গোৱা অগ্নিকাণ্ডৰ মূল অভিযুক্ত লুথ্ৰা ভাতৃদ্বয়ক থাইলেণ্ডৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণ
ভাৰতত উপস্থিত হোৱাৰ লগে লগে দুয়োকে দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ ৷

Published : December 16, 2025 at 2:51 PM IST
|Updated : December 16, 2025 at 3:00 PM IST
বেংকক (থাইলেণ্ড): গোৱাত অগ্নিকাণ্ড সংঘটিত হোৱা নাইট ক্লাবটোৰ স্বত্বাধিকাৰী গৌৰৱ লুথ্ৰা আৰু সৌৰভ লুথ্ৰাক মঙলবাৰে থাইলেণ্ড কৰ্তৃপক্ষই ভাৰতলৈ বিতাড়িত কৰে ৷ চলিত মাহৰ আৰম্ভণিতে নাইট ক্লাবটোত অগ্নিকাণ্ড সংঘটিত হৈ ২৫ জন লোকৰ মৃত্যু ঘটিছিল ৷ এই ঘটনাৰ তদন্ত অব্যাহত ৰাখি লুথ্ৰা ভাতৃদ্বয়ক ভাৰতলৈ অনা হৈছে ৷ সূত্ৰই জনোৱা মতে, তেওঁলোক দিল্লীলৈ অহা বিমানত উঠিছে আৰু আহি পোৱাৰ লগে লগে ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়া হ’ব ৷ অধিক আইনী ব্যৱস্থাৰ বাবে তেওঁলোকক দিল্লীৰ ৰাউজ এভিনিউ আদালতলৈ লৈ যোৱা হয় ৷
অগ্নিকাণ্ডৰ সৈতে জড়িত থকা অভিযোগত দুয়োৰে বিৰুদ্ধে মৃত্যুৰ বাবে প্ৰৰোচিত কৰা আৰু গাফিলতিৰ গোচৰ ৰুজু কৰা হৈছে ৷ অনলাইনত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে গৌৰৱ (৪৪) আৰু সৌৰভ (৪০)ক ভাৰতলৈ অনাৰ পূৰ্বে বেংকক বিমানবন্দৰত থাই আৰক্ষীয়ে এস্কৰ্ট কৰি আছে ৷
#WATCH | Bangkok, Thailand | Luthra brothers-Gaurav and Saurabh, the owners of the Birch by Romeo Lane nightclub in Arpora, Goa, where 25 people were killed in a fire, are being deported from Thailand today.
— ANI (@ANI) December 16, 2025
The two brothers are being brought to Delhi, where they will be… pic.twitter.com/acedxyRkxJ
ভাৰতীয় দূতাবাসৰ হস্তক্ষেপৰ পিছত ১১ ডিচেম্বৰত ফুকেটত আটক কৰি কিছুদিন দুয়োকে ৰখাৰ পিছত তেওঁলোকক বিতাড়ন কৰা হৈছে ৷ এই সন্দৰ্ভত ভাৰতীয় দূতাবাসে থাইলেণ্ড চৰকাৰৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে ৷ উত্তৰ গোৱাৰ আৰ্পোৰাত থকা বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবৰ স্বত্বাধিকাৰী লুথ্ৰা ভাতৃদ্বয়ে যোৱা ৬ ডিচেম্বৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে থাইলেণ্ডলৈ পলায়ন কৰে ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁলোক দিল্লীৰ এখন বিয়াত অংশ লৈছিল বুলি জানিব পৰা গৈছে ৷
দুয়োৰে বিৰুদ্ধে ইণ্টাৰপল ব্লু কৰ্ণাৰ জাননী জাৰি কৰা হয় ৷ এই অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষোভৰ সৃষ্টি হয় আৰু নাইট ক্লাব পৰিচালনাৰ নিৰাপত্তা উলংঘা আৰু গাফিলতিৰ অভিযোগ উত্থাপন হয় ৷ লুথ্ৰা ভাতৃদ্বয়ৰ পাছপ’ৰ্ট বাতিল কৰাৰ পিছত ভাৰত চৰকাৰে থাইলেণ্ড কৰ্তৃপক্ষক ড’ছিয়াৰ প্ৰদান কৰি ২৫ জন লোকৰ মৃত্যুৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আনুষ্ঠানিকভাৱে তেওঁলোকক বিতাড়নৰ দাবী জনায় ৷ ভাৰত আৰু থাইলেণ্ডে ২০১৩ চনত প্ৰত্যৰ্পণ চুক্তি স্বাক্ষৰ কৰিছিল, যিখন ২০১৫ চনৰ জুন মাহৰ পৰা কাৰ্যকৰী হৈছিল ৷
এই গোচৰৰ সন্দৰ্ভত এতিয়ালৈকে গোৱা আৰক্ষীয়ে নাইট ক্লাবৰ ৫ জন মেনেজাৰ আৰু কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ ইফালে, সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ে বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবৰ বিৰুদ্ধে দেৱানী গোচৰ জনস্বাৰ্থৰ গোচৰলৈ ৰূপান্তৰিত কৰি কয় যে এই ট্ৰেজেডীৰ বাবে ‘কোনোবা দায়ী হ’ব লাগিব’ ৷
লগতে পঢ়ক : গোৱা নাইটক্লাবত অগ্নিকাণ্ডৰ মূল অভিযুক্ত লুথ্ৰা ভাতৃদ্বয়ক থাইলেণ্ডত আটক

