ৰামোজী ফিল্ম চিটীৰ উদ্যোগত চিনে মেজিকেল গ্ল’ ৰাণ শীৰ্ষক দৌৰ প্ৰতিযোগিতা
পদ্মশ্ৰী বঁটাপ্ৰাপক তথা কোচিপুড়ী নৃত্যশিল্পী দীপিকা ৰেড্ডী, আন্তঃৰাষ্ট্ৰীয় ধনুৰ্বিদ জ্যোতি সুৰেখা ভেন্নমে এখন আগশাৰীৰ হোটেলত অনুষ্ঠানৰ জাৰ্ছী, বিজয়ীক দিবলগীয়া পদক মুকলি কৰে ৷

Published : March 3, 2026 at 5:55 PM IST
হায়দৰাবাদ: হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটীয়ে আয়োজন কৰিছে এক অনন্য অনুষ্ঠান ৷ ১৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটো জনা যাব চিনে মেজিকেল গ্ল’ ৰাণ হিচাপে ৷ পদ্মশ্ৰী বঁটাপ্ৰাপক তথা কোচিপুড়ী নৃত্যশিল্পী দীপিকা ৰেড্ডী, আন্তঃৰাষ্ট্ৰীয় ধনুৰ্বিদ জ্যোতি সুৰেখা ভেন্নমে ৰামোজী ফিল্ম চিটীস্থিতি চিতাৰা হোটেলত মঙলবাৰে অনুষ্ঠানৰ জাৰ্ছী, বিজয়ীক দিবলগীয়া পদক মুকলি কৰে ৷
নৃত্যশিল্পী ৰেড্ডীয়ে চিনে মেজিকেল গ্ল’ ৰাণক ফিটনেছ, আনন্দ আৰু হাতে হাত ধৰি একেলগে আগবঢ়াৰ বাবে আয়োজিত এক প্ৰেৰণাদায়ক আৰু ঐক্যবদ্ধ অনুষ্ঠান বুলি অভিহিত কৰে ।
জাৰ্ছী মুকলি অনুষ্ঠানটোত অংশগ্ৰহণ কৰি দীপিকা ৰেড্ডীয়ে ভাষণ প্ৰসংগত কয়, ‘‘গ্ল’ ৰাণত জয় বা পৰাজয়ৰ কথা নাই । ইয়াত অংশগ্ৰহণ কৰা প্ৰতিজনেই বিজয়ী । এই দৌৰৰ জৰিয়তে আনন্দ, শক্তি আৰু নিজৰ নিজৰ গতিবিধি নিৰীক্ষণ কৰা হ’ব ৷’’ তেওঁ লগতে কয় যে এনেধৰণৰ অনুষ্ঠানে সকলো বয়সৰ লোকক সক্ৰিয় হৈ থাকিবলৈ প্ৰেৰণা যোগায় ।
আনহাতে, জ্যোতি সুৰেখা ভেন্নমে একেধৰণৰ কথাকে সমৰ্থন জনাই নিজা ভাষণৰ জৰিয়তে দৈনন্দিন জীৱনত ফিটনেছৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে । ‘‘দৌৰাটো আমাৰ জীৱনশৈলীৰ অংশ হোৱা উচিত । ই আমাক শাৰীৰিক স্বাস্থ্য অটুট ৰখাত সহায় কৰে আৰু মানসিক শান্তিও প্ৰদান কৰে’’ বুলি ভেন্নমে কয় ৷
Run Director অভিষেক মিশ্ৰই অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ তেওঁ কয় যে এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে দৌৰবিদ, সাধাৰণ লোকসকল, অভিজ্ঞ খেলুৱৈকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰা হৈছে । গ্ল’ ৰাণ ৩০০০, ৫০০০ আৰু ১০০০০ ৰ শাখাত অনুষ্ঠিত হ’ব ৷ অনুষ্ঠানটোৰ দৌৰ আৰম্ভ হ’ব সন্ধিয়া ৫.৩০ বজাৰ পৰা, যিয়ে অংশগ্ৰহণকাৰীসকলক অনন্য অভিজ্ঞতা প্ৰদান কৰিব ।
এই জাৰ্ছী আৰু পদক মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত স্বাস্থ্য বিভাগৰ মুখ্য গ্ৰোথ বিষয়া প্ৰভু, ৰেনোভা হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবীন্দ্ৰনাথ আৰু ৰামোজী ফিল্ম চিটীৰ উপ-সভাপতি(বিপণন) এ ভি ৰাও অন্যতম ।
পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰীসকলৰ বাবে এল বি নগৰৰ পৰা বিনামূলীয়া যাতায়াতৰ ব্যৱস্থা কৰা হ’ব বুলি আয়োজকসকলে অনুষ্ঠানটোত ঘোষণা কৰে । পঞ্জীয়ন আৰু অধিক বিৱৰণৰ বাবে অংশগ্ৰহণকাৰীসকলে www.ramojifilmcity.com চাব পাৰে বা 76598-76598 নম্বৰত যোগাযোগ কৰিব পাৰে ।
লগতে পঢ়ক: এখন বিশেষ মহিলা বজাৰ; শতাধিক মহিলা বিক্ৰেতাৰ বজাৰখন হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

