ETV Bharat / bharat

ঘৰৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰ ৩ সদস্যৰ মৃতদেহ; মহাৰাষ্ট্ৰত ছাত্ৰীৰ চৰম সিদ্ধান্ত

হায়দৰাবাদত এটা পৰিয়ালৰ ৩ সদস্যৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য । মহাৰাষ্ট্ৰতো স্কুলতে ছাত্ৰীয়ে ল'লে চৰম সিদ্ধান্ত ।

representational image
ঘৰৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰ ৩ টা মৃতদেহ (ANI)
author img

By ANI

Published : November 23, 2025 at 3:59 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ (তেলেংগানা) : হায়দৰাবাদত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে এটা পৰিয়ালৰ ৩ সদস্যৰ মৃতদেহ । চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহকেইটা । ঘটনাক লৈ সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে জনোৱা মতে শনিবাৰে নিশা হায়দৰাবাদৰ অম্বৰপেট থানাৰ অন্তৰ্গত এটা অঞ্চলত এই ঘটনাটো সংঘটিত হৈছে । বাসগৃহত পৰিয়ালটোৰ তিনিগৰাকী সদস্যক মৃত অৱস্থাত পোৱা গৈছে । আৰক্ষীৰ মতে মৃতদেহকেইটা এজন পুৰুষ, তেওঁৰ পত্নী আৰু কন্যাৰ আছিল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

এগৰাকী আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত কয়, "নিশা একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় । আমি গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত কৰি আছো ।" কিন্তু পৰিয়ালটোৱে চৰম সিদ্ধান্ত ল'লে নে কোনোৱে হত্যা কৰি থৈ গ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ পিছত হে সকলো তথ্য পোহৰলৈ আহিব ।

মহাৰাষ্ট্ৰত ছাত্ৰীৰ চৰম সিদ্ধান্ত

ইফালে ২১ নৱেম্বৰৰ পুৱা মহাৰাষ্ট্ৰৰ জালনা জিলাত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । স্কুল ভৱনৰ চাদৰ পৰাই জপিয়াই এগৰাকী ১৩ বছৰীয়া ছাত্ৰীয়ে । সদৰ আৰক্ষীৰ পৰিদৰ্শক সন্দীপ ভাৰতীয়ে ঘটনা সম্পৰ্কে জনোৱা মতে পুৱা প্ৰায় ৮ বজাত বিদ্যালয়খনৰ ওপৰ মহলাৰ পৰা এগৰাকী ছাত্ৰীয়ে জপিয়াই বুলি আৰক্ষীয়ে খবৰ লাভ কৰে । লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে । সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

পৰিদৰ্শক ভাৰতীয়ে উল্লেখ কৰে যে প্ৰাথমিক তদন্ত চলি আছে আৰু কেইবাটাও দিশ সামৰি তদন্ত চলোৱা হৈছে । সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :মণিপুৰৰ প্ৰাক্তন আৰক্ষী বিষয়াক হত্যা কৰি চৰম সিদ্ধান্ত ল'লে ভতিজাকে