ETV Bharat / bharat

'গুণ্ডাৰাজ' গ্ৰহণযোগ্য নহয়: দেশৰ মুখ্য ন্যায়াধীশে কি কাৰণত ক’লে এই কথা

তিছ হাজাৰী আদালতত এজন অধিবক্তাই শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে তথাকথিত ‘গুণ্ডাৰাজ’ ক গৰিহণা দিয়ে ।

CJI ON PHYSICAL ASSAULT IN COURT
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 9, 2026 at 10:45 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে সোমবাৰে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় "গুণ্ডাৰাজ" ৷ বিগত ৭ ফেব্ৰুৱাৰীত দিল্লীৰ জিলা আদালতৰ কক্ষত শাৰীৰিক আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰা এজন অধিবক্তাক দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাষ চপাৰ পৰামৰ্শ প্ৰদান কৰে ৷

এজন অধিবক্তাই দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচী আৰু এন ভি অঞ্জৰীৰে গঠিত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত বিষয়টোৰ জৰুৰী শুনানিৰ বাবে তেওঁৰ আবেদনৰ কথা উল্লেখ কৰে ।

অধিবক্তাগৰাকীয়ে কয়, ‘‘মই তিছ হাজাৰী আদালতত অতিৰিক্ত জিলা ন্যায়াধীশ (এ ডি জে) হৰজিৎ সিং পালৰ সন্মুখত হাজিৰ হৈছিলো । মই অভিযুক্তৰ হৈ হাজিৰ হৈছিলো । অভিযোগকাৰীৰ অধিবক্তাই মোক কেইবাটাও গুণ্ডাৰ সহায়ত আক্ৰমণ কৰিলে… মোক মাৰপিট কৰিলে আৰু বিচাৰকগৰাকী ঠিক তাতেই বহি আছিল । আদালতৰ সকলো সদস্য উপস্থিত আছিল ।’’

৭ ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হোৱা বুলি বিচাৰপীঠে উল্লেখ কৰি অধিবক্তাগৰাকীক এই বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰিছে নেকি বুলি প্ৰশ্ন কৰে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে অধিবক্তাজনক দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়াৰ লগতে একেখনি পত্ৰ তেওঁলৈও পঠিয়াবলৈ কয় । ‘‘উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ইয়াক জনাটো উচিত । প্ৰশাসনিক পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এইধৰণৰ 'গুণ্ডাৰাজ' আমাৰ বাবে গ্ৰহণযোগ্য নহয় । ইয়াৰ অৰ্থ হৈছে আইনৰ শাসনৰ ব্যৰ্থতা । তেনেকুৱা কৰক আৰু মোক জনাওক…’’ - মুখ্য ন্যায়াধীশগৰাকীয়ে অধিবক্তাজনক উদ্দেশ্যি এনেদৰে কয় ।

বিচাৰপীঠে অধিবক্তাগৰাকীক সংশ্লিষ্ট উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক: ১৫০ মিনিটৰ বাবে বন্ধ থাকিব তাজমহল : কেতিয়া আৰু কিয় ?