ETV Bharat / bharat

সামাজিক মাধ্য়মত বিভ্ৰান্তিকৰ-ভুৱা বিষয় পৰীক্ষা কৰিবলৈ গঠন হ’ব তৎকালীন সঁহাৰি দল

উৰাবাতৰি, ভুৱা তথ্য, ভুৱা বিষয়বস্তু, বিভ্ৰান্তিকৰ পোষ্ট কৰিব পৰীক্ষা ।

Representational Image
প্ৰতিনিধিত্বমূলক ছবি (AFP)
author img

By PTI

Published : August 16, 2026 at 3:45 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : সামাজিক মাধ্য়মত বিভ্ৰান্তিকৰ বা ভুৱা বিষয় আপলোড কৰিলেই হ'ব বিপদ । কাৰণ এই বিষয়বস্তুৰ সময়মতে সঁহাৰি নিশ্চিত কৰিবলৈ চৰকাৰী বিভাগসমূহে তৎকালীন সঁহাৰি দল (কিউআৰটি)গঠন কৰিছে । এগৰাকী বিষয়াই এই কথা সদৰী কৰিছে ।

বিষয়াগৰাকীয়ে কয় যে সামাজিক মাধ্য়মৰ জৰিয়তে গঠনমূলকভাৱে মানুহৰ সৈতে জড়িত হোৱাৰ লগতে উৰাবাতৰি, ভুৱা তথ্য, ভুৱা বিষয়বস্তু, বিভ্ৰান্তিকৰ পোষ্টৰ প্ৰতি সময়মতে সঁহাৰি জনোৱাত লক্ষ্য ৰাখিব লাগে ।

এনে বিষয়বস্তুৰ ওপৰত সূক্ষ্মভাৱে পৰীক্ষা, সমন্বয় আৰু সঁহাৰি জনোৱাটোৱে হৈছে ইয়াৰ উদ্দেশ্য় । একে সময়তে সামাজিক মাধ্য়মত চৰকাৰী বিভাগসমূহৰ কাম আৰু কাৰ্যৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে নিৰীক্ষণ কৰিবলৈ তৎকালীন সঁহাৰি দল গঠন কৰা হ'ব ।

সামাজিক মাধ্য়মত ভুৱা/বিভ্ৰান্তিকৰ বিষয়বস্তুৰ প্ৰতি সঁহাৰি জনোৱাটোও নিজ নিজ দলৰ কাম-কাজত অন্তৰ্ভুক্ত হ'ব । উল্লেখ্য় যে শক্তি, কৃষি আৰু বাণিজ্যৰ দৰে বিভাগে ইতিমধ্যে নিজৰ কিউআৰটি গঠন কৰিছে ।

আদৰ্শগতভাৱে মন্ত্ৰালয়সমূহৰ পৰা পোৱা সঁহাৰি এনে বিষয়বস্তু লক্ষ্য কৰাৰ দুঘণ্টাৰ ভিতৰত হ’ব লাগে বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নতুন মিডিয়া শাখাৰ পৰা উপযুক্ত তথ্য় লৈ নিজ নিজ মন্ত্ৰালয়ৰ সামাজিক মাধ্য়ম আৰু ডিজিটেল মিডিয়া দলে সামাজিক মাধ্য়ম আৰু প্ৰাসংগিক ডিজিটেল প্লেটফৰ্মৰ ওপৰত নিৰীক্ষণৰ কাম হাতত ল’ব । সামাজিক মাধ্য়মৰ দলসমূহে নিয়মিতভাৱে মন্ত্ৰণালয় বা বিভাগৰ সৈতে জড়িত বিষয়বস্তু, ইয়াৰ নীতি, আঁচনি, কাৰ্যসূচী, সিদ্ধান্ত আৰু ঘোষণাসমূহকে ধৰি নিৰীক্ষণ কৰিব লাগিব ।

যিকোনো বিষয়বস্তু ভুৱা, বিভ্ৰান্তিকৰ, বাস্তৱিকভাৱে ভুল, হেতালি খেলা, বিকৃত, প্ৰসংগৰ বাহিৰলৈ লৈ যোৱা বা জনসাধাৰণৰ বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা থকা যেন লগা যিকোনো বিষয়বস্তু তৎক্ষণাত কিউআৰটিৰ নিৰীক্ষণলৈ অনা হ’ব বুলি বিষয়াগৰাকীয়ে কয় । বিষয়াগৰাকীয়ে লগতে কয় যে কিউআৰটিসমূহে এনে তথ্য পৰীক্ষা কৰাৰ লগতে বাস্তৱিক স্থিতি দাখিল কৰিব । পিআইবিৰ তথ্য পৰীক্ষা ইউনিটৰ সৈতেও সমন্বয় স্থাপন কৰিব ।

আন এগৰাকী বিষয়াই কয় যে অত্যধিক ভাইৰেল হোৱাৰ প্ৰৱণতা, উল্লেখযোগ্য জনস্বাৰ্থ, স্পৰ্শকাতৰ নীতিগত বিষয়, সম্ভাৱ্য ৰাইজৰ ক্ষতি, আইনী প্ৰভাৱ, সমন্বিত ভুল তথ্য অভিযান বা আন্তঃমন্ত্ৰালয়ৰ বিষয়সমূহৰ সৈতে জড়িত গোচৰসমূহ উপযুক্ত জ্যেষ্ঠ কৰ্তৃপক্ষলৈ অৱগত কৰা হ’ব ।

লগতে পঢ়ক:'মেটা'ৰ ভাৰতৰ মুব্বীৰ বিৰুদ্ধে হায়দৰাবাদৰ চাইবাৰ অপৰাধ আৰক্ষীত গোচৰ

জেন-জিৰ প্ৰতিবাদত ভীতিগ্ৰস্ত মোদী, জনতাৰ কণ্ঠ ৰুধিবলৈ নতুন আইন : কেজৰিৱাল