ETV Bharat / bharat

মাত্ৰ ১৪ মাহ পূৰ্বে হৈছিল বিয়া, দামী গাড়ী-৫০ লাখ টকা ননাৰ বাবেই বোৱাৰীক হত্যাৰ অভিযোগ

ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ পৰিয়ালৰ লোকৰ দাবী- এয়া এক হত্যাকাণ্ড ৷ যৌতুকৰ বাবে এগৰাকী ২৪ বছৰীয়া বিবাহিত মহিলাক হত্যা কৰা অভিযোগ এটা পৰিয়ালৰ ৷

husband and father in law arrested in connection with the death of a girl in greater Noida
ঘটনাৰ মূল অভিযুক্ত পিতা-পুত্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 4:09 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী/নয়দা : দুচকুত বহু সপোন লৈ সমাজক সাক্ষী কৰি দুটি জীৱন এক হয়, যাক কোৱা হয়- বিবাহ ৷ ভাৰতীয় সভ্যতা-সংস্কৃতিত বিবাহক এক বিশেষ মৰ্যাদা প্ৰদান কৰা হয় ৷ এখন বিয়া কেৱল এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ মিলন নহয়, ই হৈছে দুখন ঘৰ, দুটা পৰিয়ালৰ মাজত চিৰদিনলৈ স্থাপন হোৱা এক সম্পৰ্ক ৷ কিন্তু সময়ৰ সোঁতত এই মধুৰ সম্পৰ্কৰ অমৃত কেতিয়াবা গৰল হৈ পৰে ৷ অকালতে সকলো মৰহি যায় ৷

স্বামীগৃহত পত্নীক নিৰ্যাতন বা হত্যাৰ ঘটনা নতুন নহয় ৷ সঘনাই সংবাদ মাধ্যমত এনে বাতৰি সম্প্ৰচাৰ হৈ থকা আমি দেখিবলৈ পাওঁ ৷ বৰ্তমান সভ্যতাৰ শিখৰত আৰোহন কৰা বুলি কোৱা আমাৰ সমাজত ঘটা এনে এক নিকৃষ্ট ঘটনাৰ বিষয়ে আজি আমি উল্লেখ কৰিব বিচাৰিছো ৷

husband and father in law arrested in connection with the death of a girl in greater Noida
যৌতুকৰ বাবে হত্যাৰ অভিযোগ এটা পৰিয়ালৰ (ETV Bharat)

সোমবাৰে বৃহত্তৰ নয়দাৰ পৰা আহিছে এনে হৃদয়বিদাৰক এক খবৰ ৷ বিয়াৰ মাত্ৰ ১৪ মাহৰ পাছতে যৌতুকৰ বাবে মৃত্যুক সাবটিব লগা হ’ল এগৰাকী যুৱতীয়ে ৷

আৰক্ষীৰ পৰা লাভ কৰা তথ্য মতে, ইক’টেক-৩ থানা এলেকাৰ অন্তৰ্গত জলপুৰা গাঁৱত ২৪ বছৰীয়া বিবাহিত মহিলা দীপিকা নাগৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ দীপিকাৰ পিতৃ-মাতৃয়ে এয়া হত্যাকাণ্ড বুলি অভিহিত কৰিছে ৷ আনহাতে আৰক্ষীয়েও উক্ত ঘটনা সন্দৰ্ভত লাভ কৰা অভিযোগৰ ভিত্তিত আত্মহত্যা বুলি তদন্ত কৰি আছে ।

  • শহুৰেকে এখন বিলাসী বাহন আৰু ৫০ লাখ টকা দাবী কৰিছিল :

প্ৰায় ১৪ মাহ পূৰ্বে জলপুৰা গাঁৱৰ ঋত্বিকৰ লগত দীপিকা বিবাহপাশত আবদ্ধ হৈছিল ৷ দীপিকাৰ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, বিয়াখনৰ বাবে প্ৰায় এক কোটি টকা খৰচ হৈছিল ৷ কিন্তু শহুৰেকে দীপিকাক নিজৰ ঘৰৰ পৰা এখন বিলাসী বাহন আৰু নগদ ৫০ লাখ টকা আনিবলৈ হেঁচা দি আহিছিল ৷ বিয়াৰ পাছত বিলাসী বাহন আৰু নগদ ৫০ লাখ টকা ননাৰ বাবে দীপিকাক মানসিক আৰু শাৰীৰিকভাৱে অহৰহ অত্যাচাৰ কৰা হৈছিল বুলি অভিযোগ কৰে তেওঁৰ পৰিয়ালৰ লোকে ।

  • দীপিকাক হত্যাৰ অভিযোগ :

মৃতকৰ মাতৃয়ে কয় যে দীপিকাই সঘনে ফোনযোগে তেওঁক কৰা নিৰ্যাতনৰ কথা কৈ আহিছিল ৷ কিন্তু সমাজৰ ভয়ত তেওঁ সকলো সহ্য কৰিছিল । দেওবাৰে গভীৰ নিশা তেওঁৰ ওপৰত চলোৱা নিৰ্যাতনৰ ফলতে এই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

দীপিকাৰ পৰিয়ালে লগতে অভিযোগ কৰে, ‘‘দীপিকাক হত্যা কৰাৰ পাছতে তেওঁৰ স্বামীৰ পৰিয়ালৰ লোকে মৃতদেহটো চিকিৎসালয়ত থৈ পলায়ন কৰে । যেতিয়া ঘৰৰ মানুহ চিকিৎসালয়ত উপস্থিত হয়, তেতিয়াহে দীপিকাৰ নিথৰ দেহ উদ্ধাৰ কৰে ৷ দীপিকাৰ দেহত বহু আঘাতৰ চিন স্পষ্ট হৈ আছে ৷’’ সেয়ে পৰিয়ালটোৱে এয়া আত্মহত্যা নহয়, হত্যা বুলিহে অভিহিত কৰিছে ।

  • চেণ্ট্ৰেল নয়দাৰ ডিচিপিয়ে এই ঘটনাৰ তদন্ত কৰি আছে :

চেণ্ট্ৰেল নয়দাৰ ডিচিপি শৈলেন্দ্ৰ সিঙে উল্লেখ কৰে যে প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰিব পাৰি যে এই গোচৰটো যৌতুকৰ বাবে হাৰাশাস্তি কৰাৰ বাবেই ছাদৰ পৰা জপিয়াই যুৱতীগৰাকীয়ে আত্মহত্যা কৰে ৷ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে কাম কৰি আছে ৷ মৃতকৰ পিতৃয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত যৌতুকৰ বাবে হত্যাকে ধৰি কেইবাটাও গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰিছে ৷ লগতে আৰক্ষীয়ে মৃতকৰ স্বামী ঋত্বিক আৰু শহুৰেক মনোজ প্ৰধানক গ্ৰেপ্তাৰ কৰিছে ।

  • ফোনৰ সবিশেষ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত তদন্ত :

আৰক্ষীয়ে মৃতকৰ মোবাইল ফোনৰ সবিশেষ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত অধিক প্ৰমাণ যুগুত কৰি তদন্ত অব্যাহত ৰাখিছে ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক : দিল্লীত উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱা চাৰি অভিযুক্ত আৰক্ষীৰ জালত