ETV Bharat / bharat

পশ্চিম এছিয়াৰ সংঘাতৰ পৰা শিক্ষা লৈছে ভাৰতে;ৰন্ধন গেছৰ উৎপাদন সন্দৰ্ভত নতুন নিৰ্দেশনা

পশ্চিম এছিয়াৰ সংঘাতৰ সময়ত দেশত ৰন্ধন গেছৰ নাটনিৰ সমস্যা দেখি চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । ঘৰুৱা উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰ সষ্টম হৈছে ।

A gas agency worker loads LPG cylinders on his shoulders following a hike in commercial LPG prices in Surat, Gujarat Saturday, May 02, 2026
পশ্চিম এছিয়াৰ সংঘাতৰ পৰা শিক্ষা লৈছে ভাৰতে (IANS)
author img

By PTI

Published : August 16, 2026 at 1:48 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী : পশ্চিম এছিয়াৰ সংঘাতৰ সময়ত আমদানিকৃত ৰন্ধন গেছৰ যোগান ব্যাহত হোৱাৰ পাছত এইবাৰ কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু জৰুৰী সময়ৰ বাবে যোগান শৃংখলা সুস্থিৰ কৰি ৰখা লক্ষ্যৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰে প্ৰথমবাৰৰ বাবে দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ তেল শোধনাগাৰ আৰু কোম্পানীসমূহৰ বাবে ৰন্ধন গেছ উৎপাদনৰ সৰ্বোচ্চ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ১৩ আগষ্টত জাৰি কৰা এক নিৰ্দেশত দেশৰ ২১ টা শোধনাগাৰ আৰু আপষ্ট্ৰিম কোম্পানীৰ বাবে সৰ্বোচ্চ ৰন্ধন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । প্ৰতিটো খণ্ডকে সম্ভাব্য উৎপাদন প্ৰতিদিনে ৬৩,৮১০ টন নিৰ্ধাৰণ কৰা হৈছে । ই ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ঘৰুৱা ৰন্ধন উৎপাদনৰ দুগুণতকৈও অধিক আৰু দেশৰ দৈনিক ব্যৱহাৰৰ প্ৰায় ৭০ শতাংশৰ সমান ।

অৱশ্যে সাধাৰণ পৰিস্থিতিত এয়া বাধ্যতামূলকভাৱে দৈনিক উৎপাদন কৰাৰ লক্ষ্য নহয় । দেশত যেতিয়াই যোগানৰ বাধা আহিব তেতিয়াই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া উৎপাদনৰ সীমা ব্যৱহাৰ কৰিব লাগিব । নিৰ্দেশনা অনুসৰি পৰিকল্পিত উৎপাদনৰ সৰহভাগ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পুৰণি শোধনাগাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, যিয়ে দিনটোত ১৮ হাজাৰ টন পৰ্যন্ত ৰন্ধন গেছ উৎপাদন কৰিব লাগিব ।

২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ৩ কোটি ৩২ লাখ টন ৰন্ধন গেছ ব্যৱহাৰ কৰিছিল (প্ৰতিদিনে প্ৰায় ৯১,০০০ টন) । ইয়াৰে বছৰি ১ কোটি ৩১ লাখ টন ঘৰুৱাভাৱে উৎপাদন কৰা হৈছিল (দিনটোত প্ৰায় ৩৫,৯০০ টন) আনহাতে বাকী ২ কোটি ১৩ লাখ টন বছৰি (দিনটোত প্ৰায় ৫৮,৪০০ টন) আমদানি কৰা হৈছিল । অৰ্থাৎ দেশৰ মুঠ ৰন্ধন গেছ ব্যৱহাৰৰ ৬৮ শতাংশতকৈ অধিক আমদানিৰ ওপৰত নিৰ্ভৰশীল ।

পশ্চিম এছিয়াৰ সংঘাতৰ সময়ত যেতিয়া হৰমুজ প্ৰণালী বন্ধ হৈছিল তেতিয়া এই আমদানিৰ ক্ষেত্ৰত ভাৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । যোগানৰ ওপৰত প্ৰভাৱ পৰাৰ লগে লগে চৰকাৰে মাৰ্চ মাহত ৰন্ধন গেছ উৎপাদন বৃদ্ধিৰ বাবে শোধনাগাৰসমূহক পেট্ৰ'কেমিকেল উৎপাদনত ব্যৱহৃত ষ্ট্ৰীমসমূহ অন্য দিশে স্থানান্তৰৰ নিৰ্দেশ দিছিল ।

ইয়াৰ উপৰিও প্ৰথম অৱস্থাত ঔদ্যোগিক আৰু বাণিজ্যিক ব্যৱহাৰকাৰীসকলক ৰন্ধন গেছ বিক্ৰী বন্ধ কৰি দিছিল আৰু তাৰ পিছত ক্ৰমান্বয়ে ইয়াৰ মূল্য বৃদ্ধি কৰিছিল । ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্ৰতো ৰিফিল বুকিঙৰ সময় বৃদ্ধি কৰা হৈছিল আৰু তেওঁলোকক ৰন্ধন গেছৰ সংযোগ পাইপযুক্ত প্ৰাকৃতিক গেছলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰা হৈছিল । যাৰ যোগানত যুদ্ধৰ বাবে বিশেষ গুৰুতৰ প্ৰভাৱ পৰা নাছিল ।

চৰকাৰে নতুন নিৰ্দেশনাৰ জৰিয়তে পূৰ্বৰ জৰুৰীকালীন ব্যৱস্থাতকৈ অধিক স্থায়ী কাঠামো প্ৰৱৰ্তন কৰিছে । ইয়াৰ অধীনত শোধনাগাৰ আৰু আপষ্ট্ৰিম কোম্পানীবোৰে ৰন্ধন গেছ সংৰক্ষণ, খালী কৰা আৰু পৰিবহণৰ পৰ্যাপ্ত আন্তঃগাঁথনি সদায় সাজু কৰি ৰাখিব লাগিব । কোম্পানীবোৰে উৎপাদন বৃদ্ধি কৰিবলৈ কাৰিকৰী আৰু অৰ্থনৈতিকভাৱে সম্ভৱপৰ উন্নীতকৰণো কৰিব লাগিব ।

চৰকাৰে যেতিয়াই পৰ্যাপ্ত ঘৰুৱা উপলব্ধতা, ন্যায্য বিতৰণ আৰু উচিত মূল্যত যোগান নিশ্চিত কৰাৰ বাবে এনে ব্যৱস্থাৰ প্ৰয়োজন বুলি বিবেচনা কৰে তেতিয়াই শোধনাগাৰ, তেল বিপণন কোম্পানী আৰু আপষ্ট্ৰিম কোম্পানীবোৰক নিৰ্দিষ্ট পৰিমাণ আৰু সময়ৰ বাবে ৰন্ধন গেছ উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিব ।

সংকটৰ পৰা শিক্ষা লৈ চৰকাৰে এই নিৰ্দেশ জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহৰ মালিকানাধীন আৰু পৰিচালিত ১৮ টা শোধনাগাৰক দিনটোত মুঠ ৩১,৪৭০ টন উৎপাদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ব্যক্তিগত খণ্ডত গুজৰাটৰ জামনগৰত থকা ৰিলায়েন্সৰ বছৰি ৩৩ মিলিয়ন টন ঘৰুৱা শুল্ক এলেকা (ডিটিএ) শোধনাগাৰক প্ৰতিদিনে ১৮ হাজাৰ টন উৎপাদনৰ নিৰ্দেশ দিয়া হৈছে । অৱশ্যে ৰিলায়েন্সৰ বছৰি কেৱল ৰপ্তানিৰ বাবে শোধনাগাৰৰ বাবে কোনো লক্ষ্য নিৰ্ধাৰণ কৰা হোৱা নাই ।

ৰ'ছনেফ্ট সমৰ্থিত নায়াৰা এনাৰ্জীৰ বছৰি ২ কোটি টন ক্ষমতাসম্পন্ন ভাডিনাৰ শোধনাগাৰক দিনটোত ৪৪৮০ টন উৎপাদন কৰিবলৈ কোৱা হৈছে । প্ৰাকৃতিক গেছৰ পৰা ৰন্ধন গেছ উৎপাদন কৰা অ'এনজিচি আৰু গেইলৰ দৰে আপষ্ট্ৰিম গেছ উৎপাদক আৰু প্ৰচেছৰক প্ৰতিদিনে ৬৪৬০ টন উৎপাদনৰ লক্ষ্য দিয়া হৈছে ।

নিৰ্দেশনাত কোৱা হৈছে, "ইয়াৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে যে সকলো ৰাজহুৱা খণ্ড, যৌথ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ তেল শোধন কোম্পানী আৰু আপষ্ট্ৰিম তেল কোম্পানীয়ে নিজৰ দ্বাৰা বা নিৰ্দিষ্ট পৰিমাণৰ বাবে পৰ্যাপ্ত ৰে'লৱে বা টেংকাৰৰ জৰিয়তে এলপিজি সংৰক্ষণ, খালী আৰু পৰিবহণৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি বিকশিত, বৃদ্ধি আৰু সকলো সময়তে ৰক্ষণাবেক্ষণ কৰিব লাগিব ।"

যেতিয়াই নিৰ্দেশনা জাৰি কৰা হ'ব তেতিয়াই কোম্পানীসমূহে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰন্ধন গেছ উৎপাদন বৃদ্ধি কৰিব লাগিব । চৰকাৰে বছৰত দুবাৰকৈ ১ জানুৱাৰী আৰু ১ জুলাইত ৰন্ধন গেছ উৎপাদনৰ সূচী পৰ্যালোচনা আৰু সংশোধন কৰিব ।

লগতে পঢ়ক : জুলাই মাহত ইলেক্ট্ৰিক বাহনৰ সৰ্বাধিক বিক্ৰীৰে ভাৰতৰ অভিলেখ