গোৱা অগ্নিকাণ্ড : লুথ্ৰা ভাতৃদ্বয়ক দুদিনৰ ট্ৰেনজিট ৰিমাণ্ডত প্ৰেৰণ; আৰক্ষীয়ে অভিযুক্তক লৈ যাব গোৱালৈ
থাইলেণ্ডৰ পৰা দিল্লীলৈ অনাৰ পিছতে লুথৰা ভাতৃদ্বয়ক পাটিয়ালা হাউছ কোৰ্টত হাজিৰ কৰোৱা হয় ।

Published : December 16, 2025 at 11:19 PM IST
নতুন দিল্লী : দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে গোৱা নাইট ক্লাবৰ অগ্নিকাণ্ডৰ গোচৰত অভিযুক্ত লুথ্ৰা ভাতৃদ্বয়ক দুদিনীয়া ট্ৰেনজিট ৰিমাণ্ডত গোৱা আৰক্ষীলৈ প্ৰেৰণ কৰিছে । থাইলেণ্ডৰ পৰা উভতি অহাৰ লগে লগে আজি দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰে লুথ্ৰা ভাতৃদ্বয় গৌৰৱ লুথ্ৰা আৰু সৌৰভ লুথ্ৰাক ।
গোৱা আৰক্ষীয়ে লুথ্ৰা ভাতৃদ্বয়ৰ ট্ৰেনজিট ৰিমাণ্ডৰ বাবে অনুৰোধ জনায় আৰু আদালতে মঞ্জুৰি দিয়ে । গোৱা অগ্নিকাণ্ডৰ পিছতে লুথ্ৰা ভাতৃদ্বয়ে থাইলেণ্ডলৈ পলায়ন কৰিছিল । পলায়নৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰি পাছপ’ৰ্ট বাতিল কৰা হয় ।
মন কৰিবলগীয়া যে লুথৰা ভাতৃদ্বয়ে ৰোহিনী আদালতত আগজাননীমূলক জামিন আবেদন দাখিল কৰিছিল । ৰোহিনী আদালতে ১১ ডিচেম্বৰত তেওঁলোকৰ আগতীয়া জামিন আবেদন নাকচ কৰে । এই গোচৰৰ অভিযুক্ত অজয় গুপ্তাক দিল্লীত গ্ৰেপ্তাৰ কৰা হয় ।
যোৱা ১০ ডিচেম্বৰত তেওঁক ট্ৰেনজিট ৰিমাণ্ডত গোৱা আৰক্ষীক গতাই দিয়ে সাকেট আদালতে । গৌৰৱ লুথ্ৰা আৰু সৌৰভ লুথ্ৰা দিল্লীত ঘৰ আছে । এই অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হয় । গৌৰৱ লুথ্ৰা আৰু সৌৰভ লুথ্ৰাৰ অংশীদাৰ অজয় গুপ্তা ।
উল্লেখ্য যে, ৬ ডিচেম্বৰত গোৱাৰ আৰপোৰাৰ বাৰ্চ বাই ৰোমিঅ’ নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হয় ৷ তথ্য অনুসৰি, এই গোচৰৰ সন্দৰ্ভত এতিয়ালৈকে গোৱা আৰক্ষীয়ে নাইট ক্লাবৰ ৫ জন মেনেজাৰ আৰু কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ ইফালে, সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ে বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবৰ বিৰুদ্ধে দেৱানী গোচৰ জনস্বাৰ্থৰ গোচৰলৈ ৰূপান্তৰিত কৰি কয় যে এই ট্ৰেজেডীৰ বাবে ‘কোনোবা দায়ী হ’ব লাগিব’ ৷

