ETV Bharat / bharat

হিজাব পৰিহিত মহিলাই কিনিব নোৱাৰিব সোণ ! কোন ৰাজ্যত, কাৰ এই নিৰ্দেশনা ?

অল ইণ্ডিয়া জুৱেলাৰ্ছ এণ্ড গ'ল্ডস্মিথ ফেডাৰেচনে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি হিজাব, বোৰ্খা বা ওৰণিৰে মুখ ঢাকি ৰখা গ্ৰাহকক সোণ বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ।

HIJAB BAN IN JEWELLERY SHOPS
প্ৰতিনিধিত্বমূলক ছবি (PTI)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 2:29 PM IST

3 Min Read
Choose ETV Bharat

পাটনা : বিহাৰৰ অল ইণ্ডিয়া জুৱেলাৰ্ছ এণ্ড গ'ল্ডস্মিথ ফেডাৰেচনে হিজাব, বোৰ্খা, পৰম্পৰাগত ওৰণি বা আন যিকোনো বস্তুৰে মুখ সম্পূৰ্ণৰূপে ঢাকি ৰখা গ্ৰাহকক গহনাৰ দোকানত প্ৰৱেশ আৰু বিক্ৰীত বাধা আৰোপ কৰিছে । ফেডাৰেচনৰ ৰাজ্যিক সভাপতি অশোক কুমাৰ বাৰ্মাই কয় যে এই সিদ্ধান্ত 'নিৰাপত্তাজনিত চিন্তা'ৰ ওপৰত ভিত্তিত কৰি লোৱা হৈছে ।

"গহনা এতিয়া এক উচ্চ মূল্যৰ সামগ্ৰী: ১০ গ্ৰাম সোণৰ দাম ১ লাখ ৪০ হাজাৰ টকা আৰু এক কিলো ৰূপৰ দাম ২ লাখ ৫০ হাজাৰ টকা । এক সমস্যাৰ সৃষ্টি হয় যেতিয়া মানুহে মুখ ঢাকি দোকানলৈ আহে । তেওঁলোকে 'ফুল হেলমেট' বা ওৰণি লৈ তিনিৰ পৰা চাৰিজনীয়া দলত প্ৰৱেশ কৰি ডকাইতি কৰে ।" তেওঁ কয় ।

বাৰ্মাই কয় যে কেইবাখনো ৰাজ্যত বোৰ্খা পিন্ধা ডকাইতে অপৰাধ সংঘটিত কৰিছে, আনকি দোকানীকো গুলীয়াই হত্যা কৰা হৈছে । "এনেধৰণৰ ঘটনা ৰোধৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে । আমাৰ উদ্দেশ্য ওৰণি আঁতৰোৱা নহয়, বৰঞ্চ হিজাব বা বোৰ্খা পিন্ধা গ্ৰাহকে গহনা ক্ৰয় কৰাৰ পূৰ্বে মুখ দেখুৱাবলৈ অনুৰোধ কৰাহে । মই নিশ্চিত যে মানুহে আমাক সহযোগ কৰিব ।" তেওঁ লগতে কয় ।

এ আই জে জি এফৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কাপোৰ বা হেলমেটেৰে মুখ ঢাকি ৰখা পুৰুষসকলকো আবেদন জনাই কয় যে গ্ৰাহকৰ মুখখন দেখা পালেহে তেওঁলোকে গহনা ক্ৰয় কৰিব পাৰিব ।

আনহাতে, মুছলমান মহিলাসকলে হিজাব পৰিধান কৰাটো ধৰ্মীয় বাধ্যবাধকতা হিচাপে প্ৰচলিত নীতি সন্দৰ্ভত বাৰ্মাই কয় যে তেওঁ বোৰ্খাৰ বিৰোধী নহয় আৰু এই নিয়ম সকলোৰে বাবে প্ৰযোজ্য । এই নিয়ম কোনো বিশেষ সম্প্ৰদায়ৰ ক্ষেত্ৰত নহয় বুলিও তেওঁ জোৰ দি কয় ।

"পাটনা চহৰৰ কেন্দ্ৰীয় আৰক্ষী অধীক্ষকৰ সৈতে এই সন্দৰ্ভত কথা পাতিছোঁ । তেওঁ কয় যে নিৰ্দেশনা ঠিকেই আছে; কোনো সমস্যা নাই । বিহাৰেই হৈছে এনে বৃহৎ সিদ্ধান্ত লোৱা প্ৰথমখন ৰাজ্য । অৱশ্যে কেইবাখনো ৰাজ্যৰ কিছুমান জিলাত এই নিয়ম সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাৰ্যকৰী কৰা হৈছে ।" তেওঁ কয় ।

সম্ভাৱ্য বিৰোধিতাৰ বিষয়ে সোধাত বাৰ্মাই কয় যে ইয়াত বিতৰ্কৰ কোনো প্ৰশ্নই নাই আৰু কৰ্মচাৰীসকলে কেৱল ইয়াক মানি চলিবৰ বাবে অনুৰোধ কৰিব বুলিও তেওঁ কয় ।

উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনাত যোৱা ১৫ ডিচেম্বৰত আয়ুস চিকিৎসকক নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত এগৰাকী মহিলা মুছলমান চিকিৎসকৰ মুখৰ হিজাব খুলি দিয়াক লৈ ৰাজ্যখনত এক বৃহৎ বিবাদৰ প্ৰায় এমাহৰ পিছতে এ আই জে জি এফে এই শেহতীয়া নিৰ্দেশনা জাৰি কৰিছে ।

এই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হৈ দেশজুৰি ছ’চিয়েল মিডিয়াত উত্তপ্ত বিতৰ্কৰ বিষয় হৈ পৰে আৰু ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই বিষয়ে বাতৰি প্ৰকাশ কৰাৰ পিছতেই এক ব্যাপক ক্ষোভৰ সৃষ্টি কৰে ।

উল্লেখ্য যে মঙলবাৰে উত্তৰ প্ৰদেশৰ ঝান্সিৰ ছিপ্ৰি বজাৰ অঞ্চলৰ গহনা চুৰিৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইয়াক ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি একেধৰণৰ নিৰ্দেশ জাৰি কৰিছিল । তেওঁলোকে নিজৰ ষ্ট’ৰৰ ভিতৰত ফলক আঁৰি দিছে যে মুখ ঢাকি ৰখা গ্ৰাহকসকলক তেওঁলোকে দোকানত প্ৰৱেশ কৰিবলৈ নিদিয়ে ।

লগতে পঢ়ক :মাজনিশা দিল্লীত উচ্ছেদৰ সময়তে হিংসাত্মক পৰিস্থিতি; কেইবাগৰাকী আৰক্ষী আহত
লগতে পঢ়ক :১৯৮০চনৰ ভোটাৰ তালিকাত খামখেয়ালি, ছোনিয়া গান্ধীয়ে উত্তৰ দিবলৈ পালে সময়, পৰৱৰ্তী শুনানিৰ দিন ৭ ফেব্ৰুৱাৰী