাট !
তেলেংগানা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰক সামৰি প্ৰস্তুত কৰা এই ৰে’ল প্ৰকল্পই ৬৭১ কিলোমিটাৰ দৈৰ্ঘ সামৰি ল’ব ৷

Published : May 18, 2026 at 6:15 PM IST
হায়দৰাবাদ: এটি অত্যন্ত ভাললগা, অভিজ্ঞতা সম্পন্ন যাত্ৰা হৈছে ৰে’লযাত্ৰা ৷ প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যৰাজি উপভোগ কৰি নিজৰ ভাললগা ঠাইলৈ যাত্ৰা কৰাটোৰ সমান আনন্দৰ কথা কি হ’ব পাৰে ৷ ৰে’লযোগে ভ্ৰমণ কৰি ভালপোৱা লোকসকলৰ বাবে আছে এটা সুখবৰ ৷ এই সুখবৰ বিশেষকৈ হায়দৰাবাদী লোকসকলৰ বাবে লৈ আহিছোঁ ৷
দক্ষিণৰ চহৰ হায়দৰাবাদৰ পৰা দেশৰ বাণিজ্যিক চহৰ মুম্বাইলৈ ৰাষ্ট্ৰীয় ঘাইপথযোগে যাতায়াত কৰিবলৈ প্ৰায় ১২ ঘণ্টা আৰু ৰে’লযোগে যাত্ৰা কৰিবলৈ প্ৰায় ১৫ ঘণ্টা সময়ৰ প্ৰয়োজন হয় ৷ কিন্তু এতিয়াৰে পৰা ৰাজ্য দুখনৰ মাজত যাতায়াত কৰিবলৈ ইমান সময়ৰ প্ৰয়োজন নহ’ব ৷ কিয়নো শীঘ্ৰেই মুকলি কৰা হ’ব হায়দৰাবাদ-পুনে-মুম্বাই সংযোগী দ্ৰুতবেগী ৰে’ল কৰিড’ৰ ৷ যাৰ ফলত হায়দৰাবাদৰ পৰা মুম্বাইলৈ মাত্ৰ তিনিঘণ্টাৰ ভিতৰতে বুলেট ট্ৰেইনেৰে যাত্ৰা কৰিব পৰা যাব । এই ৰে’লখনে ঘণ্টাত সৰ্বোচ্চ ৩০০ কিল’মিটাৰ বেগত যাত্ৰা কৰিব ।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় হাইস্পীড ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডে ৰাজ্য চৰকাৰক জনাইছে যে জৰীপ সম্পূৰ্ণ হোৱাৰ পিছত বিশদ প্ৰকল্পৰ প্ৰতিবেদন চূড়ান্ত কৰা হৈছে । নিগমে লগতে উল্লেখ কৰিছে যে কৰিড’ৰটো সম্পূৰ্ণ হোৱাৰ পিছত হায়দৰাবাদৰ পৰা মুম্বাইলৈ অত্য়াধিক স্পীডযুক্ত বুলেট ট্ৰেইনযোগে যাত্ৰা কৰিবলৈ নূন্যতম ২.৫৫ ঘণ্টা আৰু সৰ্বাধিক ৩.১৩ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব ৷
এই প্ৰকল্পটোৰ আন এটা আমোদজনক বৈশিষ্ট্য হ’ল মহাৰাষ্ট্ৰৰ তিনিটাকৈ নিৰ্দিষ্ট স্থানত ৩৫.৩০ কিল’মিটাৰ দৈৰ্ঘৰ সুৰংগ ৷ এই কৰিড’ৰৰ খাণ্ডালা ঘাট অংশত পাহাৰৰ মাজৰ ১৩ টা ভিন্ন স্থানত সুৰংগ খন্দা হ’ব, যাৰ জৰিয়তে এখন ৰে’লে অনায়াসে মুঠ ২৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব ৷
হায়দৰাবাদৰ মেট্ৰ’ ৰে’ল ব্যৱস্থাৰ দৰেই উচ্চ ট্ৰেক ব্যৱহাৰ কৰি এই তীব্ৰবেগী ৰে’ল কৰিড’ৰ নিৰ্মাণ কৰা হ’ব । পাহাৰীয়া ভূখণ্ড, মাটিৰ তলৰ অংশ আৰু নদী পাৰ হ'বলৈ নিৰ্মাণ কৰিবলগীয়া এই প্ৰস্তাৱিত তীব্ৰবেগী ৰে’ল কৰিড’ৰৰ আছে আন কেইবাটাও বৈশিষ্ট্য ৷
বিগত ১ ফেব্ৰুৱাৰীত দাখিল কৰা কেন্দ্ৰীয় বাজেটত চৰকাৰে ৯ খন ৰাজ্যত বহল পৰিসৰত ৭ টাকৈ তীব্ৰবেগী ৰে’ল কৰিড’ৰ প্ৰকল্প নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ৷ ইয়াৰে তিনিটা হায়দৰাবাদত নিৰ্মাণ কৰা হ’ব । হায়দৰাবাদ-চেন্নাই আৰু হায়দৰাবাদ-বেংগালুৰু কৰিড’ৰ বৰ্তমান জৰীপৰ পৰ্যায়ত আছে ৷ আনহাতে, হায়দৰাবাদ-পুনে-মুম্বাই প্ৰকল্পৰ বাবে জৰীপ সম্পূৰ্ণ হৈছে আৰু বিশদ প্ৰকল্প প্ৰতিবেদন(ডিপিআৰ) প্ৰস্তুত কৰা হৈছে ।
উচ্চ ক্ষমতাসম্পন্ন এই কৰিড’ৰৰ মুঠ দৈৰ্ঘ হৈছে ৬৭১ কিল’মিটাৰ । ইয়াৰে তেলেংগানাই ৯৩ কিল’মিটাৰ(১৪ শতাংশ), কৰ্ণাটকে ১২১ কিলোমিটাৰ(১৮ শতাংশ) আৰু মহাৰাষ্ট্ৰই সৰ্বাধিক ৪৫৭ কিলোমিটাৰ(৬৮ শতাংশ) দূৰত্বক সামৰি ল’ব ৷
প্ৰস্তাৱিত ষ্টেচনসমূহ
তেলেংগানা : বিকাৰাবাদ, হায়দৰাবাদ(কোকাপেট)
কৰ্ণাটক : কালাবুৰাগী
মহাৰাষ্ট্ৰ : বিখৰোলি, থানে, নৱী মুম্বাই, লোনাৱলা, পিম্পৰী-চিঞ্চৱাড়, পুনে, বাৰামাটি, পান্ধৰপুৰ আৰু ছোলাপুৰ ৷
উন্নীতকৰণৰ বাবে প্ৰতিটো ষ্টেচনত ২৪৭ একৰ ভূমি আবণ্টন
এই প্ৰকল্পৰ স্বকীয়তা কেৱল বুলেট ট্ৰেইনতে সীমাবদ্ধ নহয় । ৰে’লখন ৰ’বলগীয়া ষ্টেচনসমূহৰো একক তথা নিজস্ব বৈশিষ্ট্য থাকিব ৷ এই ষ্টেচনসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ লেখীয়াকৈ বিভাগে নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ প্ৰতিটো ষ্টেচনৰ চৌহদতে অট্টালিকা, পাৰ্কিং স্থান আৰু অন্যান্য সুবিধাৰ বাবে ২৪৭ একৰ ভূমিৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে ৷
ইয়াৰ বাবে ৰাজ্য চৰকাৰক পৰ্যাপ্ত ভূমি প্ৰদান কৰিবলৈ এনএইচএছআৰচিএলে আহ্বান জনাইছে । শেহতীয়া বৈঠকত প্ৰথমে লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী কোমাটিৰেড্ডী ভেংকট ৰেড্ডীৰ সৈতে আৰু পিছলৈ মুখ্য সচিব ৰামকৃষ্ণ ৰাও আৰু বিশেষ মুখ্য সচিব(পৰিবহণ আৰু আৰএণ্ডবি) বিকাশ ৰাজৰ সৈতে সংস্থাটোৰ বিষয়াসকলে প্ৰকল্পটোৰ বিশদ বিৱৰণ দাঙি ধৰে আৰু ৰাজ্য চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ ৰূপৰেখা দাঙি ধৰে ।
পূৰ্বে কোকাপেট আৰু বিকাৰাবাদক ৰাজ্যখনৰ হাইস্পীডযুক্ত ৰে’ল ষ্টেচনৰ সম্ভাব্য স্থান হিচাপে নিৰ্বাচিত কৰা হৈছিল যদিও এতিয়া শ্বামছাবাদকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে এই সিদ্ধান্ত চূড়ান্ত হোৱা নাই যদিও বিমানবন্দৰৰ সমীপতে এই ষ্টেচন নিৰ্মাণ কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে, বিকাৰাবাদ আৰু কোকাপেটত ষ্টেচনৰ বাবে প্ৰয়োজনীয় চৌহদ আৰু অট্টালিকা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰক মুঠ ২৪৭ একৰ ভূমি আবণ্টন দিবলৈ এনএইচএছআৰচিএলে অনুৰোধ জনাইছে । তদুপৰি এটা ডিপো স্থাপনৰ বাবেও সংস্থাটোৱে পৰ্যাপ্ত ভূমি বিচাৰিছে ৷
নদীৰ ওপৰত বৃহৎ দলং
প্ৰস্তাৱিত এই প্ৰকল্পটোত মুঠ ১০১ খন দলং নিৰ্মাণ কৰা হ’ব ৷ ইয়াৰে ১৩ খন হ’ব তীখাৰ দলং। ডাঙৰ ডাঙৰ নদীৰ ওপৰেৰে ২৯ খন বৃহৎ দলং নিৰ্মাণ কৰাৰো চিন্তা-চৰ্চা চলিছে ৷ বিশেষকৈ মুল-মুঠা নদীৰ ওপৰত ৩৬০ মিটাৰ দৈৰ্ঘৰ এখন দলং, ভীমা নদীৰ ওপৰত ২৮০ মিটাৰ দৈৰ্ঘৰ দলং আৰু বড়ী নদীৰ ওপৰত ২২৫ মিটাৰ দৈৰ্ঘৰ এখনকৈ মুঠ তিনিখন দলং নিৰ্মাণ কৰা হ’ব ।
অনুমান কৰা হৈছে যে এই কৰিড’ৰ মুকলিৰ প্ৰথমটো বছৰত দৈনিক ৬৩,৪৯৪ গৰাকী লোকে যাত্ৰা কৰাৰ সম্ভাৱনা আছে ৷ এই সংখ্যা ২০৪১ চনৰ ভিতৰত ৯৫,০৫০ গৰাকী, ২০৫১ চনৰ ভিতৰত ১২২,৭২৭ গৰাকী আৰু ২০৬১ চনৰ ভিতৰত ১৫২,০৯২ গৰাকী হোৱাৰ অনুমান প্ৰকাশ কৰা হৈছে ৷
বৰ্তমানৰ ৰে’ল ষ্টেচনটো বিকাৰাবাদ হাইস্পীড ৰে’ল ষ্টেচনৰ পৰা ২.৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ ষ্টেচনটোৰ পৰা বিকাৰাবাদ চহৰখনলৈ দূৰত্ব হৈছে ৩ কিল’মিটাৰ ৷ প্ৰস্তাৱিত ষ্টেচন চৌহদৰ এলেকাৰ বাবে নিৰ্ধাৰণ কৰা ভূমিভাগ ব্যক্তিগত মালিকানাধীন বুলি জানিব পৰা গৈছে ।
আনহাতে, কোকাপেট হাইস্পীড ৰে’ল ষ্টেচনটো প্ৰস্তাৱিত মেট্ৰ’ ৰে’ল ষ্টেচন(কোকাপেট নিঅ’পলিছ) মাত্ৰ ০.৫ কিল’মিটাৰ দূৰৈত অৱস্থিত ৷ য’ৰ পৰা আউটাৰ ৰিং ৰোডৰ দূৰত্ব মাত্ৰ ০.০১ কিল’মিটাৰ আৰু লিংগামপল্লী ৰে’ল ষ্টেচনৰ দূৰত্ব ১৩ কিল’মিটাৰ ৷ এই প্ৰস্তাৱিত ষ্টেচন এলেকাৰ বাবে নিৰ্ধাৰিত ভূমি ব্যক্তিগত আৰু চৰকাৰী মালিকীস্বত্বৰ মিশ্ৰণ ।
প্ৰতিখন ৰে’লত থাকিব ১৬ টাকৈ দবা আৰু ১,২১৫ গৰাকী যাত্ৰী কঢ়িয়াই নিয়াৰ ক্ষমতা
প্ৰতিখন বুলেট ট্ৰেইনত ১৬ টাকৈ দবা থকাৰ লগতে মুঠ ১,২১৫ গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব ৷ প্ৰকল্পটোৰ কাম-কাজত সহায় কৰিবলৈ মহাৰাষ্ট্ৰৰ থানেত এক বৃহৎ বুলেট ট্ৰেইন ডিপো আৰু ৱৰ্কশ্বপ স্থাপন কৰাৰ বিপৰীতে হায়দৰাবাদত আন এটা ডিপো নিৰ্মাণ কৰা হ’ব । আনহাতে, মুম্বাইত এটা অপাৰেশ্যন নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক: নৰৱেত উপস্থিত প্ৰধানমন্ত্ৰী মোদী: বিমানবন্দৰত প্ৰধানমন্ত্ৰীয়ে জনালে আদৰণি

