লক্ষ্ণৌ বিমানবন্দৰত ইণ্ডিগ’ বিমানত বোমাৰ ভাবুকি: আতংকিত হৈ ওলাই গ’ল ১৮০জন যাত্ৰী
লক্ষ্ণৌ-দিল্লী বিমান উৰণত পলম ৷ ১৮০ গৰাকী যাত্ৰী আছিল লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ইণ্ডিগ’ বিমানখনত ৷

By PTI
Published : June 12, 2026 at 3:47 PM IST
নতুন দিল্লী: বোমা ! বোমা ! হঠাৎ চাৰিওফালে লাগি গ’ল হুলস্থূল ৷ ই-মেইল বা ফোনযোগে নহয় এইবাৰ বিমানৰ ভিতৰত বোমা থকা খবৰ পোৱা গৈছে ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱাৰ ভাগত লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যাবলৈ ওলোৱা এখন বিমানত এই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
৬ই ২১১১ (6E 2111) নম্বৰৰ ইণ্ডিগ’ বিমানখনে বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পূৰ্বে বিমানখন শৌচাগাৰৰ ভিতৰত ‘বোমা’ বুলি লিখা এখন টিছু পেপাৰ উদ্ধাৰ কৰা হয় ৷ এই ভাবুকি পোৱাৰ পাছতে ১০.৪৫ বজাত লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰাওনা হ’বলগীয়া বিমানখন ৰখাই দিয়া হয় ৷ জানিব পৰা মতে, উক্ত বিমানখনত আছিল প্ৰায় ১৮০ গৰাকী যাত্ৰী ৷
বিমানত বোমা থকাৰ খবৰ লাভ কৰাৰ পাছতে চিআইএছএফকে ধৰি সকলো নিৰাপত্তা সংস্থাই যাত্ৰী আৰু তেওঁলোকৰ লাগেজ নমাই দিয়ে । লগতে সম্পূৰ্ণ বিমানখনৰ আৰু যাত্ৰীৰ লাগেজত তালাচী চলায় ৷ নিৰাপত্তাৰক্ষীৰ প্ৰট’কল অনুসৰি, প্ৰায় ১৮০ জন যাত্ৰী কঢ়িয়াই অনা বিমানখন লগে লগে এপ্ৰ’নত ৰখাই দিয়া হয় । নিৰাপত্তাৰক্ষীয়ে বিমানখনৰ পুংখানুপুংখ তালাচী চলাই যদিও কোনো সন্দেহজনক বা ক্ষতিকাৰক বস্তুৰ সম্ভেদ লাভ নকৰিলে ৷
অৰ্থাৎ কোনো লোকে মিছাকৈ এই বাৰ্তা লিখি শৌচাগাৰত থৈ যায় বুলি বিভাগীয় বিষয়াসকলে সন্দেহ প্ৰকাশ কৰে ৷ পৰৱৰ্তী সময়ত বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত 6E 2111 নম্বৰৰ ইণ্ডিগ’ বিমানখনে প্ৰায় ১৮০ জন যাত্ৰীক লৈ পূৰ্ব নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় ৷
বিভাগীয় এগৰাকী ব্যক্তিয়ে এক বিবৃতিত কয়, "প্ৰতিষ্ঠিত প্ৰট'কল অনুসৰণ কৰি আমি সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত অৱগত কৰিলো আৰু প্ৰয়োজনীয় নিৰাপত্তা পৰীক্ষা সম্পন্ন কৰাত তেওঁলোকৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছো । বিমানখনে প্ৰাসংগিক ক্লিয়াৰেন্স সুৰক্ষিত কৰি দিল্লীলৈ যাত্ৰা কৰিব ৷’’
বিষয়াগৰাকীয়ে লগতে কয়, "আমি আমাৰ যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছো ৷ এনে ঘটনা যাতে পুনৰ নহয়, তাৰ বাবে সকলো দিশ পৰীক্ষা কৰা হৈছে ৷ আমি যাত্ৰীসকলক সতেজ খাদ্যকে ধৰি প্ৰয়োজনী সকলোবোৰ সুবিধা প্ৰদান কৰিছো ৷ সদায়ৰ দৰেই আমাৰ গ্ৰাহক তথা যাত্ৰী, ক্ৰু, বিমানৰ সুৰক্ষা আৰু নিৰাপত্তা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ ।"

