ETV Bharat / bharat

নেপালত জলপ্ৰলয়, বিহাৰত হাহাকাৰ: ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি

গণ্ডক নদী পাৰ হৈ যোৱা কেইবাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট । মুখ্য সচিবৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ বৈঠক ।

Gandak river
নেপালত আকস্মিক বানৰ পিছতে বিহাৰত হাই এলাৰ্ট জাৰি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 4:36 PM IST

|

Updated : August 26, 2026 at 5:14 PM IST

3 Min Read
Choose ETV Bharat

পাটনা : নেপালৰ আকস্মিক বানৰ পিছতে বিহাৰৰো গণ্ডক নদীৰ জলস্তৰ বৃদ্ধিৰ আশংকা কৰা হৈছে । যাৰ বাবে বিহাৰ চৰকাৰ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু জিলা প্ৰশাসনে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে ।

মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীৰ নিৰ্দেশত মুখ্য সচিবৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে । ৰাইজক গণ্ডক নদীৰ সমীপৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আৰু যিকোনো উৰাবাতৰিত বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

বহু বছৰ ধৰি বান সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত কাম কৰি থকা অভিযন্তা দীনেশ কুমাৰ মিশ্ৰই কয় যে নেপালৰ বানে পশ্চিম চম্পাৰণ, বগহা, পূব চম্পাৰণ, গোপালগঞ্জ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে বানৰ আশংকা বৃদ্ধি কৰিছে । বানৰ আশংকা কৰি ইতিমধ্যে বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে ।

ইফালে মুখ্য সচিব প্ৰত্যয় অমৃতৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হৈছে । সংশ্লিষ্ট জিলাসমূহৰ জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া/আৰক্ষী অধীক্ষকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সভাত অংশগ্ৰহণ কৰিছে । সংশ্লিষ্ট সকলো জিলাকে সতৰ্ক হৈ থকাৰ লগতে প্ৰয়োজনীয় উদ্ধাৰ আৰু সাহায্যৰ প্ৰস্তুতি কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ।

প্ৰশাসনে গণ্ডক নদীৰ জলস্তৰ বৃদ্ধিৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত পশ্চিম চম্পাৰণ (বেটীয়া), পূব চম্পাৰণ (মতিহাৰী), গোপালগঞ্জ, চাৰণ, মুজাফ্ফৰপুৰ আৰু বৈশালীত বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ উপৰিও সীতামড়ী, শ্বেওহৰ আৰু অন্যান্য জিলাসমূহৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণৰ বাবে নিৰ্দেশনা দিয়া হৈছে ।

পানীৰ প্ৰবাহৰ নিৰাপদ আৰু ফলপ্ৰসূ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ জলসম্পদ বিভাগে গণ্ডক বেৰেজ আৰু ইয়াৰ লগত জড়িত শ্লুইছ গেটৰ সকলো গেটেৰে পানী এৰি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে । প্ৰাসংগিক জলসম্পদৰ বিষয়া আৰু অভিযন্তাসকলক নিজ নিজ অঞ্চলত অহৰহ সতৰ্কতা বজাই ৰাখিবলৈ আৰু মথাউৰিকে ধৰি জলসম্পদৰ আন্তঃগাঁথনিৰ ওপৰত নিৰীক্ষণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত এনডিআৰএফ আৰু এছডিআৰএফৰ দল সাজু কৰি ৰখা হৈছে । এনডিআৰএফৰ এটা দল গোপালগঞ্জলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

সকলো দণ্ডাধীশক পৰ্যাপ্ত নাৱৰ ব্যৱস্থা কৰাৰ লগতে সম্ভাৱ্য ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ কোৱা হৈছে । প্ৰয়োজন সাপেক্ষে সময়মতে মানুহক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ আতংকৰ প্ৰয়োজন নাই । প্ৰশাসন সম্পূৰ্ণ সজাগ আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থা আৰু উদ্ধাৰকাৰী দল আগতীয়াকৈ সাজু কৰা হৈছে । নাগৰিকসকলক আতংকিত নহ'বলৈ আহ্বান জনোৱা হৈছে ।

ইফালে মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়েও এই সন্দৰ্ভত মন্তব্য দিছে । তেওঁ কৈছে, "সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ পৰ্যায়ৰ দল গঠন কৰি দিয়া হৈছে । মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে পৰ্যালোচনা কৰি আছে । তাৎক্ষণিকভাৱে মইও বৈঠকৰ আহ্বান কৰিছোঁ । প্ৰয়োজন হ'লে মইও সেই স্থানলৈ যাম ।"

উল্লেখ্য যে তিব্বত সীমান্তৰ সমীপৰ নেপালৰ ৰাছুৱা জিলাত আকস্মিক বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মৃত্যুৰ সংখ্যা নিশ্চিত হোৱা নাই যদিও শ শ লোক নিৰুদ্দেশ হোৱাৰ আশংকা কৰা হৈছে । ভোটেকোশী নৈৰ বানে বিস্তৰ অঞ্চলৰ ক্ষতিসাধন কৰাৰ লগতে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পও উটুৱাই লৈ যোৱাৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :

হঠাৎ নেপালত জলপ্ৰলয়: বিধ্বংসী ৰূপ লৈ নামি আহিল পানীৰ ধল, এফালৰ পৰা ঢাঁহি-মুহি নিলে সকলো

Last Updated : August 26, 2026 at 5:14 PM IST