ETV Bharat / bharat

পি এন জিৰ ব্যৱস্থা থকা গ্ৰাহকে এল পি জি চিলিণ্ডাৰ ক্ৰয় কৰিব নোৱাৰিব : কেন্দ্ৰৰ কঠোৰ নিৰ্দেশনা

ৰন্ধন গেছক লৈ কঠোৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ ৷

LPG
পি এন জিৰ ব্যৱস্থা থকা গ্ৰাহকে এল পি জি ক্ৰয় কৰিব নোৱাৰিব (AP)
author img

By ETV Bharat Assamese Team

Published : March 25, 2026 at 4:29 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: পশ্চিম এছিয়াত হোৱা যুদ্ধৰ ফলত বিশ্বব্যাপি সৃষ্টি হোৱা গেছ আৰু তেলৰ সমস্যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনা এল পি জি ব্যৱহাৰকাৰীলৈ ৷ যদি কোনো গ্ৰাহকে পাইপলাইনৰ দ্বাৰা পাকঘৰত ৰন্ধন গেছৰ সংযোগ গ্ৰহণ কৰিছে, সেই গ্ৰাহকে চিলিণ্ডাৰ ঘৰলৈ ক্ৰয় কৰি নিব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷

উল্লেখ যে, পশ্চিম এছিয়াত যুদ্ধৰ ফলত মুখ্য উৎসৰ পৰা তেল আৰু গেছৰ যোগান বিঘ্নিত হোৱাত ভাৰতত ৰন্ধন গেছৰ সমস্যাৰ সৃষ্টি হৈছে ৷ ফলস্বৰূপ, চৰকাৰে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰকাৰীলৈ এই নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰই ৷

নিৰ্দেশনাটোত কোৱা হৈছে যে, যি গ্ৰাহকৰ পাইপলাইনৰ ব্যৱস্থা আছে তেওঁলোকক পাইপলাইনৰ জৰিয়তে পাকঘৰলৈ গেছ যোগান ধৰা হৈছে ৷ যাৰ ফলত আগতীয়াকৈ বুকিং কৰাৰ কোন প্ৰয়োজনীয়তা নাথাকে ৷ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে পাইপলাইনৰ আন্তঃগাঁথনি ত্বৰান্বিত কৰা, অনুমোদন সহজ কৰা আৰু সুৰক্ষাৰ বাবে এল পি জিৰ পৰা পাইপ প্ৰাকৃতিক গেছ অৰ্থাৎ পি এন জিলৈ স্থানান্তৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷

প্ৰাকৃতিক গেছ আৰু পে'ট্ৰলিয়াম সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত যাতে সুবিধা হয় তাৰ বাবে পাইপলাইনৰ দ্বাৰা প্ৰদান কৰা অন্যান্য সুবিধাসমূহৰ নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ আদেশ- ২০২৬ৰ অধিসূচনা জাৰি কৰা হৈছে ৷

২৪ মাৰ্চত জাৰি কৰা আদেশত কোৱা হৈছে যে, যদি কোনো পৰিয়ালে উপলব্ধ হোৱাৰ পিছতো পাইপলাইন চমুকৈ পি এন জিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, তেন্তে এল পি জি যোগান তিনি মাহৰ পিছত বন্ধ কৰা হ’ব ৷ যদিহে কাৰিকৰি অসুবিধা থাকে তেন্তে গ্ৰাহকে আপত্তিবিহীন প্ৰমাণপত্ৰ অৰ্থাৎ এন অ' চিৰ গাঠি আৱেদন কৰাৰ সুবিধা থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷

কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে X ত তেল মন্ত্ৰণালয়ৰ সচিব নীৰজ মিট্টালে কয়,"ব্যৱসায়িক সংস্কাৰৰ জৰিয়তে এই সংকটক সুযোগলৈ ৰূপান্তৰিত কৰা হৈছে ৷ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত এই আদেশ দিয়াৰ লগতে ৰন্ধন গেছৰ অনুমোদন সহজ কৰি, পাইপলাইনৰ আন্তঃগাঁথনি দ্ৰুতগতিত আগুৱাই নিয়াৰ চেষ্টা কৰা হৈছে ৷"

লগতে পঢ়ক: ৰন্ধন গেছৰ নাটনি: সৰ্বদলীয় বৈঠকৰ পূৰ্বে সংসদ ভৱনৰ চৌহদত বিৰোধীৰ প্ৰতিবাদ