ETV Bharat / bharat

দিল্লীৰ বিস্ফোৰণ কাণ্ডত জড়িতক উচিত শাস্তি প্ৰদানৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

দিল্লীৰ বিস্ফোৰণৰ সন্দৰ্ভত মঙলবাৰৰ দিনটোত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ।

home minister amit shah
বৈঠকত দেশৰ নিৰাপত্তাৰ পৰ্যালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ((@AmitShah))
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 11:24 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: দিল্লীৰ বোমা বিস্ফোৰণৰ পিছত পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । বৈঠকৰ সময়ত শ্বাহে এই বিস্ফোৰণৰ ঘটনাত জড়িত অভিযুক্তক শীঘ্ৰে বিচাৰি উলিওৱাৰ নিৰ্দেশ দিয়ে । তেওঁ লগতে উল্লেখ কৰে যে এই কাৰ্যৰ সৈতে জড়িত প্ৰতিজনে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব ।

সোমবাৰে দেশৰ ৰাজধানী চহৰখনত সংঘটিত বিস্ফোৰণে কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে আহত হৈছিল বহু লোক ৷ দেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কৰ্তব্য ভৱনৰ কাৰ্যালয়ত মঙলবাৰে এই বৈঠক অনুষ্ঠিত হয় । দুঘণ্টাৰো অধিক সময়ৰ ব্যৱধানৰ অন্তত দ্বিতীয়বাৰৰ বাবে এই বৈঠক অনুষ্ঠিত হয় ।

প্ৰথমখন বৈঠক পুৱা ১১ বজাত গৃহমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হয় । এই বৈঠকত গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকা, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ সঞ্চালকপ্ৰধান সদানন্দ বসন্ত ডেট, দিল্লীৰ আৰক্ষী আয়ুক্ত সতীশ গোলচাই অংশগ্ৰহণ কৰে । জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান নলিন প্ৰভাতেও ভাৰ্চুৱেলী যোগদান কৰে এই বৈঠকত ।

ৰাজধানী দিল্লীত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে ৷ সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ আশে-পাশে লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১ আৰু ৪ নং গেটৰ মাজৰ ট্ৰেফিক চিগনেলৰ সমীপত ৰখাই থোৱা হুণ্ডাই আই২০ বাহনখনত সংঘটিত বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে একাধিক সংস্থাই ।

বিস্ফোৰণৰ কিছুসময়ৰ পিছতে শ্বাহে দিল্লী আৰক্ষী আয়ুক্ত আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷ এন আই এ, এন এছ জি, এফ এছ এল আৰু দিল্লী আৰক্ষীৰ সৈতে জড়িত বহু তদন্তকাৰী সংস্থাক ক্ষীপ্ৰ তদন্তৰো নিৰ্দেশ দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

বিস্ফোৰণৰ প্ৰকৃতি আৰু কাৰণ সন্দৰ্ভত তদন্ত কৰি অতি সোনকালে বিতং আকাৰে প্ৰতিবেদন দাখিল কৰিবলৈ সকলো তদন্তকাৰী সংস্থাক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে । প্ৰথম পৰ্যায়ৰ বৈঠকৰ পিছতে গৃহ মন্ত্ৰালয়ে বিষয়টোত সন্ত্ৰাসবাদী জড়িত থকাৰ ধাৰণা কৰি ইয়াৰ তদন্তৰ ভাৰ এন আই এক ন্যস্ত কৰে ৷ বিস্ফোৰণৰ প্ৰকৃতি আৰু ইয়াৰ সংযোগক লৈ ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই সিদ্ধান্ত লোৱা হয় ৷

এন আই এয়ে দিল্লী আৰক্ষীৰ পৰা আনুষ্ঠানিকভাৱে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিব আৰু বিস্ফোৰণত ব্যৱহৃত সামগ্ৰী আৰু সম্ভাৱ্য সন্ত্ৰাসবাদী সম্পৰ্ককে ধৰি গোচৰৰ সকলো দিশৰ তদন্ত কৰিব । পূৰ্বে বিস্ফোৰণৰ পিছত নেশ্যনেল ছিকিউৰিটি গাৰ্ডৰ(এন এছ জি) তদন্তকাৰী দলে ফৰেনছিক দলৰ লগতে বিস্ফোৰণস্থলীৰ পৰা তথ্য সংগ্ৰহ কৰিছিল ।

গোচৰটো এন আই এৰ হাতত গতাই দিয়াটোৱে কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্যক প্ৰতিফলিত কৰিছে যে এই ঘটনাৰ এক ব্যাপক আৰু সমন্বিত তদন্ত নিশ্চিত কৰিব পাৰি । সূত্ৰসমূহে জনোৱা মতে, নিৰাপত্তা পৰ্যালোচনাত বিস্ফোৰণৰ তদন্তৰ অগ্ৰগতিৰ লগতে সোমবাৰে ফৰিদাবাদৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ সৈতে এই বিস্ফোৰণৰ কিবা সম্পৰ্ক থাকিব পাৰে নেকি তাক পোহৰলৈ অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

এফ এছ এল আৰু এন আই এৰ এটা দলে মঙলবাৰে পুৱা বিস্ফোৰণস্থলী পুনৰ পৰিদৰ্শন কৰি ফৰেনছিকৰ পৰীক্ষাৰ বাবে অতিৰিক্ত তথ্য়-প্ৰমাণ সংগ্ৰহ কৰে । শীঘ্ৰেই এন আই এয়ে এই গোচৰৰ প্ৰথম তথ্য প্ৰতিবেদন দাখিল কৰিব আৰু পদ্ধতি অনুসৰি দিল্লী আৰক্ষীয়ে সংগ্ৰহ কৰা সকলো প্ৰমাণ নিজৰ হাতত চমজি ল’ব ৷

লগতে পঢ়ক: দিল্লী বিস্ফোৰণৰ তদন্তৰ দায়িত্ব 'নিয়া'ক: ক্ষিপ্ৰতাৰে আৰম্ভ অনুসন্ধান