হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ সৰ্বাধিক পৰিয়াল অনুকূল বিমানবন্দৰৰ স্বীকৃতি
সোমবাৰে ব্ৰিটেইনস্থিত ভ্ৰমণ অভিজ্ঞতা প্ৰদানকাৰী কোম্পানী AttractionTickets.com এ এই ঘোষণা কৰা বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

By PTI
Published : July 13, 2026 at 8:08 PM IST
হায়দৰাবাদ: হায়দৰাবাদস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অনন্য় কৃতিত্ব ৷ বিশ্বৰ চতুৰ্থ সৰ্বাধিক পৰিয়াল অনুকূল বিমানবন্দৰ হিচাপে হায়দৰাবাদ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ স্বীকৃতি লাভ ৷ সোমবাৰে ব্ৰিটেইনস্থিত ভ্ৰমণ অভিজ্ঞতা প্ৰদানকাৰী কোম্পানী AttractionTickets.com এ এই ঘোষণা কৰা বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই সন্মান AttractionTickets.com ৰ 'Happiest Airports Ranking' ৰ এক অংশ । এই ৰেংকিঙত পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ মূল মাপকাঠীৰ ভিত্তিত বিশ্বজুৰি ১৪০ টাতকৈও অধিক বিমানবন্দৰৰ মূল্যায়ন কৰা হৈছিল ৷ মুঠ ২০ নম্বৰৰ ভিতৰত হায়দৰাবাদস্থিত ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰে ১৮.৫ নম্বৰ লাভ কৰিছিল ।
গুগল ৰিভিউ ৰেটিং, শিশুৰ খেলা ঠাই, পৰিয়ালৰ নিৰাপত্তা লেন, শিশুৰ পোচাক সলনি কৰাৰ সুবিধা, ষ্ট্ৰলাৰ সেৱা, জিৰণি আৰু শুই থকা ঠাই, ৱাই-ফাইৰ মান, বিমানবন্দৰৰ আকাৰ আৰু নিউৰ’ডাইভাৰ্জেণ্ট ভ্ৰমণকাৰীৰ বাবে উপলব্ধ সহায় আদিকে ধৰি প্ৰায় নটা পৰিমাপৰ ওপৰত ভিত্তি কৰি এই নম্বৰ দিয়া হৈছিল । চলিত বৰ্ষৰ মে’ মাহত কৰা তথ্য বিশ্লেষণৰ জৰিয়তে চূড়ান্ত ফলাফল নিৰ্ধাৰণ কৰা হৈছিল ।
জিএমআৰ হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ মুৰব্বী কাধিৰ কাধিৰভানে এই সন্মান সম্পৰ্কে কয়, ‘‘হায়দৰাবাদ বিমানবন্দৰে বিশ্বৰ সৰ্বাধিক পৰিয়াল অনুকূল বিমানবন্দৰসমূহৰ ভিতৰত স্থান লাভ কৰাটো গৌৰৱৰ বিষয় । এই স্বীকৃতিয়ে ভ্ৰমণকাৰীসকলৰ বাবে এক অনন্য অভিজ্ঞতা সৃষ্টি কৰিব ৷ আমাৰ নিৰন্তৰ প্ৰচেষ্টাক ই প্ৰতিফলিত কৰে, যিটো অন্তৰ্ভুক্ত, চিন্তাশীলভাৱে ডিজাইন কৰা আৰু আজিৰ ভ্ৰমণকাৰীসকলৰ বিৱৰ্তনশীল প্ৰয়োজনীয়তাৰ সৈতে মিল থকা বিষয় ।’’
প্ৰেছ বিজ্ঞপ্তি অনুসৰি হায়দৰাবাদ বিমানবন্দৰৰ পৰিয়ালসমূহৰ বাবে এক চাপমুক্ত আৰু সৰ্বাংগীন অভিজ্ঞতা প্ৰদানৰ ওপৰত স্থায়ী মনোনিৱেশে এই মাইলৰ খুঁটি অৰ্জন কৰাত সহায় কৰে ।
বিমানবন্দৰটোত শিশুসকলে খেলিবলৈ আছুতীয়া ঠাই, পৰিয়ালৰ বাবে সুকীয়া কোঠা, সকলো টাৰ্মিনেল স্তৰৰ সুসজ্জিত শিশুৰ যতন কক্ষ, বিনামূলীয়া বেবী ষ্ট্ৰলাৰ আৰু পৰিয়ালসমূহক যাত্ৰাৰ সময়ত সহায় কৰিবলৈ প্ৰশিক্ষিত যাত্ৰী সেৱা সহযোগীকে ধৰি বহু চিন্তাশীলভাৱে মজুত কৰা সুবিধা উপলব্ধ ।
বিবৃতিটোত কোৱা হৈছে যো বিমানবন্দৰটোত উপলব্ধ অতিৰিক্ত সুবিধাসমূহ যেনে - যোগাসন কক্ষ, বিভিন্ন খাদ্য আৰু পানীয়ৰ বিকল্প আৰু পৰিয়াল অনুকূল বিপণিসমূহে ভ্ৰমণ অভিজ্ঞতাক অধিক পৰিমাণে সমৃদ্ধ কৰে ।
লগতে পঢ়ক: বিস্ফোৰণত কঁপি উঠিল ডিমাপুৰ: আছাম ৰাইফলছৰ কনভয়ত আক্ৰমণ, এজন সেনা জোৱান শ্বহীদ

