ETV Bharat / bharat

পক্ষী প্ৰেম কাক কয় সেয়া চাবলৈ আহক সুজিতৰ ঘৰলৈ, যেন এক আচৰিত পৃথিৱী

বিগত ১০ বছৰ ধৰি আমেৰিকা, আফ্ৰিকা আদি দেশৰ ভিন্ন প্ৰজাতিৰ ভাটৌৰ মালিক বিহাৰৰ সুজিত । দূৰ দূৰণিৰ পৰা লোকে ভিৰ কৰে সুজিতৰ ঘৰত ।

exotic parrots collection
সুজিতৰ ঘৰতে চিৰিয়াখানা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 2:46 PM IST

4 Min Read
Choose ETV Bharat

মুজাফ্ফৰপুৰ : বিহাৰৰ মুজাফ্ফৰপুৰৰ কাম্ৰা মহল্লাৰ বাসিন্দা সুজিতৰ সৰুৰে পৰা বিদেশী পক্ষীৰ প্ৰতি আকৰ্ষণ আছিল । পক্ষীৰ প্ৰতি তেওঁৰ ইমানে আদৰ আছিল যে নিজৰ ঘৰতে এখন মিনি পক্ষী চিৰিয়াখানা স্থাপন কৰিছিল । তেওঁ ওচৰত আছে বহু আকৰ্ষণীয় আৰু বিৰল প্ৰজাতিৰ ভাটৌ । যিবোৰৰ মূল্য কেইবা লাখ টকা হ'ব ।

বিদেশী পক্ষী পালনৰ চখ

সুজিতৰ ঘৰখন ভিন্ন প্ৰকাৰৰ বিদেশী ভাটৌৰ এক আচৰিত পৃথিৱী । কেৱল সেউজীয়া ভাটৌৱে নহয় । বগা, ক'লা, ৰঙা, নীলা, হালধীয়া, আনকি গুলপীয়া ৰঙৰো বহু ভাটৌৰ মালিক সুজিত ৷ পক্ষীৰবোৰৰ বাবে তেওঁ এক বিশেষ পিঞ্জৰা নিৰ্মাণ কৰিছে । সুজিতৰ মতে এই পক্ষীবোৰক লালন পালন কৰা তেওঁৰ জীৱনৰ একমাত্ৰ আৱেগ ।

সুজিতৰ ঘৰত বিদেশী ভাটৌৰ সংগ্ৰহ (ETV Bharat)

পক্ষীপ্ৰেমী সুজিতে কয়, "মানুহ সোণৰ অলংকাৰ, আঙঠি আৰু দামী গাড়ীৰ প্ৰতি আকৰ্ষিত । মোৰ চখ হৈছে দামী পক্ষী ৰখা । মোৰ সকলো পক্ষী ভাৰত চৰকাৰৰ পৰিৱেশ এপত পঞ্জীয়ন কৰা হৈছে । মই কোনো ভাৰতীয় প্ৰজাতিৰ চৰাই নাৰাখোঁ । মই মোৰ সমগ্ৰ জীৱনৰ সঞ্চয় এই ব্যৱসায়ত বিনিয়োগ কৰিছোঁ ।"

exotic parrots collection
ভাটৌবোৰৰ বিশেষ যত্ন লয় সুজিতে (ETV Bharat)

কোন কোন দেশৰ ভাটৌ আছে ?

সুজিতৰ ঘৰত থকা বিভিন্ন প্ৰজাতিৰ ভাটৌৰ ভিতৰত আছে গালাহ ককাটু (অষ্ট্ৰেলিয়াৰ এক প্ৰজাতি), আফ্ৰিকান গ্ৰে (দক্ষিণ আফ্ৰিকান), আমেৰিকান মেক', ৰেইনবো ল'ৰিছ, ব্লু-গোল্ড মাকাও আৰু গ্ৰীণ-উইং মাকাও আদি । এই বিদেশী ভাটৌবোৰৰ সুৰীয়া কলৰৱে সুজিতৰ ঘৰখন ৰোমাঞ্চকৰ কৰি ৰাখে ।

exotic parrots collection
আমেৰিকা, আফ্ৰিকাৰ ভাটৌৰ সংগ্ৰহ (ETV Bharat)

পক্ষীবোৰৰ খাদ্য :

সুজিত পক্ষীবোৰৰ বাবে নিতৌ বেলি ফুলৰ গুটি, পালেং শাক, বুট, ফলমুল আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ যোগান ধৰে । বিগত ১০ বছৰ ধৰি তেওঁ কেইবাটাও ভাটৌৰ মালিক । সৰুৰে পৰা পক্ষীপ্ৰেমী সুজিতে এতিয়া এই কথাটোকে নিজৰ আৱেগ আৰু কৰ্মসংস্থাপন দুয়োটালৈ ৰূপান্তৰিত কৰিছে । ইয়াৰ লগতে তেওঁ বিদেশী পক্ষীৰ প্ৰজনন কৰি তাৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিছে ।

exotic parrots collection
সুজিতৰ ঘৰ থকা বিদেশী ভাটৌৰ মূল্য (ETV Bharat)

ভাটৌবোৰৰ দাম কিমান ?

সুজিতে কয়, " মই পাটনাৰ পৰা এক লাখ টকাত অষ্ট্ৰেলিয়ান গালাহ ককাটু এযোৰ অৰ্ডাৰ দিছিলো । দুবছৰ প্ৰজননৰ পিছত ৬ টা পোৱালিৰ মূল্য প্ৰায় ৩ লাখ টকা হ'ল । ইফালে দক্ষিণ আফ্ৰিকাৰ পৰা এযোৰ আফ্ৰিকান গ্ৰে পেৰ'ট ৮০ হাজাৰ টকাত ক্ৰয় কৰি আনিছিলো, যাৰ সংখ্যা এতিয়া ৮ টা লৈ বৃদ্ধি পাইছে আৰু ইয়াৰ মূল্য প্ৰায় ৪ লাখ টকা হৈছে ।"

exotic parrots collection
বিদেশী ভাটৌৰ মূল্য ৬ লাখ টকা পৰ্যন্ত হয় (ETV Bharat)

এযোৰ আমেৰিকান মেক' সুজিতে জয়পুৰৰ পৰা প্ৰায় ৩ লাখ টকাত ক্ৰয় কৰিছিল । প্ৰজননৰ পিছত এতিয়া ৬ টা পোৱালি হৈছে । যাৰ মূল্য প্ৰায় ৬ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে । ইয়াৰ উপৰিও তেওঁৰ ৰেইনবো ল'ৰিছ, আফ্ৰিকান গ্ৰে, ব্লু-গোল্ড মেক', গ্ৰীণ-উইং মেক' আদি মূল্যৱান প্ৰজাতিৰ ভাটৌ আছে । ৰেইনবো ল'ৰিছৰ দাম ৫০,০০০ৰ পৰা ৭০,০০০ টা । ব্লু-গোল্ড মেক'ৰ দাম ১ লাখৰ পৰা ২.৪ লাখ, আফ্ৰিকান গ্ৰে পেৰ'টৰ মূল্য ৭০,০০০ৰ পৰা ১.৫ লাখ আৰু গ্ৰীণ-উইং মেক'ৰ দাম ১ লাখৰ পৰা ৩.৫ লাখ টকা ।

exotic parrots collection
সুজিতৰ ঘৰত বিদেশী ভাটৌৰ সংৰক্ষণ (ETV Bharat)

পোৱালি জগোৱাৰ পদ্ধতি :

সুজিতে কণীৰ পৰা পোৱালি জন্ম দিবলৈ ইনকিউবেটৰ ব্যৱহাৰ কৰে, যাৰ ফলত প্ৰজননৰ পৰিৱেশৰ কোনো প্ৰয়োজনীয়তা নাথাকে । তেওঁ কয় যে তেওঁৰ সমগ্ৰ পৰিয়ালে এই প্ৰচেষ্টাত সহযোগ কৰে । শেহতীয়াকৈ বিয়াৰ পিছত তেওঁৰ পত্নীও এই প্ৰচেষ্টাত সহযোগ কৰিছে । বিদেশী পক্ষীবোৰ চাবলৈ তেওঁৰ ঘৰলৈ দূৰ-দূৰণিৰ পৰা লোকৰ আগমন হয় ।

exotic parrots collection
বিশেষ চিৰিয়াখানা (ETV Bharat)

আইনে কি কয় ?

১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি ভাৰতীয় প্ৰজাতিৰ যিকোনো বনৰীয়া পক্ষীক পিঞ্জৰাত ৰখাটো অবৈধ । কেৱল বিদেশী পক্ষী যেনে বাডজেৰিগাৰ বা লাভবাৰ্ড আদিৰ ক্ষেত্ৰত হে অনুমতি আছে । যদি আপোনাৰ হাতত কোনো নিষিদ্ধ পক্ষী ধৰা পৰে তেন্তে ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে ।

exotic parrots collection
৬ লাখ টকা পৰ্যন্ত ভাটৌৰ মূল্য (ETV Bharat)

এই সন্দৰ্ভত মুজাফ্ফৰপুৰৰ বন বিষয়াই কয়, "বিদেশী পক্ষী ৰখাটো বৈধ । অৱশ্যে ভাৰতীয়মূলৰ পক্ষী ৰখাটো নিষিদ্ধ । পাৰ আৰু মাইনাও নিষিদ্ধ । ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব পাৰে ।"

লগতে পঢ়ক :২৬/১১ৰ ৰক্তাক্ত নিশা ২০ গৰাকী গৰ্ভৱতী মহিলাৰ জীৱন ৰক্ষা কৰা এগৰাকী সাহসী নাৰ্ছ