ETV Bharat / bharat

হায়দৰাবাদৰ সৰ্ববৃহৎ NYE পাৰ্টী ৰামোজী কাৰ্নিভাইব ২০২৬

২০২৬ চনৰ আৰম্ভণি স্মৰণীয় কৰিব বিচৰাসকলৰ বাবে হায়দৰাবাদৰ আইক’নিক ৰামোজী ফিল্ম চিটি হৈছে অন্যতম পচন্দ ।

Hyderabad biggest NYE party at Ramoji Carnivibe 2026
হায়দৰাবাদৰ আটাইতকৈ ডাঙৰ NYE পাৰ্টী ৰামোজী কাৰ্নিভাইব ২০২৬ (www.ramojifilmcity.com)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 5:58 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ আৰু প্ৰিমিয়াৰ থিম পাৰ্ক ৰামোজী ফিল্ম চিটি সাজু হৈছে ৩১ ডিচেম্বৰৰ বাবে । এই দিনটোতেই নতুন উৎসাহেৰে আন এক বছৰৰ আগমনক উদযাপন কৰা হ’ব ৷

ভাৰতৰ অন্যতম দৰ্শনীয় নৱবৰ্ষৰ প্ৰাকমুহূৰ্ত উদযাপন আয়োজন কৰিবলৈ সাজু হৈছে ৰামোজী ফিল্ম চিটি । ইয়াতেই পৰিয়াল আৰু বন্ধু-বান্ধৱীক ছটা থিম মণ্ডলত সংগীত, মনোৰঞ্জন আৰু উৎসৱমুখৰ উদযাপনৰ এক অবিস্মৰণীয় নিশাৰ ব্যৱস্থা কৰা হ’ব ।

Garden in Ramoji Film City
ৰামোজী ফিল্ম চিটিত বাগিচা (www.ramojifilmcity.com)

পৰিসৰ আৰু বৈচিত্ৰ্যৰ বাবে এই উদযাপন হ'ব উল্লেখযোগ্য । ভাৰতৰ অন্যতম ১৫ হাজাৰ বৰ্গফুটৰ বৃহৎ নৃত্য মঞ্চত অতিথিসকলে মুকলি আকাশৰ তলত নৃত্য় কৰিব পাৰিব । নিশাটোৰ মূল আকৰ্ষণ হৈছে উচ্চ শক্তিৰ 'ৱাৰ অৱ ডি জে' । ইয়াত চেলিব্ৰিটী ডি জে ছ'নী, নাড আৰু দীপকে মাজনিশাৰ কাউণ্ট ডাউনৰ আগলৈকে সকলোকে মনোৰঞ্জনৰ বাবে অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব ।

ছটা সুকীয়া মণ্ডলত মনোৰঞ্জন

ছটা সুকীয়া মণ্ডলত বিভক্ত কৰি এই স্থান চিনেমাৰ আশ্চৰ্যৰ দেশলৈ পৰ্যবসিত কৰা হ'ব । অতিথিসকলক গ্ল’ এঞ্জেলে আদৰণি জনাব । তদুপৰি সমগ্ৰ পথতেই ৰাজপথৰ পৰিবেশক আৰু সাজ-পোছাক পৰিহিত চৰিত্ৰসমূহে মনোৰঞ্জন দিব ।

উল্লেখ্য় যে এই মনোৰঞ্জনত কমেডী, মেজিক শ্ব’, আন্তঃৰাষ্ট্ৰীয় ফায়াৰ এক্ট আৰু এম্ফিথিয়েটাৰত ৱাইল্ড ৱেষ্টৰ ষ্টাণ্ট শ্ব’ আদি অন্তৰ্ভুক্ত কৰা হৈছে । সুসজ্জিত ফ্ল’টৰ সৈতে কাৰ্নিভেল পেৰেডে সভাস্থলীৰ মাজেৰে প্ৰৱেশ কৰিব । আনহাতে ব্যস্ত নিশাৰ উৎসৱমুখৰ পৰিৱেশটোক আৰু অধিক উৎসৱমুখী কৰি তুলিব ।

এই উদযাপনে উদ্যানখনৰ আইকনিক চলচ্চিত্ৰ পটভূমিত অত্যাধুনিক পোহৰৰ সংমিশ্ৰণ ঘটাই বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ ষ্টুডিঅ’ চৌহদত এক স্মৰণীয় অভিজ্ঞতাৰ সৃষ্টি কৰিব ।

পৰিয়ালৰ অনুকূল বৈশিষ্ট্য

এই উদযাপনত পৰিয়ালৰ বাবে বিশেষভাৱে থাকিব কিডছকেয়াৰ চিয়েষ্টা জ’ন । ইয়াৰ তত্বাৱধানত থকা স্থানত শিশুৱে নিৰাপদে জিৰণি লোৱাৰ লগতে খেলিব পাৰিব । সেয়েহে অভিভাৱকসকলে চিন্তামুক্ত হৈ উৎসৱ উপভোগ কৰিবলৈ সুযোগ লাভ কৰিব ।

আয়োজকসকলে অতিথিসকলক নিৰাপদে ঘৰলৈ উভতি যোৱাটো নিশ্চিত কৰিবলৈ পেছাদাৰী নিৰাপত্তাৰ লগতে চিকিৎসা সহায়ক দল, আনকি চালক সেৱাতো সুৰক্ষাক অগ্ৰাধিকাৰ দিছে ।

A night show at Ramoji Film City (file photo)
ৰামোজী ফিল্ম চিটিত এটা নাইট শ্ব' (www.ramojifilmcity.com)

নিশাটোত অতিথিসকলৰ বাবে সীমাহীন খাদ্য-পানীয়ৰ প্ৰস্তাৱ আন এক বিশেষ আকৰ্ষণ । মাজনিশা হোৱাৰ লগে লগে মিয়ামি ষ্টাইলৰ বল ড্ৰপ আৰু দৰ্শনীয় আতচবাজী প্ৰদৰ্শনৰ পিছত নিশাৰ আকাশখন আলোকিত কৰিব ৰঙীন চিম্ফনীয়ে ।

প্ৰতিটো বাজেটৰ বাবে পেকেজ

নিজৰ নিজৰ পচন্দ অনুসৰি তিনিটা পেকেজৰ ব্য়ৱস্থা কৰা হৈছে । প্ৰতি দম্পতীৰ বাবে ছিলভাৰ পেকেজৰ মূল্য ৫,৯৯৯ টকা, গোন্ডেনৰ মূল্য ৯,৯৯৯ টকা আৰু প্লেটিনামৰ মূল্য ১২,৯৯৯ টকা । আনহাতে, লগত অহা প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে পৃথক মূল্য নিৰ্ধাৰণ কৰা হৈছে । সকলো পেকেজ ৩১ ডিচেম্বৰৰ নিশা ৮ বজাৰ পৰা ১২.৩০ বজালৈকে বৈধ ।

২০২৬ চনৰ আৰম্ভণি স্মৰণীয় কৰিব বিচৰাসকলৰ বাবে ৰামোজী ফিল্ম চিটিত বিশ্বমানৰ মনোৰঞ্জন, চিনেমাৰ পৰিৱেশ, সুৰক্ষা ব্যৱস্থা আৰু পৰিয়ালৰ অনুকূল সুবিধাসমূহ উত্তম পছন্দ হ’ব পাৰে ।

আগ্ৰহী অংশগ্ৰহণকাৰীসকলে www.ramojifilmcity.com ৰ জৰিয়তে বা ৭৬৫৯৮-৭৬৫৯৮ নম্বৰত ফোন কৰি Ramoji Carnivibe 2026 ত হায়দৰাবাদৰ সৰ্ববৃহৎ ৩১ NYE পাৰ্টীৰ বাবে পেকেজ বুকিং কৰিব পাৰিব ।

লগতে পঢ়ক:১৮ ডিচেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটি শীতকালীন ফেষ্ট, নতুন বছৰ উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি

আৰম্ভ হ'ল ৰামোজী শীতকালীন উৎসৱ; শীৰ্ষত উপনীত পৰ্যটকৰ আনন্দ-উত্তেজনা