ETV Bharat / bharat

কেৰালাত ধাৰাসাৰ বৰষুণ, চাৰি জনৰ মৃত্যু আৰু ২৮ জন আহত

কেৰালত ধাৰাসাৰ বৰষুণ ৷ ৰাজ্যখনৰ পাঁচখন জিলাত ৰেড এলাৰ্ড জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷

HEAVY RAINFALL IN KERALA
কেৰালাত ধাৰাসাৰ বৰষুণ (ANI File Photo)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 5:04 PM IST

2 Min Read
Choose ETV Bharat

থিৰুৱনন্তপুৰম: উৎকট গৰমৰ পাছত এইবাৰ দক্ষিণ ভাৰতৰ কেৰালাম ৰাজ্যত ধাৰাসাৰ বৰষুণ ৷ ফলত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৮ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ধাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভূমিস্খলনৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ কিয়নো ৰাজ্যখনৰ কন্নুৰ, ৱায়ানাড, কোৰিকোড আৰু মালাপ্পুৰম জিলাত ৰেড এলাৰ্ড জাৰি কৰা হৈছে ৷ লগতে পাঠনামথিত্তা, কোট্টায়ম, ইডুক্কি, এৰ্নাকুলাম, থ্ৰিছুৰ আৰু পলাক্কাডৰ বাবে অৰেঞ্জ এলাৰ্ড জাৰি কৰিছে ৷ ৰাজ্যখনৰ ৰাজধানী থিৰুৱানন্তপুৰম, কোল্লাম আৰু আলাপ্পুজাতো সতৰ্কতা জাৰি কৰা হৈছে ৷

বতৰ বিজ্ঞানীৰ আগজাননীৰ পাছতে ৰাজ্যখনৰ পাঁচখন জিলাত ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰিছে প্ৰশাসনে ৷ সতৰ্কতা স্বৰূপে পাঁচখন জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৷ ইফালে ৰাজ্যখনত এইবাৰ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি সতৰ্কতা প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইফালে শুকুৰবাৰে হোৱা ধাৰাসাৰ বৰষুণত চাৰিজনকৈ লোক নিহত হৈছে ৷

ৰাজ্যখনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে কণ্ডোটীত পালাক্কাড এক ভয়কৰ পথ দুৰ্ঘটনা হয় ফলত, তিনিজন লোকৰ মৃত্যু হৈছে ৷ ঘটনা বিবৰণি অনুসৰি, কণ্ডোটীত পালাক্কাডৰ পৰা কোট্টিয়ুৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ বাহনে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুণ্ডা মাৰে ৷ ফলত থিতাতে দুজন লোকৰ মৃত্যু হয় আৰু চিকিৎসালয়ত আন এজনৰ মৃত্যু হোৱা হয় ৷ মৃত লোকসকলৰ ভিতৰত আছে ট্ৰেভেলাৰখনৰ চালক ৰাজেশ, পলাক্কাডৰ আৰু কলেনংগোড ৷ দুৰ্ঘটনাটোত ২৮ জন লোক আহত হয় ৷ ইয়াৰে ১৩জনক কোজিকোড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

বৰষুণৰ ফলত থিৰুৱনন্তপুৰমৰ কৰমনা নদী আৰু পাঠানমথিত্তাৰ মণিমালা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বানৰ সতৰ্কবাণী জাৰি কৰাৰ সমান্তৰালকৈ নদীৰ পাৰত থকা লোকসকল সতৰ্কতা অৱলম্বনৰ বাবে প্ৰশাসনে আহ্বান জনাইছে।

লগতে পঢ়ক:ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল'লে কেইবাজনৰো, আহত বহুজন