হায়দৰাবাদক আৱৰ্জনামুক্তৰ লক্ষ্য় : আইটি পেছাদাৰীয়ে বিয়াত খাদ্য পৰিবেশন কৰি সংগ্ৰহ কৰে আৱৰ্জনা
হাইদৰাবাদৰ তথ্য প্ৰযুক্তি খণ্ডত কাম কৰা পেছাদাৰীৰ সামাজিক সেৱাৰ কথা জানিলে আপুনিও হ'ব আচৰিত ।

Published : August 24, 2026 at 7:05 PM IST
কৰিমনগৰ( হায়দৰাবাদ): তেওঁলোকে বিয়ালৈ আহে; কিন্তু অতিথি হিচাপে নহয় । খাদ্য পৰিবেশন কৰাৰ লগতে আৱৰ্জনা সংগ্ৰহ কৰাটোৱে তেওঁলোকৰ কাম । এই লোকসকলে এই খাদ্য় পুতিবলৈ আনকি খাৱৈলৈকেও আনে । চহৰখনত আৱৰ্জনাৰ দম যাতে জমা নহয় সেইবাবেহে তেওঁলোকে এনে কাম কৰে । এই লোকসকল কোন জানেনে ?
এওঁলোক কোনো হাজিৰা কৰা লোক বা শ্ৰমিক নহয়, নতুবা সাধাৰণ কৰ্মী বুলিও ক'ব নোৱাৰে । এইসকল হৈছে হাইদৰাবাদৰ তথ্য প্ৰযুক্তি খণ্ডত কাম কৰা পেছাদাৰী লোকহে । হাইদৰাবাদৰ তথ্য প্ৰযুক্তি খণ্ডত কাম কৰা পেছাদাৰী এটা গোটে বিয়া, সবাহৰ অনুষ্ঠানলৈ বিনা নিমন্ত্ৰণে যায় ।
তেওঁলোকে খাবলৈ বা কিবা পোৱাৰ আশাত নাযায়, উদ্দেশ্য় এটাই উপযুক্তভাৱে খাদ্য পৰিবেশন আৰু আৱৰ্জনা সংগ্ৰহ ।
আপুনি হয়তো এই কাম কৰাৰ কথা সপোনতো ভাবিব নোৱাৰে । তেওঁলোকে কিন্তু ছুটীৰ দিনত কেৱল জিৰণি লৈ ঘৰত বহি আনন্দ লোৱাৰ পৰিৱৰ্তে এইদৰে ব্যস্ত হৈ পৰিছে । এই লোকসকলে চহৰখনক আৱৰ্জনামুক্ত আৰু পৰিষ্কাৰ কৰাৰ লগতে ইয়াৰ পৰিমাণ হ্ৰাস কৰিবলৈ আৰু পুৰণি বা পেলনীয়া বস্তুক পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিবলৈ সমাজক সজাগ কৰাৰ কামত আগুৱাই আহিছে ।
চহৰ প্ৰদূষণমুক্ত কৰিবলৈ পদক্ষেপ :
কিছুদিন পূৰ্বে কৰিমনগৰৰ ছালেহ নগৰত এটি হলত বিবাহৰ আয়োজন কৰা হৈছিল । প্ৰায় ৪,০০০ অতিথি বিয়াত উপস্থিত হৈছিল । তেতিয়াই পৰিৱেশপ্ৰেমী এই দলটোৱে অন্য ধৰণৰ অভিযানত ব্যস্ত হৈ আছিল । তেওঁলোকে যিকোনো অনুষ্ঠানৰ সময়ত সৃষ্টি হোৱা অৱ্যৱহৃত সামগ্ৰীসমূহ যিকোনো ঠাইত পেলাই আৱৰ্জনাৰ সৃষ্টি কৰাৰ লগতে চহৰখন প্ৰদূষণমুক্ত কৰিবলৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য়েই এইদৰে অভিযান চলায় ।
বিয়া আদিত খাদ্য় কেনেদৰে পৰিৱেশন আৰু এইবোৰ ক'ত ৰাখিলে পৰৱেশ বিনষ্ট নহয় তাৰবাবে সকলোকে সুন্দৰভাৱে বুজাই দিয়ে । স্বেচ্ছাসেৱকসকলে ষ্টীলৰ প্লেটৰ ওপৰত কলপাতত খাদ্য পৰিৱেশন কৰে । ইয়াৰ ফলত খোৱাৰ পিছত প্লেট ধুবলৈ সাধাৰণতে লাগতিয়াল পানীৰ পৰিমাণ হ্ৰাস পায় । আনকি তেওঁলোকে পৰিৱেশ অনুকূল বেগ আৰু পাত্ৰত পেলনীয়া শাক-পাচলিৰ বাকলি, ফলমূলৰ টুকুৰা আৰু ৰৈ যোৱা খাদ্য পৃথককৈ সংগ্ৰহ কৰে ।
অতিথিৰ আগত আৱৰ্জনা পৃথকীকৰণ, পুনৰ ব্যৱহাৰ প্ৰদৰ্শন :
আৱৰ্জনা ডাষ্টবিনত পেলোৱাৰ পৰিৱৰ্তে দলটোৱে গছৰ ওচৰত গাত খান্দি জমা কৰে । এইদৰে সংগ্ৰহ কৰা আৱৰ্জনাখিনি গাতত পুতি সেইবোৰ প্ৰাকৃতিকভাৱে পচিবলৈ দিয়ে । ইয়াৰ ফলত সাৰ উৎপন্ন হ'ব ।
এই স্বেচ্ছাসেকসকলে বিয়াৰ আনন্দৰ মাজতেই হাজাৰ হাজাৰ আমন্ত্ৰিত অতিথিৰ আগত আৱৰ্জনা পৃথকীকৰণ, পুনৰ ব্যৱহাৰ আৰু সাৰ প্ৰস্তুতকৰণৰ গুৰুত্বৰ বিষয়েও ভালদৰে বুজাই দিয়ে ।
আহিংসা পৰম ধৰ্ম ফাউণ্ডেশ্যনৰ নামৰ সংগঠন এটাই এইদৰে সমাজৰ সকলোৰে কল্য়াণ হোৱাৰ বাবেই এইদৰে পেলনীয়া সমগ্ৰীক কিদৰে পুনৰ ব্য়ৱহাৰৰ উপযোগী কৰিব পাৰে তাৰেই পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিছে ।
জৈৱিক আৱৰ্জনা সাৰলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস :
আহিংসা পৰম ধৰ্ম ফাউণ্ডেশ্যনৰ নামৰ সংগঠনটোৰ সদস্য় বিনয়ে এই সন্দৰ্ভত কয়," এতিয়ালৈকে প্ৰায় ৩০ খন সভাত এনে ধৰণৰ সেৱা আগবঢ়াইছো । প্ৰতিটো স্থানতে আমি আৱৰ্জনা ডাঙৰ ডাঙৰ আৱৰ্জনাৰ দম কৰাৰ পৰিৱৰ্তে প্ৰায় ৫০০ কিলোগ্ৰাম জৈৱিক আৱৰ্জনা সাৰলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস কৰো ।" আহিংসা পৰম ধৰ্ম ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সন্তোষ পুল্লুৰিয়ে কয়, "চহৰ আৰু নগৰত আৱৰ্জনাৰ দম হ্ৰাস কৰিবলৈ আমি এইদৰে পদক্ষেপ গ্ৰহণ কৰিছো । আমি মানুহৰ মাজত দায়িত্বশীল কৰ্মপদ্ধতিৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছো ।”
ছুটিৰ দিনবোৰতো ব্য়স্ততা :
উল্লেখ্য় যে এই প্ৰচেষ্টাত হায়দৰাবাদৰ প্ৰায় ৩০ গৰাকী আই টি পেছাদাৰী জড়িত হৈ আছে । তেওঁলোকৰ ব্যস্ত চাকৰিৰ মাজতো আজৰি সময়ত, বিশেষকৈ সপ্তাহৰ অন্তত (ছুটিৰ দিনবোৰত) পৰিৱেশ সজাগতামূলক কাম-কাজ কৰি আহিছে । যোৱা এবছৰ ধৰি তেওঁলোকে আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত সজাগতা কাৰ্যসূচী চলাই আহিছে । তেওঁলোকে ৰাইজক দীৰ্ঘস্থায়ী তথা প্ৰকৃতি অনুকূল প্ৰথা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে।
লগতে পঢ়ক:এজাক 'ৰাজকুমাৰী'ৰ মাজত উমলি থকা হৰপ্ৰীতৰ পুৱা-গধুলি
চেনিৰ মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ কি আৰু কেতিয়া হ্ৰাস পাব চেনিৰ মূল্য ?

