ETV Bharat / bharat

দায়িত্বশীল আচৰণ প্ৰদৰ্শন কৰক ! ঘৰুৱা বিমান ভাৰাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰৰ নিৰ্দেশ চৰকাৰৰ

পশ্চিম এছিয়াৰ সংঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ চলাচলত বিমান পৰিবহণ সংস্থাসমূহ যথেষ্ট বাধাৰ সন্মুখীন হৈছে ৷ অৱশ্যে তাৰমাজতে চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে ৷

Etv Bharat
ফটোত চেন্নাই বিমানবন্দৰ (AFP)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 10:50 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: বিমানযাত্ৰীসকলৰ বাবে আছে এক সুখবৰ ৷ বিগত বৰ্ষত বিমান পৰিবহণকাৰী সংস্থা ইণ্ডিগ’ৰ বিমান সেৱাত যথেষ্ট পৰিমাণে ব্যাঘাত জন্মাৰ কথা সকলোৱে জানে ৷ যাৰ ফলত বিমান ভাৰা বহুখিনি বৃদ্ধি পাইছিল ৷

কিন্তু এতিয়াৰে পৰা আৰু যাত্ৰীসকলে ভাৰা সম্পৰ্কীয় কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা বিমান ভাৰাৰ নিৰিখ সম্পৰ্কীয় সকলো ধৰণৰ বিষয় প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশ অনুসৰি ২৩ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ’ব ৷

এই সন্দৰ্ভত মন্ত্ৰালয়ে কয় যে, পূৰ্বে ২০২৫ চনৰ ৬ ডিচেম্বৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ’ৰ দৰে এক বৃহৎ পৰিসৰৰ বিমান সংস্থাসমূহে অস্বাভাৱিকভাৱে বিমান ভাৰা বৃদ্ধি কৰাৰ কথাটো লক্ষ্য কৰিছিল ৷ ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত বৃদ্ধি পোৱা উদ্বেগো মন্ত্ৰালয়ৰ নজৰত পৰিছিল ৷ যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে বৃদ্ধি পোৱা ব্যয় নিয়ন্ত্ৰণলৈ অনাৰ পদক্ষেপ হিচাপে মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰে ৷

দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি ঘৰুৱা ইক’ন’মিক ক্লাছৰ বিমান ভাৰাৰ সৰ্বোচ্চ নিৰিখ ৭,৫০০ টকা (৫০০ কিল’মিটাৰতকৈ কম দূৰত্বৰ ক্ষেত্ৰত) ৰ পৰা ১৮,০০০ টকা (১,৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ ক্ষেত্ৰত) লৈকে প্ৰযোজ্য আছিল । পশ্চিম এছিয়াৰ সংঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচলৰ ক্ষেত্ৰত বিমান সংস্থাসমূহে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে ৷ এই নিৰ্দেশনাত মন্ত্ৰালয়ে কৈছে, ‘‘বিমান সংস্থাসমূহে টিকটৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অনুশাসন বজাই ৰাখিব লাগিব আৰু দায়বদ্ধভাৱে কাম কৰিব লাগিব ।’’

ইয়াত কোৱা হৈছে, ‘‘বিমান সংস্থাসমূহে নিশ্চিত কৰিব লাগিব যে ভাৰা যুক্তিসংগত আৰু বজাৰৰ পৰিস্থিতিৰ লগত খাপ খুৱাই নিৰ্ধাৰণ কৰিব লাগিব ৷ যাতে যাত্ৰীসকলৰ স্বাৰ্থত বিৰূপ প্ৰভাৱ নপৰে ।’’

বিশেষকৈ চাহিদা বৃদ্ধি, কোনোধৰণৰ ব্যাঘাত বা জৰুৰীকালীন অৱস্থাত অত্যাধিক বা অযুক্তিকৰভাৱে বৃদ্ধি কৰা ভাৰা সম্পৰ্কীয় যিকোনো অভিযোগক মন্ত্ৰালয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলিও দৃঢ়ভাৱে কয় । তদুপৰি বাস্তৱ সময়ৰ ওপৰত ভিত্তি কৰি বিমান ভাৰাৰ হ্ৰাস-বৃদ্ধিৰ প্ৰতিও মন্ত্ৰালয়ৰ নজৰ থাকিব ৷

ইণ্ডিগ’ৰ দৰে বৃহৎ পৰিসৰৰ বিমান সংস্থাসমূহে অস্বাভাৱিকভাৱে বৃদ্ধি কৰা ভাৰা নিয়ন্ত্ৰণলৈ আনিবলৈ বিগত ৬ ডিচেম্বৰত ঘৰুৱা বিমানসেৱাৰ ভাৰাৰ ওপৰত প্ৰযোজ্য সকলো ধৰণৰ নিয়ম প্ৰত্যাহাৰ কৰিবলৈ মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰে ৷

‘‘...বৰ্তমানৰ পৰিস্থিতি সুস্থিৰ হৈছে আৰু সমগ্ৰ অঞ্চলটোত সকলো কাৰ্যকলাপ স্বাভাৱিক হৈছে । পৰ্যালোচনাৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে ওপৰত উল্লেখ কৰা পত্ৰখনৰ ভিত্তিত জাৰি কৰা ভাৰাৰ সীমা ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ উঠাই লোৱা হ'ব’’ বুলি মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত নিৰ্দেশনাত উল্লেখ কৰা হৈছে ৷

ফেডাৰেশ্বন অৱ ইণ্ডিয়ান এয়াৰলাইন্সে মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ কিছুদিন পিছতে এই সিদ্ধান্ত লোৱা হৈছে । ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া, স্পাইচজেটৰ দৰে আগশাৰীৰ বিমান সংস্থাসমূহক প্ৰতিনিধিত্ব কৰা ফেডাৰেশ্বন অৱ ইণ্ডিয়ান এয়াৰলাইন্সে সকীয়াই দিছে যে দীৰ্ঘদিনীয়া ভাৰাৰ সীমাৰ বাবে বৃদ্ধি পোৱা পৰিচালনা ব্যয়ৰ বাবে বিমান সংস্থাসমূহে বিত্তীয় সংকটৰ দিশে আগবাঢ়িছে ৷ ৬০% বিনামূলীয়া আসন নিৰ্বাচন বাধ্যতামূলক কৰা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ফেডাৰেশ্বন অৱ ইণ্ডিয়ান এয়াৰলাইন্সে তীব্ৰ বিৰোধিতা কৰে ৷

লগতে পঢ়ক: কেন্দ্ৰৰ দ্বাৰা এল পি জিৰ যোগান ২০% বৃদ্ধি; হোটেল, ধাবা, কেণ্টিনে লাভ কৰিব ইয়াৰ সুফলতা