ৰে’ল দুৰ্ঘটনা : লাইনচ্যুত প্ৰায় ১৬ টা দবা, বোৱতি নৈত উটি যায় কেবাটাও ৰে’লৰ দবা
বিহাৰৰ জামুইত শনিবাৰে মাজনিশা সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনাটো ৷ প্ৰায় ১৬টা দবা লাইনচ্যুত হয় যদিও কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই ৷

Published : December 28, 2025 at 12:26 PM IST
|Updated : December 28, 2025 at 2:57 PM IST
জামুই (বিহাৰ) : আকৌ ৰে’ল দুৰ্ঘটনা ৷ এইবাৰ বিহাৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷ জানিব পৰা মতে, বিহাৰৰ জামুই জিলাত শনিবাৰে মাজনিশা সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনাটো ৷
জাচিডিহ-ঝাঝা ৰে’লপথত চিমেণ্ট ভৰ্তি এখন মালবাহী ৰে’লৰ দবা লাইনচ্যুত হয় ৷ ফলত প্ৰায় ১৬ টা দবা ৰে’লপথৰ পৰা ওলাই যায় । এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে এখন দলঙৰ ওপৰৰ পৰা কেইবাটাও ৰে’লৰ দবা বাগৰি নদীত সোমাই যায় ।

- ক’ত সংঘটিত হয় এই দুৰ্ঘটনা :
আছানছল ৰে’ল সংমণ্ডলৰ অন্তৰ্গত জাচিডিহ-ঝাঝা মূল ৰে’ল লাইনত সংঘটিত হয় এই দুৰ্ঘটনাটো । তেলৱা বজাৰ হাল্টৰ সমীপত থকা বধুৱা নদীৰ ওপৰত বনোৱা ৬৭৬ নং দলঙত সংঘটিত হয় এই ঘটনাটো ।

নিশা প্ৰায় ১১:৩০ বজাৰ পৰা ১২:০০ বজাৰ ভিতৰত জাচিডিহৰ পৰা ঝাঝালৈ গৈ থকা এখন মালবাহী ৰে’ল দুৰ্ঘটনাত পতিত হয় ৷
- ৰে’লৰ কেইটাও দবা পৰি যায় নদী :
খবৰ অনুসৰি, মালবাহী ৰে’লখনৰ প্ৰায় ১৬-১৯ টা দবা লাইচ্যুত হয় ৷ ইয়াৰে তিনিটা দবা দলঙৰ ওপৰৰ পৰা বধুৱা নদীত পৰে ৷ লগতে ৰে’লৰ বহুকেইটা দবা দলঙৰ ওপৰতে উলটি পৰি ৰয় ৷

ফলত চিমেণ্টৰ বেগসমূহ য’তে ত’তে সিঁচৰতি হৈ পৰে ৷ এই দুৰ্ঘটনাটোৰ ফলত ৰে’লৱে ট্ৰেকটোৰ যথেষ্ট ক্ষতি সাধন হয় ।
- ৰে’ল যাতায়ত প্ৰভাৱ পৰে :
এই দুৰ্ঘটনাটোৰ ফলত ৰে’ল যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে । ফলত কিউল-জাচিদিহ অংশৰ বিভিন্ন ষ্টেচনত কেইবাখনো যাত্ৰীবাহী আৰু মালবাহী ৰে’ল ৰখাই দিয়া হয় ।

কেইবাখনো ৰে’লৰ যাত্ৰা বন্ধ কৰি দিয়া হয় ৷
- উদ্ধাৰ অভিযান আৰম্ভ :
এই দুৰ্ঘটনাটোৰ প্ৰতি তৎক্ষণাত ৰে’লৱে প্ৰশাসনে সঁহাৰি জনায় । খবৰ লাভ কৰাৰ পাচতে ঝাঝা আৰু জাচিডিহৰ পৰা উক্ত স্থানলৈ প্ৰেৰণ কৰা হয় সাহায্য ৰে’ল আৰু গধুৰ যন্ত্ৰপাতি ।

নিশাই ৰে’ল আৰক্ষী, আৰ পি এফ, কাৰিকৰী বিষয়া উপস্থিত হৈ ৰে’লপথৰ পৰা ওলাই যোৱা দবাবোৰ আঁতৰাবলৈ আৰম্ভ কৰে ।
- কোনো লোকৰ মৃত্যু হোৱা নাই :
এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু বা আঘাতৰ খবৰ পোৱা নাই ৷ কাৰণ দুৰ্ঘটনাত পতিতি হেৱা ৰে’লখন মালবাহী ৰে’ল আছিল ৷
- কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনাটো :
ইতিমধ্যে ৰে’লৱেৰ বিষয়াসকলে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । প্ৰাৰম্ভিক তদন্তত কাৰিকৰী বিজুতি বা ট্ৰেকৰ কিছু বিসংগতিৰ বাবেই এই দুৰ্ঘটনাটো সংধটিত হৈছে । ৰে’লৰ ট্ৰেকটোৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পিছতহে পুনৰ আৰম্ভ হ’ব ৰে’লৰ চলাচল । ৰে’লৱে কৰ্তৃপক্ষই ৰে’ল যাত্ৰীসকলক কিছু ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে ।

