দ খাৱৈত বাহন পৰি পৰ্যটকসহ নিহত ৮
হিমাচল প্ৰদেশৰ চাম্বাত পথ দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু । অতি দুৰ্গম অঞ্চল হোৱাৰ বাবে দুৰ্ঘটনাৰ দুদিনৰ পাছত আৰম্ভ উদ্ধাৰ অভিযান ৷

Published : May 31, 2026 at 2:49 PM IST
চাম্বা (হিমাচল প্ৰদেশ) : হিমাচল প্ৰদেশৰ চাম্বা জিলাত এখন দ খাৱৈত বাগৰি পৰাত প্ৰায় ৮ জন লোক নিহত হয় । হিমাচলৰ টিছাৰ পৰা ছাচ পাছলৈ এখন ইনোভা গাড়ী গৈ থকা সময়তে শুকুৰবাৰে নিশা কালাবানৰ সমীপৰ গভীৰ খাৱৈত বাগৰি পৰে । এই দুৰ্ঘটনাত ইনোভাখনত থকা ৮ জন লোক নিহত হয় ।
আৰক্ষী অধীক্ষক বিজয় কুমাৰ সাক্লানীয়ে কয় যে গাড়ীখনত থকা লোকসকলে ছাচ পাছ পৰিদৰ্শন কৰিবলৈ গৈ থকা সময়তে কলাবান অঞ্চলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰে । নিহতসকলৰ ভিতৰত হিমাচল প্ৰদেশ ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকো আছিল ৷ ডালহাউজিত ইনোভাখন বুকিং কৰা হৈছিল ।
ডালহাউজিত তেওঁলোকে আন এটা পৰ্যটক পৰিয়ালক লগ পায় আৰু দুয়োটা পৰিয়ালে বৰফেৰে আবৃত পাহাৰৰ মাজেৰে ছাচ পাছলৈ ৰাওনা হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ কেইবাদিনৰ পিছতো এই ঘটনাৰ খবৰ পোৱা হোৱা নাছিল । এই অঞ্চলটো হিমাচল প্ৰদেশৰ অন্যতম দুৰ্গম অঞ্চল বুলি গণ্য কৰা হয় । ইয়াত উপনীত হোৱাটো প্ৰত্যাহ্বানজনক । দুৰ্বল মোৱাইল নেটৱৰ্কৰ বাবে যোগাযোগো কঠিন হৈ পৰে ।
ছাচ পাছক হিমাচল প্ৰদেশৰ অন্যতম কঠিন আৰু বিপজ্জনক পথ হিচাপে বিবেচিত হৈছে । বৈৰাগড় আৰক্ষীৰ চেকপোষ্ট পাৰ হোৱাৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা । আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ লোকে জনোৱা মতে, পথত বৰফ আৰু হিম জমা হোৱাটোৱে দুৰ্ঘটনাৰ মূল কাৰণ হ’ব পাৰে ৷ বাহনখনত হঠাতে যান্ত্ৰিক বিজুতি ঘটাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।
আৰক্ষী অধীক্ষক বিজয় কুমাৰ সাক্লানীৰ কয়, "সন্ধিয়া আন বাহনসনূহ ঘূৰি অহাৰ পাছতো ইনোভাখন ঘূৰি অহাৰ তথ্য আৰক্ষী চেকপইণ্টত লাভ নকৰাত সকলো চিন্তিত হৈ পৰে । ইয়াৰ পিছতে স্থানীয় ৰাইজ আৰু প্ৰশাসনে গাড়ীখনৰ সন্ধান আৰম্ভ কৰে । তালাচীৰ সময়ত কালাবান অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ হয় । দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত হয় আৰু স্থানীয় বাসিন্দাৰ সহায়ত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ হয় । খাৱৈটো অতি গভীৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান প্ৰত্যাহ্বানজনক হৈ পৰে । প্ৰশাসনে মৃতক আৰু দুৰ্ঘটনা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি আছে ।"
কেতিয়া সংঘটিত হয় এই দুৰ্ঘটনাটো ?
২৯ মে’ শুকুৰবাৰে নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটো অত্যন্ত শিলাময়, দুৰ্গম আৰু আন্ধাৰৰ বাবে নিশা উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা নগ’ল । দেওবাৰে তীছা আৰু বৈৰাগড় আৰক্ষীৰ সৈতে স্থানীয় প্ৰশাসনে পুৱা ৮:০০ বজাত উদ্ধাৰ অভিযান আৰম্ভ কৰে । শিলাময় আৰু দ খাৱৈত ৰছীৰ ব্যৱহাৰ কৰি মানৱ শৃংখল গঠন কৰি মৃতদেহসমূহ নিৰাপদে পথলৈ অনা হৈছে । ঘটনা সন্দৰ্ভত মৃতকৰ পৰিয়ালক অৱগত কৰা হৈছে ।

