হায়দৰাবাদত গুজৰাট এ টি এছৰ ব্যাপক অভিযান
হায়দৰাবাদৰ এটা সন্ত্ৰাসবাদী চক্ৰৰ সৈতে জড়িত এটা গোচৰত চলোৱা অভিযানৰ সময়ত গুজৰাট এ টি এছে জব্দ কৰে সন্দেহযুক্ত ৰিচিন সামগ্ৰী ।

Published : November 13, 2025 at 5:33 PM IST
হায়দৰাবাদ: এক সন্ত্ৰাসবাদমূলক কাৰ্যৰ সৈতে নিজামৰ চহৰখ্যাত হায়দৰাবাদৰ সম্পৰ্ক থকাৰ সন্দেহত গুজৰাট এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে বৃহস্পতিবাৰে চহৰখনত তালাচী চলায় ৷
গুজৰাট এ টি এছৰ পাঁচজনীয়া এটা দলে পুৱতি নিশা প্ৰায় ২ বজাত ৰাজেন্দ্ৰ নগৰৰ ফ’ৰ্টভিউ কলনীত উপস্থিত হৈ ডাঃ আহমেদ মহিউদ্দিন চৈয়দৰ বাসগৃহত ডেৰ ঘণ্টাৰো অধিক সময় ধৰি তালাচী চলায় ।
সূত্ৰ অনুসৰি, এই অভিযানৰ সময়ত বিষয়াসকলে এটা অচিনাক্ত ৰাসায়নিক পদাৰ্থ, ৰিচিন বিষ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা কেঁচামাল, এটা শীতল প্ৰেছ মেচিন, এটা কম্পিউটাৰ আৰু কেইবাখনো কিতাপৰ লগতে বিভিন্ন নথি জব্দ কৰে । কেষ্টাৰ বীনৰ পৰা আহৰণ কৰা অতি বিষাক্ত পদাৰ্থ ৰিচিনক অন্যতম মাৰাত্মক জৈৱিক কাৰক হিচাপে গণ্য কৰা হয় ।
সূত্ৰই জনোৱা মতে, ৰাজেন্দ্ৰ নগৰ আৰক্ষীক এই অভিযান সন্দৰ্ভত আগতীয়াকৈ অৱগত কৰা হৈছিল যদিও তালাচীৰ সময়ত চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল । গুজৰাট এ টি এছৰ দলটোৱে গোচৰটোৰ চলি থকা তদন্তৰ সময়ত সংগ্ৰহ কৰা নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই তালাচী চলাইছিল ।
আজাদ চুলেমান শ্বেখ আৰু মহম্মদ চুহেইল চেলিম খান নামৰ আন দুজন অভিযুক্তৰ বাসগৃহতো একেলগে তালাচী চলোৱা হয় । দুয়োজন অভিযুক্তৰ ঘৰ উত্তৰ প্ৰদেশত । অভিযুক্ত আৰু সম্ভাব্য সন্ত্ৰাসবাদী নেটৱৰ্কৰ মাজত সম্পৰ্ক স্থাপনৰ বাবে অধিক প্ৰমাণ সংগ্ৰহৰ লক্ষ্যৰে চলোৱা হৈছিল এই অভিযান ।
মহিউদ্দিনৰ ঘৰৰ পৰা জব্দ কৰা ৰাসায়নিক পদাৰ্থসমূহৰ গঠন আৰু সম্ভাব্য ব্যৱহাৰ নিৰ্ণয়ৰ বাবে বিতং বিশ্লেষণৰ বাবে ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।
সূত্ৰসমূহে জনোৱা মতে, এ টি এছে সন্দেহ কৰিছে যে গোটটোৱে বিষাক্ত যৌগসমূহৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছিল আৰু হয়তো জৈৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ প্ৰাৰম্ভিক পৰ্যায়ত আছিল ।
বিষয়াসকলে জনোৱা মতে, দেশজুৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাৰে অস্ত্ৰ যোগান ধৰাৰ অভিযোগত বিগত দেওবাৰে আদালাজৰ টোল প্লাজাৰ পৰা গুজৰাটৰ এ টি এছে গ্ৰেপ্তাৰ কৰে এই তিনিওজনক ।
বিষয়াসকলে এই সন্ত্ৰাসবাদী পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড হিচাপে ডাঃ আহমেদ মহিউদ্দিন চৈয়দক চিনাক্ত কৰিছে । মহিউদ্দিনে প্ৰাথমিক শিক্ষা হায়দৰাবাদৰ সমীপৰ খম্মামত লাভ কৰাৰ পিছত ৱাৰংগলৰ পৰা ইণ্টাৰমিডিয়েট হিচাপে স্কুলীয়া শিক্ষা সমাপ্ত কৰে ৷
অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ অভিযান্ত্ৰিক আৰু ফাৰ্মাচী পাঠ্যক্ৰমত স্নাতক নামভৰ্তিৰ পৰীক্ষাৰ জৰিয়তে ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰেল এণ্ড মেডিকেল কমন এণ্ট্ৰেন্স টেষ্ট (ই এ এম চি ই টি)ৰ জৰিয়তে আসন লাভ কৰিব নোৱৰাৰ পিছত ২০০৭ চনত তেওঁ চিকিৎসা অধ্যয়নৰ বাবে চীনলৈ গৈছিল ৷ পৰৱৰ্তী সময়ত পৰিয়ালটো খাম্মামৰ পৰা হায়দৰাবাদলৈ আহি বাস কৰিবলৈ লয় ।
সূত্ৰই জনোৱা মতে, ২০১৩ চনত চীনৰ পৰা উভতি অহাৰ পিছত মহিউদ্দিনে কেইখনমান চিকিৎসালয়ত কাম কৰিছিল আৰু পিছত ক'ভিড-19 মহামাৰীৰ পিছত ক্লিনিকেল প্ৰেকটিছ ত্যাগ কৰে ৷ সূত্ৰই লগতে কয় যে বিবাহৰ প্ৰস্তাৱ বিফল হোৱাৰ পিছত তেওঁ আৱেগিকভাৱে প্ৰভাৱান্বিত হৈছিল । এই সময়ছোৱাত তেওঁ আবু খাদিজা নামৰ এজন লোকৰ সৈতে ছ’চিয়েল মিডিয়াত যোগাযোগ কৰি ৰাজেন্দ্ৰ নগৰৰ ফ’ৰ্টভিউ কলনীৰ এটা কোঠাত বিষাক্ত দ্ৰব্য তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক: দিল্লী বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ লৈ বৃদ্ধি, বৰ্তমানো চিনাক্ত কৰিব পৰা দুজনৰ মৃতদেহ

