ETV Bharat / bharat

নীতি আৰু আইনী দিশৰ লগতে ভাৰত চৰকাৰৰ বিশ্বব্যাপী উন্নয়নৰ পৰ্যালোচনা

আইটি আইন, আইটি নিয়ম আৰু ডিপিডিপি আইনে ডিজিটেল ক্ষেত্ৰখনত ব্যৱহাৰকাৰীৰ সুৰক্ষা আৰু কল্যাণৰ লগতে অনলাইনত শিশুৰ গোপনীয়তাৰ সুৰক্ষাৰ ক্ষেত্ৰত এক কাঠামো প্ৰদান কৰে ।

Global Developments
অশ্বিনী বৈষ্ণৱ (ANI)
author img

By ETV Bharat Assamese Team

Published : August 5, 2026 at 10:08 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: সময়ৰ লগে লগে ডিজিটেল প্ৰযুক্তিয়ে শিক্ষা, যোগাযোগ আৰু উদ্ভাৱনৰ সুবিধা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে ৷ তাৰপিছতো কিন্তু চৰকাৰ শিশুকেন্দ্ৰিক অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত বিপদসমূহৰ বিষয়ে সদা সচেতন হৈ আহিছে য’ত ক্ষতিকাৰক বিষয়বস্তুৰ সংস্পৰ্শ, চাইবাৰ গুণ্ডাগিৰি, অনলাইন শোষণ আৰু ডিজিটেল নিচা আদিৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত ৷

ডিজিটেল পৰিৱেশত শিশুসকলক সুৰক্ষা প্ৰদানৰ বাবে বিভিন্ন দেশে গ্ৰহণ কৰা ব্যৱস্থাসমূহকে ধৰি অনলাইন সুৰক্ষা সম্পৰ্কীয় বিশ্বব্যাপী উন্নয়ন আৰু বিকশিত আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ বিষয়ে চৰকাৰে সমানে সতৰ্ক হৈ থাকে । ভাৰতৰ সাংবিধানিক গাঁথনি, আইনী প্ৰয়োজনীয়তা, প্ৰযুক্তিগত পৰিৱেশ তন্ত্ৰ আৰু ব্যৱহাৰকাৰীৰ সুৰক্ষা, উদ্ভাৱন, গোপনীয়তা আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা নীতি আৰু আইনী কাঠামো প্ৰণয়ন বা পৰ্যালোচনা কৰাৰ সময়ত এনে উন্নয়নসমূহ সময়ে সময়ে পৰীক্ষা কৰা হয় ।

সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি, নিৰাপদ আৰু বিশ্বাসযোগ্য ইণ্টাৰনেট সেৱা নিশ্চিত কৰাৰ লক্ষ্য পূৰণৰ বাবে চৰকাৰে ডিজিটেল পৰিৱেশ তন্ত্ৰ নিয়ন্ত্ৰণ কৰা আইনী আৰু নিয়ন্ত্ৰণ কাঠামোৰ সন্দৰ্ভত পৰামৰ্শমূলক পদ্ধতি গ্ৰহণ কৰে । ইয়াৰোপৰি ই প্ৰযুক্তিগত উন্নতি আৰু জনস্বাৰ্থক মনত ৰাখি চাইবাৰস্পেছত উদীয়মান বিষয়সমূহৰ সম্পৰ্কীয় আইনী, নীতি আৰু প্ৰতিষ্ঠানিক কাঠামোসমূহ পৰ্যালোচনা কৰিবলৈ প্ৰাসংগিক অংশীদাৰসকলৰ সৈতে নিয়মীয়াকৈ আলোচনাত মিলিত হয় ।

তথ্য প্ৰযুক্তি আইন ২০০০(আইটি আইন) আৰু তথ্য প্ৰযুক্তি(মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ (আইটি নিয়ম)য়ে সংযোজিতভাৱে ডিজিটেলী কল্যাণ, ব্যৱহাৰকাৰীৰ সুৰক্ষা আৰু দায়িত্বশীল ডিজিটেল অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ বাবে এক কাঠামো স্থাপন কৰিছে ।

আইটি নিয়মৰ অধীনত মধ্যস্থতাকাৰীসকলে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত যথাযথ পৰিশ্ৰম কৰিব লাগিব । ইয়াৰোপৰি তেওঁলোকে কম্পিউটাৰ সম্পদৰ ব্যৱহাৰকাৰীসকলক শিশুৰ বাবে ক্ষতিকাৰক বা সেই সময়ত বলৱৎ থকা কোনো আইন উলংঘা কৰা কোনো তথ্য প্ৰদৰ্শন, আপলোড, পৰিৱৰ্তন, প্ৰকাশ, প্ৰেৰণ, আপডেট বা শ্বেয়াৰ নকৰিবলৈ দৃঢ়ভাৱে বাধা দিব লাগিব ।

যদি ভাৰতীয় ন্যায় সংহিতা ২০২৩ অথবা যৌন নিৰ্যাতনৰ দৰে অপৰাধৰ পৰা সুৰক্ষা দিবলৈ বলবৎ কৰা শিশু সুৰক্ষা আইন ২০১২ উলংঘা কৰি কোনো অপৰাধমূলক কাম কৰে, তেন্তে মধ্যস্থতাকাৰীসকলে আইনৰ বিধান অনুসৰি এনে অপৰাধৰ বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিব লাগিব ৷

আইটি নিয়মৰ শেহতীয়া সংশোধনীৰ বাবে সামাজিক মাধ্যমৰ প্লেটফৰ্ম আৰু অন্যান্য মধ্যস্থতাকাৰীয়ে উপযুক্ত চৰকাৰ বা ইয়াৰ সংস্থাৰ দ্বাৰা যোগ্য ন্যায়িক অধিকাৰক্ষেত্ৰৰ আদালতৰ নিৰ্দেশ বা যুক্তিসংগত তথ্য লাভ কৰাৰ তিনি ঘণ্টাৰ ভিতৰত নীতি বহিৰ্ভুত বিষয়বস্তুসমূহ আঁতৰাব লাগিব ।

তদুপৰি ডিজিটেলী ব্যক্তিগত তথ্যৰ প্ৰক্ৰিয়াকৰণ নিয়ন্ত্ৰণৰ বাবে আইনী কাঠামো স্থাপন কৰি ‘ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩’ প্ৰণয়ন কৰা হৈছে । ডিপিডিপি আইনখনে শিশুৰ অনলাইন গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে আইনী কাঠামো প্ৰদান কৰে । ই শিশুৰ ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণৰ বাবে অভিভাৱকৰ সন্মতি বাধ্যতামূলক কৰে আৰু শিশুৰ কল্যাণৰ ক্ষেত্ৰত ক্ষতিকাৰক পদ্ধতি, যেনে - অনুসৰণ, আচৰণ নিৰীক্ষণ বা শিশুৰ নজৰত সহজে পৰিব পৰা বিজ্ঞাপনসমূহ নিষিদ্ধ কৰে ।

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে(MeitY) ‘তথ্য সুৰক্ষা শিক্ষা আৰু সজাগতা’ শীৰ্ষক এক প্ৰকল্প ৰূপায়ণ কৰিছে । ইয়াৰ উদ্দেশ্য হৈছে তথ্য সুৰক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদৰ বিকাশ আৰু চাইবাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চাইবাৰ সুৰক্ষাৰ বিভিন্ন দিশৰ বিষয়ে সাধাৰণ জনতাক সজাগ কৰা । এতিয়ালৈকে সমগ্ৰ দেশতে ৬,৬৫০খন সজাগতা কৰ্মশালাৰ আয়োজন কৰা হৈছে, য’ত ১১.৩৭ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে । ইয়াৰ ভিতৰত বিদ্যালয় আৰু মহাবিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, আইন প্ৰয়োগকাৰী কৰ্মী, চৰকাৰী কৰ্মচাৰী আৰু সাধাৰণ জনতা আদি অন্তৰ্ভুক্ত ।

ইয়াৰোপৰি ছপা, ইলেক্ট্ৰ’নিক আৰু সামাজিক মাধ্যমত www.isea.gov.in আৰু https://staysafeonline.in/ ৱেবছাইটৰ জৰিয়তে একাধিক ভাষাত সজাগতামূলক সামগ্ৰী, যেনে - শিশুৰ বাবে হাতপুথি, চুটি ভিডিঅ’, পোষ্টাৰ, ব্ৰ’চাৰ আৰু কাৰ্টুন গল্প আদিৰ প্ৰকাশ আৰু প্ৰচাৰ কৰা হৈছিল ৷

ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলে(CERT-In) নিয়মিতভাৱে ইয়াৰ অফিচিয়েল ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সুৰক্ষাৰ টিপছ, সজাগতা পোষ্টাৰ, ইনফ’গ্ৰাফিক আৰু ভিডিঅ’ শ্বেয়াৰ কৰে । ইয়াৰ উদ্দেশ্য হৈছে শিশুৰ অনলাইন সুৰক্ষাৰ ব্যৱস্থাকে ধৰি চাইবাৰ সুৰক্ষা আক্ৰমণ আৰু প্ৰৱঞ্চনাৰ বিষয়ে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা ।

শিক্ষা মন্ত্ৰালয়ে ২০২০ চনৰ জুলাই মাহত ডিজিটেল শিক্ষাৰ ওপৰত ‘প্ৰাগ্যাতা’ শীৰ্ষক এক নিৰ্দেশনা জাৰি কৰিছিল । এই নিৰ্দেশনাই ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ প্ৰসাৰ তথা সামাজিক মাধ্যম আৰু ইলেক্ট্ৰ’নিক ডিভাইচৰ দায়িত্বশীল ব্যৱহাৰক সামৰি নিৰাপদ আৰু ফলপ্ৰসূ অনলাইন শিক্ষণৰ ক্ষেত্ৰত এক পৰিকাঠামো প্ৰদান কৰে ।

এই প্ৰচেষ্টাসমূহক আগুৱাই নি চিবিএছইয়ে ডিজিটেল শিষ্টাচাৰ, শিক্ষকৰ বাবে চাইবাৰ-নিৰাপত্তা প্ৰশিক্ষণ, চাইবাৰ সুৰক্ষা হাতপুথি প্ৰকাশ আৰু চাইবাৰ-নিৰাপত্তা সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়ত চাইবাৰ ক্লাব স্থাপনৰ পৰামৰ্শ আদি বিষয়ক নিৰ্দেশনা জাৰি কৰে । এনচিইআৰটিয়ে ইয়াৰ পাঠ্যক্ৰমত চাইবাৰ সুৰক্ষাৰ বিষয়টোও অন্তৰ্ভুক্ত কৰে, য'ত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে সামাজিক প্ৰভাৱৰ ওপৰত এটা অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰোপৰি চিআইইটি-এনচিইআৰটিয়ে চাইবাৰ সুৰক্ষাৰ ওপৰত সম্পদ সামগ্ৰী প্ৰস্তুত কৰি উপলব্ধ কৰিছে ।

উল্লেখ্য যে, এই সকলোবোৰ তথ্য কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে লোকসভাত দাখিল কৰে ।

লগতে পঢ়ক: ভাৰত চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিলে মেটাৰ মাৰ্ক জুকাৰবাৰ্গে