লোকচক্ষুৰ সমুখতে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা বিজেপিৰ সক্ৰিয় যুৱনেতাক
এদল লোকে শাসকীয় বিজেপিৰ এজন সক্ৰিয় যুৱ নেতাক হত্যা কৰাৰ অভিযোগ ৷ এতিয়াও পলাতক লৈ আছে অভিযুক্তকেইটা ৷

Published : May 18, 2026 at 5:14 PM IST
চুৰাট (গুজৰাট): আজিৰ দিনত কাৰোবাক হত্যা কৰাটো যেন এক সাধাৰণ ঘটনালৈ পৰিণত হৈছে ! আইন-শৃংখলা হাতত তুলি ল’বলৈয়ো যেন কুণ্ঠাবোধ নকৰে একাংশই ৷ এনেধৰণৰ বাতৰি সততে সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈ আহিছে ৷
শেহতীয়াকৈ গুজৰাটৰ চুৰাটত এনে এক ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, দেওবাৰে নিশা শাসকীয় দল বিজেপিৰ এজন সক্ৰিয় যুৱনেতাক চুৰাটৰ ৬ নং উধনা পথত কোনো লোকে চোকা অস্ত্ৰৰে হানি-খুচি নিৰ্মমভাৱে হত্যা কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনত এক চাঞ্চল্যই বিৰাজ কৰে ৷ এই ঘটনাই জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ ওপৰতো বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷
লাভ কৰা তথ্য অনুসৰি, নিহত যুৱকজনৰ নাম জয় দলাল । জয় হৈছে লিম্বায়তৰ বিধায়ক সংগীতাবেন পাটিলৰ অতি ঘনিষ্ঠ আৰু তেওঁৰ সৈতে ৰাজনৈতিক আৰু সামাজিক কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা মহিলা নেত্ৰী জয়শ্ৰীবেন দলালৰ পুত্ৰ । মৃত জয় বিজেপিৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত আছিল ৷ লগতে তেওঁ ডিণ্ডোলি ৱাৰ্ড যুৱ মৰ্চাৰ উপ-সভাপতি হিচাপে দলীয় দায়িত্বত আছিল । শাসকীয় দলৰ এজন নেতাক হত্যা কৰাৰ ঘটনাৰ পাছতে ৰাজনৈতিক মহলতো এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷

জয় দলালৰ মাতৃ জয়শ্ৰীবেনে কয় যে দেওবাৰে পুৱাৰে পৰা জয় ঘৰতে আছিল ৷ ৰাতি প্ৰায় ৮:৩০ বজাত তেওঁ বন্ধুক লগ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু ৰাতি প্ৰায় ১২:৩০ বজাত জয়ৰ পৰিয়ালে তেওঁক কোনো লোকে প্ৰাণে মৰাৰ চেষ্টা কৰিছে বুলি খবৰ লাভ কৰে ৷
আনকি আক্ৰমণকাৰীয়ে গাড়ীৰ পৰা টানি আনি নিৰ্বিচাৰে চোকা অস্ত্ৰৰে জয়ক আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জয়ক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসালয় পোৱাৰ আগতেই তেওঁৰ মৃত্যু হয় ।
মৃতকৰ মাতৃয়ে এই হত্যাকাণ্ড সন্দৰ্ভত কয়, "চকলী, পংকজ পাটিল আৰু ৩-৪ জনকে ধৰি মুঠ ৭ ৰ পৰা ৮ জন লোকে চোকা অস্ত্ৰৰে মোৰ পুত্ৰক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল । এই ঘটনাত মুঠ ১৪ ৰ পৰা ১৫ জন লোক জড়িত আছিল ৷’’
তেওঁ লগতে কয় যে জয়ক হত্যা কৰা লোককেইজনৰ বিৰুদ্ধে পূৰ্বেই উধনা থানা PASA-ৰ অধীনত ৰুজু হৈ আছে গোচৰ ৷ কাৰণ তেওঁলোকে কোনো দুষ্কাৰ্য কৰিছিল আৰু সেই সন্দৰ্ভত আৰক্ষীৰ আগত জয়ে দিয়া ভাষ্যৰ আধাৰতে চকলী, পংকজ পাটিল আৰু কেবাজনো লোকৰ বিৰুদ্ধে PASA-ৰ অধীনত গোচৰ ৰুজু হৈছিল ৷ সেই ঘটনাৰ প্ৰতিশোধ লোৱাৰ বাবেই জয়ক যুৱককেইজনে হত্যা কৰিলে বুলি অভিযোগ কৰে তেওঁৰ মাতৃয়ে ৷
জানিব পৰা মতে, আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে ৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে এজনো অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ লগতে আৰক্ষীয়ে সংবাদ মাধ্যমৰ সমুখতো ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাই ৷

