ETV Bharat / bharat

হিজাব ইছলামৰ বাবে গুৰুত্বপূৰ্ণ অংশ নহয়: এলাহাবাদ উচ্চ ন্য়ায়ালয়

স্কুল ইউনিফৰ্মৰ লগত হিজাব পৰিধান কৰিবলৈ অনুমতি বিচাৰি এলাহাবাদ উচ্চ ন্য়ায়ালয়ত কৰা লেখ আবেদন উচ্চ ন্য়ায়ালয়খনে অগ্ৰাহ্য় কৰিছে ৷

Allahabad High Court
প্ৰতিনিধিত্বমূলক ফটো (Getty Images)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 11:02 AM IST

3 Min Read
Choose ETV Bharat

হয়দৰাবাদ: এগৰাকী স্কুলীয়া ছাত্ৰীয়ে স্কুল ইউনিফৰ্মৰ লগত হিজাব পৰিধান কৰিবলৈ অনুমতি বিচাৰি এলাহাবাদ উচ্চ ন্য়ায়ালয়ত কৰা লেখ আবেদন উচ্চ ন্য়ায়ালয়খনে অগ্ৰাহ্য় কৰিছে ৷ ন্য়ায়াধীশ জে জে মুনিৰ আৰু ইন্দ্ৰজিৎ শুক্লাৰ খণ্ড বিচাৰপীঠে এই ৰায় প্ৰদান কৰে ৷

এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ কংগ্ৰেছ নেতা সুৰেন্দ্ৰ ৰাজপুতে ন্য়ায়ালয়ৰ ৰায়দানক সমৰ্থন কৰি কয় যে স্কুল কৰ্তৃপক্ষই বান্ধি দিয়া উমৈহতীয়া নিয়ম মানি চলাটো আৱশ্য়ক ৷

বিহাৰ ৰাজ্য়িক বিজেপিৰ সভাপতি সঞ্জয় ছাৰৌগীয়েও ন্য়ায়ালয়ৰ সমৰ্থনত নিজৰ যুক্তি প্ৰদৰ্শন কৰে ৷ উল্লেখ্য় যে, এলাহাবাদ উচ্চ ন্য়ায়ালয়ৰ ন্য়ায়াধীশ দুগৰাকীয়ে স্কুলত হিজাব পৰিধানক লৈ কৰা লেখ আবেদন সন্দৰ্ভত মন্তব্য় কৰিছিল যে আবেদনকাৰীয়ে ইছলামিক ধৰ্ম মতে হিজাব পৰিধান কৰাটো অতীৱ প্ৰয়োজনীয় বুলি উপযুক্ত প্ৰমাণ তথা তথ্য় ন্য়ায়ালয়ত প্ৰদান কৰিব নোৱাৰিলে ৷

তেওঁলোকে লগতে উল্লেখ কৰে যে ইতিমধ্য়ে নিয়মত থকা স্কুল ইউনিফৰ্মে উমৈহতীয়া পৰিচয়, নিয়মানুৱৰ্তিতা, প্ৰতিষ্ঠানগত পৰিচয় প্ৰদান কৰি আহিছে, এই প্ৰতিষ্ঠিত নিয়মক কোনো শিক্ষাৰ্থীয়ে সলনি কৰিবলৈ উদ্য়োগ ল'ব নোৱাৰে ৷

এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্য়ায়ালয়ে কৰ্ণাটক উচ্চ ন্য়ায়ালয়ৰ এটি ৰায়ৰ উল্লেখ কৰি কয় যে ইছলাম ধৰ্মত মহিলাই হিজাব পৰিধান কৰাটো বাধ্য়তামূলক ধাৰ্মিক কৰ্ম নহয় ৷

লেখ আবেদনকাৰী সুকেইনা ৰিজভী হৈছে প্ৰয়াগৰাজৰ টেগ'ৰ ইন্টাৰনেশ্ব'নেল বিদ্য়ালয়ৰ একাদশ শ্ৰেণীত অধ্য়য়নৰত ছাত্ৰী ৷ দশম শ্ৰেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰীগৰাকীৰ হৈ মাতৃয়ে নিজ কন্য়াৰ বাবে হিজাব পৰিধান বাধ্য়তামূলক কৰাৰ বাবে এলাহাবাদ উচ্চ ন্য়ায়ালয়ত আবেদন কৰে ৷

ছাত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ হিজাব পৰিধান কৰি বিদ্য়ালয়লৈ আহিছিল আৰু সেই সময়ত স্কুল কৰ্তৃপক্ষৰ পৰা কোনো বাধা পোৱা নাছিল ৷

একেখন স্কুলৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰা বা পুনঃ হিজাব পৰিধান কৰি থাকিব বিচৰাটোত স্কুল কৰ্তৃপক্ষই আপত্তি কৰাত এতিয়া তেওঁলোক উপায়বিহীন হৈ ন্য়ায়ালয়ৰ কাষ চাপিছিল ৷

সংবিধানৰ মৌলিক অধিকাৰৰ কথা উল্লেখ কৰি আৰু ইছলাম ধৰ্মত হিজাব পৰিধান কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি সুকেইনা ৰিজভী নামৰ ছাত্ৰীগৰাকীয়ে হিজাবৰ সপক্ষে ৰায় বিচাৰি ন্য়ায়ালয়ৰ কাষ চাপিছিল ৷

এই বিষয়ত বিদ্যালয় কৰ্তৃপক্ষই কৈছিল যে এখন ব্য়ক্তিগত আৰু কোনো অনুদান নোলোৱাকৈ চলি থকা বিদ্য়ালয়ৰ ক্ষেত্ৰত উমৈহতীয়া নিয়ম হিচাপে ইউনিফৰ্মৰ ব্য়ৱস্থা আছে ৷

স্কুলখনৰ প্ৰধান শিক্ষকে কয় যে, বিদ্য়ালয়খনত ইছলামধৰ্মীয় অন্য় কন্য়া শিক্ষাৰ্থীয়ে হিজাব বিষয়টো উত্থাপন নকৰাকৈ ইউনিফৰ্ম পৰিধান কৰি বিদ্য়ালয়ত পাঠদান চলাই আছে, তেন্তে ব্য়তিক্ৰম হিচাপে এগৰাকী ছাত্ৰীযে সমগ্ৰ স্কুলৰ ব্য়ৱস্থাটোত ব্য়াঘাত জন্মাব নোৱাৰে ৷

নিজৰ ৰায়ৰ ক্ষেত্ৰত এলাহাবাদ উচ্চ ন্য়ায়ালৰ ন্য়ায়াধীশসকলে কয় যে, কন্য়া শিক্ষাৰ্থীগৰাকীয়ে পূৰ্বতে হিজাব পৰিধান কৰিব পাৰে কিন্তু উমৈহতীয়া ইউনিফৰ্মে নিয়মানুৱৰ্তিতা, শিক্ষাৰ্থীসকলৰ মাজত সমানুৱৰ্তিতা প্ৰদৰ্শন কৰে ৷ ইয়াৰ বিপৰীতে অন্য কাপোৰ পৰিধান কৰি পৃথকীকৰণৰ প্ৰদৰ্শন পৰিহাৰ কৰাৰ বাবেও ইউনিফৰ্ম ব্য়ৱস্থা আছে ৷

মূলতঃ ন্য়ায়ালয়ে এই কথাটোৰ পোষকতা কৰে যে হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানলৈ আহিবলগীয়া কথাটো ইছলাম ধৰ্মত পোনপটীয়াকৈ উল্লেখ নাই, গতিকে এখন বিদ্য়ালয়ৰ নিয়মানুৱৰ্তিতাৰ বাবে উমৈহতীয়া ইউনিফৰ্ম ব্য়ৱস্থা পৰিধান কৰাটো বাধ্য়তামূলক ৷

এলাহাবাদ উচ্চ ন্য়ায়ালয়ে সুকেইনা ৰিজভী বনাম ষ্টেট অফ উত্তৰ প্ৰদেশ আৰু অন্য়ান্য় ২০২৬ লেখ আবেদনখন অগ্ৰাহ্য় কৰে ৷

লগতে পঢ়ক : শিক্ষানুষ্ঠানত হিজাবৰ অনুমতি; কৰ্ণাটক চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা বিশ্ব হিন্দু পৰিষদৰ

হিজাব পৰিহিত মহিলাই কিনিব নোৱাৰিব সোণ ! কোন ৰাজ্যত, কাৰ এই নিৰ্দেশনা ?