ETV Bharat / bharat

পূব ছিকিমৰ ১৩ হাজাৰ ফুট উচ্চতাত পৰ্যটকে ল'ব পাৰিব চাহ-কফিৰ জুতি

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পূব ছিকিম ৷

INDIAN ARMY
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পূব ছিকিম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 7:50 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: মেঘৰ আচ্ছাদনৰ মাজত এখন পাহাৰ, হিমশীতল বতাহ আৰু সীমান্তৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে পূব ছিকিমত সৃষ্টি হৈছে এক নতুন পৰ্যটন কেন্দ্ৰ । প্ৰসিদ্ধ বাবা হৰভজন সিং স্মৃতি সৌধৰ সমীপত প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাত স্থানীয় মহিলাসকলৰ দ্বাৰা পৰিচালিত এখন কেফে আৰম্ভ হোৱাৰ পাছতেই অঞ্চলটোত পৰ্যটনৰ নতুন সম্ভাৱনা দেখা দিছে বুলি জনায় প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল মহিন্দ্ৰ ৰাৱতে ।

দূৰ্গম পাহাৰীয়া অঞ্চলত স্থাপিত এই কেফেখনে এতিয়া কেৱল চাহ-কফিৰ সোৱাদ লোৱাৰ ঠাই নহয়, বৰঞ্চ স্থানীয় সংস্কৃতি, আতিথ্য আৰু আত্মনিৰ্ভৰতাৰ এক অনন্য নিদৰ্শন হিচাপে পৰ্যটকৰ মন কাঢ়িবলৈ সক্ষম হৈছে একাংশ স্থানীয় মহিলাই । বাবা হৰভজন সিং স্মৃতি সৌধ দর্শন কৰিবলৈ যোৱা হাজাৰ হাজাৰ পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলে কিছু সময় অতিবাহিত কৰি পাহাৰৰ মনোমোহা পৰিৱেশ উপভোগ কৰাৰ সুযোগ লাভ কৰিছে ।

ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ উদ্যোগত, অসামৰিক প্ৰশাসন আৰু স্থানীয় অংশীদাৰৰ সহযোগত গঢ়ি তোলা এই কেফেখনে বিশেষভাৱে স্থানীয় মহিলাসকলৰ বাবে নতুন জীৱিকাৰ পথ মুকলি কৰিছে । সীমান্ত অঞ্চলত মহিলাৰ কাৰ্যক্ষমতা আৰু স্থানীয় উদ্যোগশীলতাক আগুৱাই নিয়াৰ ক্ষেত্ৰতো এই পদক্ষেপ উল্লেখযোগ্য বুলি ধৰা হৈছে । পৰ্যটকক আকৰ্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় সেনাৰ বিশেষ আঁচনি ‘ৰণভূমি দর্শন’ উদ্যোগৰ অংশ হিচাপে আৰম্ভ কৰা হৈছে এই প্ৰকল্প ৷ ইয়াৰ উদ্দেশ্য হৈছে সীমান্ত অঞ্চলসমূহত পৰ্যটনক অধিক বিকশিত কৰা আৰু অঞ্চলটোৰ ঐতিহ্য, সংস্কৃতি তথা কৌশলগত গুৰুত্ব দেশবাসীৰ আগত তুলি ধৰা ।

ছিকিম এখন পৰ্যটন নির্ভৰ ৰাজ্য হিচাপে পৰিচিত । সেয়েহে পৰ্যটনৰ সৈতে স্থানীয়লোকক নতুন জীৱিকাৰ এটা পথ দিয়াৰ নতুন পদক্ষেপে অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে আগন্তুক দিনত অধিক পৰ্যটক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে । বিশেষকৈ পাহাৰীয়া পথত যাত্ৰা কৰা পৰ্যটকসকলৰ বাবে এই কেফেখন এক নতুন অভিজ্ঞতা হিচাপে পৰিগণিত হৈছে ।

প্ৰতিৰক্ষা বিভাগৰ বিষয়া লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱতে প্ৰকাশ কৰে যে, এইধৰণৰ উদ্যোগে সীমান্ত অঞ্চলত উন্নয়নৰ লগতে সেনা আৰু সাধাৰণ নাগৰিকৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাত সহায় কৰিব ।

লগতে পঢ়ক :মহিলাক বিবাহ বিচ্ছেদৰ অধিকাৰ সন্দৰ্ভত হিন্দু আইনক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ