ETV Bharat / bharat

নাবালিকা নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ মন্ত্ৰীপুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

২৯ মে’লৈকে ন্যায়িক জিম্মাত থাকিব মন্ত্ৰীপুত্ৰ ৷ সম্প্ৰতি তেওঁ কাৰাগাৰৰ আলহী ৷

BANDI SANJAY
বন্দী সঞ্জয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 4:20 PM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ(তেলেংগানা): নাবালিকা নিৰ্যাতনকাৰীৰ ৰূপত মন্ত্ৰীপুত্ৰ ৷ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক শনিবাৰে নিশা POCSO আইনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ সম্প্ৰতি তেওঁ কাৰাগাৰৰ বাসিন্দা ৷ এই কথাই সৰ্বত্ৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । আনহাতে, মন্ত্ৰীগৰাকীয়ে পুত্ৰক আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ আৰু তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়াৰ কথাও জানিব পৰা গৈছে ৷

উল্লেখ্য যে, নাবালিকা নিৰ্যাতনৰ ঘটনাত নাম সাঙোৰ খোৱা অভিযুক্তজন আন কোনো নহয়, কেন্দ্ৰীয় মন্ত্ৰী বন্দী সঞ্জয়ৰ পুত্ৰ ভগীৰথ ৷ পুত্ৰৰ গ্ৰেপ্তাৰক লৈ মন্ত্ৰী সঞ্জয়ে এনেদৰে কয় ‘‘ভগীৰথক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল...আৰক্ষীৰ সোধ-পোছৰ বাবে তেওঁ নিজেই গৈ থানাত উপস্থিত হৈছিল । ভগীৰথে দুজনকৈ অধিবক্তাৰ সৈতে পেট বছিৰাবাদ থানালৈ গৈছিল ।’’

ইতিমধ্যে POCSO গোচৰৰ অধীনত ভগীৰথক ন্যায়াধীশে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ শনিবাৰে নিশা আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে(SIT) গ্ৰেপ্তাৰ কৰা ভগীৰথক প্ৰায় মাজনিশা মেডচলস্থিত নিজ বাসগৃহত দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা হয় । দণ্ডাধীশে তেওঁক ২৯ মে’লৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে । পৰৱৰ্তী সময়ত অভিযুক্তক চেৰলাপল্লী কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷

কেন্দ্ৰীয় মন্ত্ৰী বন্দী সঞ্জয়ৰ পুত্ৰ বন্দী ভগীৰথে আদালতত ইতিমধ্যে জামিন আবেদন দাখিল কৰিছিল ৷ অৱশ্যে POCSO গোচৰৰ বাবে কোনো তাৎক্ষণিক ৰায় প্ৰদান কৰিব নোৱাৰে বুলি শুকুৰবাৰে তেলেংগানা উচ্চ ন্যায়ালয়ে জানিবলৈ দি পৰৱৰ্তী সপ্তাহলৈকে ৰায়দান সংৰক্ষিত কৰি ৰাখে ৷

ন্যায়াধীশ টি মাধৱী দেৱীৰ বিচাৰপীঠত নিশা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হোৱা এই আবেদনৰ শুনানি মাজনিশালৈকে চলিছিল ৷ তাৰ পিছত ন্যায়াধীশগৰাকীয়ে তাৎক্ষণিকভাৱে কোনো ৰায় দিব নোৱাৰে বুলি কয় ৷ অৱশ্যে গ্ৰেপ্তাৰ স্থগিত ৰখাৰ অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰা উচিত হয় নে নহয়, সেই সন্দৰ্ভত আগতীয়াকৈ সিদ্ধান্ত ল’বলৈ আবেদনকাৰীৰ অনুৰোধ বিবেচনা কৰিব বুলি আদালতে কয় ।

শুনানিৰ সময়ত আবেদনকাৰীৰ হৈ অধিবক্তাই বাৰে বাৰে শাস্তিৰ পৰিমাণ হ্ৰাস কৰিবলৈ আদালতক অনুৰোধ জনোৱাৰ লগতে এই তদন্ত প্ৰক্ৰিয়াত ভগীৰথে সম্পূৰ্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ অৱশ্যে আদালতে অধিবক্তাৰ অনুৰোধক প্ৰত্যাখ্যান কৰে ৷

আবেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা এছ নিৰঞ্জন ৰেড্ডীয়ে নাবালিকা নিৰ্যাতনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত বিসংগতি থকাৰ দাবী জনায় ৷ এজাহাৰত সন্নিৱিষ্ট ধাৰাসমূহক চালে এই গ্ৰেপ্তাৰ নীতি বহিৰ্ভুত বুলিও তেওঁ দাবী কৰে ৷ নাবালিকাৰ পৰিয়ালে উদ্দেশ্যপ্ৰণোদিতভাৱে এই অভিযোগ উত্থাপন কৰা বুলিও অধিবক্তাগৰাকীয়ে দাবী কৰে ৷

অধিবক্তাগৰাকীয়ে কয় যে মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এই অভিযোগ উত্থাপন হৈছিল ৷ তাৰ পিছত মাৰ্চ মাহত আইনী আলোচনাৰ অন্তত ৮ মে’ত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰা হৈছিল । ভুক্তভোগীয়ে আদালতত দাখিল কৰা জন্মৰ তাৰিখৰ সৈতে প্ৰকৃত জন্মৰ তাৰিখৰ নথিপত্ৰত সামঞ্জস্য নথকা বুলি অধিবক্তাগৰাকীয়ে দাবী তুলিছে ৷

অভিযোগত উল্লেখ কৰা অনুসৰি নাবালিকাগৰাকীৰ সন্মতিতেই এই কাণ্ড সংঘটিত হৈছিল বুলি অধিবক্তা ৰেড্ডীয়ে দাবী কৰে ৷ জানিব পৰা মতে, দুয়োগৰাকীৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল । চলিত বৰ্ষৰ ৭ জানুৱাৰীত এই সম্পৰ্ক শেষ কৰাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ অধিবক্তাই দাবী কৰা অনুসৰি, নাবালিকাগৰাকীয়ে নিজ ইচ্ছাতে সুৰাপান কৰিছিল আৰু দুয়োগৰাকীৰে মাজত দীঘলীয়া বাৰ্তালাপ হৈছিল ৷

আবেদনখনৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তা পল্লে নাগেশ্বৰ ৰাৱে যুক্তি দিছিল যে এজাহাৰখনত এনে কেতবোৰ ধাৰা সংযোজন কৰা হৈছে, যিবোৰ পক্স’ আইনৰ ৫ আৰু ৬ নং ধাৰাৰ অন্তৰ্ভুক্ত ৷ যাৰ অধীনত অতি সহজে জামিন প্ৰদান কৰিব নোৱাৰি । তদন্তৰ অগ্ৰগতি আৰু ভুক্তভোগীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে এই ধাৰা সংশোধন কৰিব বা নতুন ধাৰা সংযোজন কৰিব পৰাৰ অধিকাৰ আছে বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে ।

ফাৰ্ণাণ্ডেজ হাস্পতালৰ পৰা লাভ কৰা তথ্য, জিএইচএমচিৰ নথি আৰু বিদ্যালয়ৰ পৰা লাভ কৰা প্ৰমাণপত্ৰই ভুক্তভোগীৰ জন্মৰ তাৰিখ ২০০৮ চনৰ ১২ আগষ্ট বুলি প্ৰমাণ কৰে বুলি অধিবক্তাই আদালতত কয় ৷ তেওঁ লগতে কয় যে এই অভিযোগ দাখিলৰ সময়ত ভুক্তভোগী নাবালিকা আছিল ।

এই গোচৰটোৰ হৈ সাক্ষী দিবলগীয়া ব্যক্তিসকলৰ মাজত অভিযুক্তৰ পিতৃয়ে বিভিন্ন ধৰণে ভয়-ভাবুকি দিয়াৰ অভিযোগ তুলিছে অধিবক্তা নাগেশ্বৰ ৰাৱে । তেওঁ দাবী কৰে যে, ভুক্তভোগীগৰাকী অকলশৰীয়া নহয় আৰু একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা আন চাৰিগৰাকী মহিলাও আগবাঢ়ি অহাৰ সম্ভাৱনা আছে ৷

এই কথাসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আদালতে তাৎক্ষণিকভাৱে কোনো ৰায় প্ৰদান কৰাটো সঠিক নহয় বিবেচনা কৰে ৷

উচিত তদন্তৰ দাবী মাতৃৰ

ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃয়ে শুকুৰবাৰে চাৰিপৃষ্ঠাজোৰা এখন পত্ৰ প্ৰকাশ কৰি পৰিয়ালে সন্মুখীন হোৱা দুখ-কষ্টক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । এই গোচৰৰ তদন্ত চলি থকাৰ মাজতে নাবালিকাগৰাকীৰ পৰিয়ালটো এটা সাধাৰণ মধ্যবিত্তীয় পৰিয়াল বুলি মাতৃয়ে প্ৰকাশ কৰে, যাৰ ওপৰত কোনোধৰণৰ ৰাজনৈতিক প্ৰভাৱ নাই ৷

এনে স্পৰ্শকাতৰ সময়ত নাবালিকাৰ পৰিচয় প্ৰকাশ পোৱাৰ ফলত পৰিয়ালটোৱে সহিব নোৱাৰা মানসিক যন্ত্ৰণাৰ সন্মুখীন হোৱা বুলি মাতৃয়ে দাবী কৰে ৷ তদুপৰি নিজৰ কন্যাৰ ফটো বা ভিডিঅ’ ইউটিউবৰ দৰে সামাজিক মাধ্যমত প্ৰচাৰ নকৰিবলৈ সাধাৰণ লোকক আহ্বান জনায় ।

পত্ৰখনত মাতৃয়ে অভিযোগ কৰিছে যে ২০২৫ চনত তেওঁৰ কন্যাই প্ৰথমবাৰৰ বাবে বন্দী ভগীৰথৰ সংস্পৰ্শলৈ আহিছিল ৷ তেতিয়াৰে পৰাই তেওঁ ভুৱা প্ৰতিশ্ৰুতিৰে নাবালিকাগৰাকীক প্ৰতাৰণাৰ আশ্ৰয়ৰে বিপথে পৰিচালিত কৰিছিল । মাতৃয়ে দাবী কৰে যে ভগীৰথে ছোৱালীজনীক বিভিন্ন স্থানৰ লগতে আৱাসিক অট্টালিকালৈও নিছিল আৰু নাবালিকাগৰাকীৰ অনিচ্ছাৰ পিছতো শাৰীৰিক সম্পৰ্ক স্থাপনত হেঁচা প্ৰয়োগ কৰিছিল ।

২০২৫ চনৰ ৩১ ডিচেম্বৰ আৰু চলিত বৰ্ষৰ ১ জানুৱাৰীৰ মাজ নিশা মৈনাবাদত ভগীৰথে নাবালিকাগৰাকীক বলপূৰ্বকভাৱে সুৰাপান কৰিবলৈ বাধ্য কৰোৱাৰ পিছত শাৰীৰিক নিৰ্যাতন চলাই বুলি মাতৃগৰাকীয়ে অভিযোগ তোলে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত এই সম্পৰ্ক ভংগ হোৱাৰ পিছত তেওঁৰ কন্যাই তীব্ৰ মানসিক অশান্তিৰ সন্মুখীন হৈছিল । মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত পৰিয়ালটোৱে আইনী সহায় বিচাৰিছিল ৷ কিন্তু ২১ এপ্ৰিলত তেওঁলোকৰ বিৰুদ্ধে ব্লেকমেইল আৰু ধন দাবীৰ কেইবাটাও গোচৰ ৰুজু হোৱাৰ লগে লগে পৰিয়ালটোৰ মাজত আতংক আৰু উদ্বেগ সৃষ্টি হৈছিল বুলি নাবালিকাৰ মাতৃয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বাৰিষাৰ লগে লগে গুৱাহাটীত ভূমিস্খলনৰ আশংকা : কঠোৰ জিলা প্ৰশাসন, জাৰি নিষেধাজ্ঞা, শংকিত পাহাৰবাসী