ETV Bharat / bharat

ভাৰত-চীন যুদ্ধৰ নায়ক যশৱন্ত সিং ৰাৱটৰ সাহসৰ সোণালী কাহিনী

১৯৬২ চনৰ ১৭ নৱেম্বৰৰ দিনটোত যশৱন্ত সিং ৰাৱট চীনা সৈন্যৰ হাতত শ্বহীদ হৈছিল । তেওঁ যুদ্ধ কৰা সেই বাংকাৰ আজিও জাতীয় পতাকাৰে জিলিকি আছে ।

JASWANT SINGH RAWAT
যশৱন্ত সিং ৰাৱট, নায়ক তিলক সিং নেগী আৰু ৰাইফলমেন গোপাল সিঙৰ মূৰ্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 6:02 PM IST

4 Min Read
Choose ETV Bharat

যশৱন্ত গড়, টাৱাং: ৬৩ বছৰ পূৰ্বে নৱেম্বৰ মাহৰ আজিৰ দিনটোতে ভাৰতৰ মাটিত আক্ৰমণ চলাইছিল চীনে ৷ ১৯৬২ চনৰ সেই ভয়াৱহ চীন-ভাৰত যুদ্ধৰ সময়ত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সমীপত অৱস্থিত নুৰানং ছেক্টৰেই আছিল গঢ়ৱাল ৰাইফলছৰ বীৰ সৈন্যসকলৰ প্রান্তসীমা ।

এই ছেক্টৰটোৰ কেন্দ্ৰবিন্দুত আছিল এজন অমৰ জোৱান বীৰ, নাম- লেন্সনায়ক যশৱন্ত সিং ৰাৱট । ১৯৬২ চনৰ ১৭ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত যশৱন্ত সিং ৰাৱট চীনা সৈন্যৰ হাতত শ্বহীদ হৈছিল । তেওঁ যুদ্ধ কৰা সেই বাংকাৰ আজিও জাতীয় পতাকাৰে গৌৰৱৰে জিলিকি আছে । এই বীৰ নায়কজনৰ কাহিনীৰে তেওঁৰ প্ৰতি শ্ৰদ্ধাৰে আমাৰ এই প্ৰতিবেদন ।

১৯৬২ চনৰ ভয়াৱহ চীন-ভাৰত যুদ্ধৰ সাক্ষী এই গড় (ETV Bharat Assam)

নুৰানং : যুদ্ধৰ ইতিহাসত এয়া অক্ষয় সোণালী অধ্যায়

ৰাৱট আৰু তেওঁৰ দলৰ অদম্য প্ৰতিৰোধৰ এই অঞ্চলক আজিও যশৱন্ত গড় নামেৰে সন্মানজনক যুদ্ধ স্মৃতিক্ষেত্ৰৰ ৰূপ দিছে । চীনা বাহিনীৰ সংখ্যা বহু বেছি হ’লেও তিনিজন ভাৰতীয় সৈন্য ক্ৰমে - যশৱন্ত সিং ৰাৱট, নায়ক তিলক সিং নেগী আৰু ৰাইফলমেন গোপাল সিঙে জীৱনৰ চিন্তা নকৰি শত্ৰুৰ আগ্ৰাসনৰ বিৰুদ্ধে যি প্ৰতিৰোধ দেখুৱাইছিল, ই ভাৰতীয় সেনাৰ শৌৰ্যৰ উজ্জ্বলতম নিদৰ্শন ।

১৯৬২ ৰ যুদ্ধ আৰু নুৰানং ছেক্টৰত প্ৰতিৰোধ

টাৱাঙৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰৰ পিছত ৪ গড়ৱাল ৰাইফলছক নুৰানং ছেক্টৰত যেনে-তেনেই স্থাপন কৰা হয়, যাতে ছেলাত মুখ্য প্ৰতিৰক্ষা প্ৰস্তুতি অব্যাহত ৰাখে । গুমবা টপৰ সমীপত ভাৰতীয় কোম্পানীসমূহৰ বিন্যাস কৰা হৈছিল আৰু বাওঁফাল, কেন্দ্ৰ আৰু পূব দিশত ইউনিটৰ গুৰুত্বপূর্ণ অৱস্থান সৃষ্টি কৰা হৈছিল ।

JASWANT SINGH RAWAT
যশৱন্ত গড়ত থকা ফলক (ETV Bharat Assam)

এই সময়তেই স্থানীয় মনপাৰ ৰূপত চীনা সৈন্যৰ প্ৰৱেশৰ চেষ্টা আলোচিত হয় আৰু এজন JCO ৰ দ্বাৰা বাধা মষিমূৰ কৰা হয় । কিন্তু তাৰ পিছত একেলগে তিনিটা দিশৰ পৰা চীনা বাহিনীয়ে একেলগে আক্ৰমণ আৰম্ভ কৰে । ভাৰতীয় সৈন্যসকলে দৃঢ়তাৰে প্ৰতিহত কৰে । পুৱা ৭.৪৫ আৰু ৯.১০ বজাত অস্ত্ৰ-শস্ত্ৰ, মৰ্টাৰ আৰু MMG ৰ সহায়ত চীনাই কৰা আক্ৰমণো একেদৰে ব্যৰ্থ হয়, এই বিষয়ে ফলকত লিখিত আছে ।

চতুৰ্থ আক্ৰমণ : যুদ্ধৰ ফলাফল সলনি কৰা মুহূর্ত

চীনাই নতুন কৌশল লয় । ভাৰতীয় কোম্পানীৰ বাওঁফালৰ ৪০ মিটাৰৰ ওচৰত MMG স্থাপন কৰি ভাৰতীয় LMGS নিষ্ক্ৰিয় কৰাৰ চেষ্টা কৰে । অৱস্থা সংকটজনক । ঠিক সেই মুহূর্ততেই তিলক সিং, যশৱন্ত সিং আৰু গোপাল সিঙে সিদ্ধান্ত লৈ আগবাঢ়ি মোকাবিলা কৰি অস্ত্ৰ নষ্ট কৰিবই লাগিব ।

গ্ৰেণেড, ৰাইফল আৰু বুকুত সাহস লৈ তিনিওজন আগবাঢ়ে । গোপাল সিঙে দুজন চীনা সৈন্যক গুলীয়াই আটক কৰে । ১৫ মিটাৰ দূৰত্বত তেওঁলোকে MMG লৈ গ্ৰেণেড নিক্ষেপ কৰি অস্ত্ৰটো নিস্ক্ৰিয় কৰে । তিলক সিঙে আগবাঢ়ি পৰিছিল, যশৱন্ত সিঙে হাতৰ জোৰেৰে MMG টো কাঢ়ি লৈ ওভতি আহিছিল । কিন্তু ঠিক বাংকাৰত সোমাই যাবলৈ থকা সময়তে চীনা আক্রমণত তেওঁ মূৰত আঘাত পায় ।

JASWANT SINGH RAWAT
এই টিলাটোৱেই যশৱন্ত গড় বুলি পৰিচিত (ETV Bharat Assam)

এই সমগ্ৰ অভিযান চলিছিল মাত্ৰ ১৫ মিনিট । কিন্তু এই ১৫ মিনিটে যুদ্ধৰ গতিপথ সলনি কৰে । চতুৰ্থ আক্ৰমণ পুৱা ১১.৪০ বজাত সম্পূৰ্ণৰূপে প্ৰতিহত হয় ।

বীৰত্বৰ বাবে সন্মান

এই অপূর্ব সাহসিকতাৰ বাবে তিনিওগৰাকী সৈনিককে দেশৰ সর্বোচ্চ সামৰিক বীৰত্ব পুৰস্কাৰে সন্মানিত কৰা হয়

  • যশৱন্ত সিং ৰাৱট — মহাবীৰ চক্ৰ (মৰণোত্তৰ)
  • নায়ক তিলক সিং নেগী — বীৰ চক্ৰ (মৰণোত্তৰ)
  • গোপাল সিং গুছেইন — বীৰ চক্ৰ

৪ গড়ৱাল ৰাইফলছৰ দুজন নিহত আৰু আঠজন আহত হৈছিল ৷ কিন্তু চীনা সৈন্যৰ মৃতদেহ আছিল ৩০০ ৰো অধিক । এই মৃতদেহসমূহ আজিও চীনা কবৰস্থান হিচাপে পৰিচিত ৷

১৯৬২ ৰ যুদ্ধত নুৰানং - একমাত্ৰ যুদ্ধ সন্মান

এই বীৰত্বপূর্ণ প্ৰতিৰোধৰ বাবে চতুৰ্থ গড়ৱাল ৰাইফলছক ‘‘বেটল অনাৰ – নুৰানং’’ প্ৰদান কৰা হয় ৷ ১৯৬২ চীন-ভাৰত যুদ্ধত কোনো ইউনিটে লাভ কৰা এয়া একমাত্ৰ যুদ্ধ সন্মান ।

JASWANT SINGH RAWAT
যশৱন্ত গড়ত থকা যশৱন্ত সিং ৰাৱটৰ মূৰ্তিটো (ETV Bharat Assam)

যশৱন্ত গড়

বীৰত্ব, স্মৃতি আৰু অদৃশ্য উপস্থিতি ১৭ নৱেম্বৰ ১৯৬২, নুৰানং যুদ্ধৰ সেই ভয়ংকৰ দিন । আজি বহু বছৰ পিছতো সৈন্যসকলে যশৱন্ত গড়ত তেওঁৰ পোচাক, বুট, টেলিফোন লাইন, ৰাইফল, গৃহস্থালী সামগ্ৰী আদিৰ মাজেদি যেন তেওঁৰ উপস্থিতি অনুভৱ কৰে । নিয়মীয়াকৈ পূজা অনুষ্ঠিত হয়, প্ৰসাদ বিলায় । সেনাৰ বিশ্বাস - তেওঁ এই স্থানৰ ৰক্ষক ।
নুৰানং যুদ্ধ কেৱল এটা সামৰিক ঘটনা নহয়, ই ভাৰতীয় সৈন্যৰ দৃঢ়তা, দেশপ্ৰেম আৰু আত্মত্যাগৰ সৰ্বোচ্চ নিদৰ্শন ।
যশৱন্ত সিং ৰাৱট আৰু তেওঁৰ সহযোদ্ধাসকলে দেখুওৱা সাহস ভাৰতীয় সেনাৰ ইতিহাসত চিৰদিন সোণালীভাৱে জিলিকি থাকিব ।

লগতে পঢ়ক: কংশ, কৃষ্ণ, ৰাধাই বুজালে পথ সজাগতা কিয় প্ৰয়োজন