বিগত ২৪ ঘণ্টাত ১৯ জনৰ মৃত্যু; ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ, কেবাখনো জিলাত জাৰি হাই এলাৰ্ট
ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ আগত কিছু সাৱধান হওক ৷ কাৰণ আপোনাৰ পৰিকল্পনাত বতৰে লগাব পাৰে বিধি-পথালি ৷ ইতিমধ্যে বিগত ২৪ঘণ্টাত কেবাজনো লোকে প্ৰাণ হেৰুৱাইছে ৷

Published : May 30, 2026 at 5:59 PM IST
পাটনা (বিহাৰ) : ৰাজ্যত ক্ৰমাৎ বতাহ-ধুমুহাই সংহাৰি ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰী তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ধুমুহা আৰু বৰষুণৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে ৷ পিছে এয়া অসমৰ ঘটনা নহয় ৷ শেহতীয়াকৈ বিহাৰত বতৰে এই কাল ৰূপ ধাৰণ কৰিছে ৷
তথ্য অনুসৰি, পাটনাত সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ পাটনাত ৪ জন, গয়াত তিনিজনৰ লগতে ঔৰংগাবাদ, নৱাদা, পূব চম্পাৰণ আৰু ৰোহতাছত দুজনকৈ লোকৰ মৃত্যু হৈছে । চাৰন, খগড়িয়া, ভোজপুৰ আৰু ভগলপুৰত এজনকৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
मौसम #चेतावनी #बिहार #दिन-1 से दिन-7 तक pic.twitter.com/iosbodyuFq
— Mausam Bihar- IMD Patna (@imd_patna) May 30, 2026
এগৰাকী শিক্ষককে ধৰি বহু লোকৰ মৃত্যু :
গয়াত বজ্ৰপাতৰ ফলত এজন কৃষক আৰু এগৰাকী ছোৱালীকে ধৰি তিনিজন লোকৰ মৃত্যু । পাটনাৰ ফুলৱাৰীশৰীফত বজ্ৰ পৰাৰ ফলত দুগৰাকী যুৱতীকে ধৰি চাৰিজন লোকৰ মৃত্যু হয় ।
নাৱাদাত দুগৰাকী মহিলাকে ধৰি তিনিগৰাকী লোকৰ মৃত্যু হৈছে । ঔৰংগাবাদত বজ্ৰ পৰাৰ ফলত এজন শিক্ষকসহ দুজন লোকৰ মৃত্যু হয় । পূব চম্পাৰণত বজ্ৰ পৰাৰ শব্দ শুনি লিচু গছত বহি থকাৰ পৰা পৰি এটি কিশোৰৰ মৃত্যু হয় ।
#न्यूनतम #तापमान और #परिवर्तन पिछले 24 घंटा #बिहार जिलों से। pic.twitter.com/MSQuedsnB6
— Mausam Bihar- IMD Patna (@imd_patna) May 30, 2026
কেবাখনো জিলাসত অৰেঞ্জ এলাৰ্ট জাৰি :
বেয়া বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰৰ ৩১ খন জিলাত বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰি কৰিছে । পশ্চিম চম্পাৰাণ, পূব চম্পাৰাণ, গোপালগঞ্জ, ছিৱান, সাৰণ, ভোজপুৰ, বাক্সাৰ, কৈমুৰ, ৰোহতাছ, ঔৰংগাবাদ আৰু আৰৱালৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । আগন্তুক সময়ত পশ্চিম চম্পাৰণত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । লগতে আন আন জিলাসমূহত প্ৰচণ্ড ধুমুহাৰ লগতে বজ্ৰপাত আৰু মধ্যমীয়া বৰষুণ অহাৰো সম্ভাৱনা আছে ।
ইয়েল্ল’ এলাৰ্ট জাৰি :
বতৰ বিজ্ঞান বিভাগে সীতামড়ী, শিৱহাৰ, মধুবনী, মুজাফ্ফৰপুৰ, দৰভংগা, বৈশালী, সমস্তীপুৰ, পাটনা, জেহানাবাদ, নালন্দা, গয়া, বেগুছৰাই, শ্বেখপুৰা, লখিচৰাই, নৱাড়া, জামুই, মুংগেৰ, খগড়িয়া, ভাগলপুৰ আৰু বাংকাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে । এই জিলাসমূহত ধুমুহা, বিজুলী আৰু বৰষুণৰ লগতে ঘণ্টাত ৫০-৬০ কিলোমিটাৰ পৰ্যন্ত বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে ।
ভৱিষ্যতে বতৰ কেনেকুৱা হ’ব ?
৩১ মে’ দেওবাৰে পশ্চিম চম্পাৰাণ, পূব চম্পাৰাণ, গোপালগঞ্জ, ছিৱান, সাৰণ, বুক্সাৰ, ভোজপুৰ, পাটনা, কাইমুৰ, ৰোহতাছ, ঔৰংগাবাদ, আৰৱাল, জেহানাবাদ, নালন্দা, গয়া, নৱাদা, শ্বেখপুৰা, বেগুছৰাই, লক্ষীচৰাইৰ লগতে আন কেবাখনো জিলাত প্ৰচণ্ড ধুমুহা আৰু বজ্ৰ পৰাৰ সম্ভাৱনা আছে । ১ জুনত কেইবাখনো জিলাত বৰষুণ হোৱা সম্ভাৱনা আছে ৷ কিন্তু ২ জুনত সমগ্ৰ ৰাজ্যতে বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে ।

