দেশৰ চিডিএছ হিচাবে দায়িত্ব গ্ৰহণ জেনেৰেল এনএছ ৰাজা সুব্ৰমণিৰ
দেশবাৰে প্ৰতিৰক্ষা মুৰব্বী তথা চিডিএছ হিচাবে দায়িত্ব গ্ৰহণ কৰিলে জেনেৰেল সুব্ৰমণিয়ে ৷

Published : May 31, 2026 at 3:36 PM IST
নতুন দিল্লী: দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী তথা চিডিএছ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে জেনেৰেল এনএছ ৰাজা সুব্ৰমণিয়ে ৷ শনিবাৰে দেশৰ জ্যেষ্ঠ সামৰিক সেনাধ্যক্ষ হিচাপে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰা জেনেৰেল অনিল চৌহানৰ পিছত চীন আৰু পাকিস্তানৰ বিশেষজ্ঞ হিচাপে বহুলভাৱে পৰিচিত জেনেৰেল এনএছ ৰাজা সুব্ৰমণিয়ে চিডিএছ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জেনেৰেল সুব্ৰমণীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ দেওবাৰে চিডিএছ হিচাপে দায়িত্ব লোৱাৰ পাছতে জেনেৰেল সুব্ৰমণীয়ামে কয়, "সশস্ত্ৰ বাহিনীৰ ত্ৰি-সেৱাৰ সহযোগিতা আৰু ঐক্য বৃদ্ধিৰ বাবে সাংগঠনিক সংস্কাৰ মোৰ প্ৰধান কাম হ’ব ৷’’
VIDEO | Delhi: Chief of Defence Staff General NS Raja Subramani says, " atma nirbharta is a central pillar of our national security. we will accelerate the development, induction and integration of indigenous weapons in our armed forces. innovation in thought and action will drive… pic.twitter.com/6t6NkAIHWV
— Press Trust of India (@PTI_News) May 31, 2026
তেওঁ কয়, ‘‘আমি আমাৰ সশস্ত্ৰ বাহিনীত থলুৱাভাবে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োগ, বিকাশ আৰু ঐক্য ত্বৰান্বিত কৰিম ৷ আমাৰ সশস্ত্ৰ বাহিনীয়ে আমাৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত পেছাদাৰিত্ব আৰু কাৰ্যকৰী নিৰ্ণায়কতা ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিছিল ৷ আমি আমাৰ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷" চিডিএছগৰাকীয়ে কয়, "মই বিশ্বাসী যে আমাৰ সশস্ত্ৰ বাহিনীয়ে নিষ্ঠা, সাহস, সন্মানেৰে দেশৰ বাবে সেৱা আগবঢ়াই যাব ৷"
উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ জুনলৈকে কেন্দ্ৰীয় কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ আৰু ২০২৪ চনৰ ১ জুলাইৰ পৰা ২০২৫ চনৰ ৩১ জুলাইলৈকে সেনাবাহিনীৰ ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চিডিএছগৰাকীয়ে ৷ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ভাৰতীয় সামৰিক একাডেমীৰ স্নাতক চিডিএছ জেনেৰেল সুব্ৰমণিয়ামে ১৯৮৫ চনৰ ১৪ ডিচেম্বৰত গঁড়ৱাল ৰাইফলছৰ অষ্টম বেটেলিয়নত নিযুক্তি লাভ কৰিছিল ৷
General NS Raja Subramani assumed office as India’s 3rd Chief of Defence Staff (CDS) today, ushering in a new phase of military leadership and transformation.
— Ministry of Defence, Government of India (@SpokespersonMoD) May 31, 2026
As a mark of respect to the nation’s bravehearts, he laid a wreath at the National War Memorial and was accorded a Guard… pic.twitter.com/y1HYZQli3F
চিডিএছ জেনেৰেল সুব্ৰমণিয়ে ইউকেৰ ব্ৰেকনেলৰ জইণ্ট চাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজ আৰু নতুন দিল্লীৰ নেশ্ব’নেল ডিফেন্স কলেজৰ প্ৰাক্তন ছাত্ৰ ৷ লণ্ডনৰ কিংছ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা অধ্যয়নত এম ফিল ডিগ্ৰী লাভ কৰিছিল তেওঁ ৷
অপাৰেশ্যন ৰাইনো, জম্মু-কাশ্মীৰত ১৬৮ ইনফেণ্ট্ৰি ব্ৰিগেড, কেন্দ্ৰীয় খণ্ডৰ ১৭ মাউণ্টেন ডিভিজনৰ অংশ হিচাপে অসমত বিদ্ৰোহ বিৰোধী অভিযানত ১৬ গড়োৱাল ৰাইফলছৰ কমাণ্ড কৰিছিল তেওঁ ৷ জম্মু-কাশ্মীৰৰ এটা ৰাষ্ট্ৰীয় ৰাইফলছ খণ্ডৰ উপ-সেনাধ্যক্ষ, আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ (সেনা) সংহত মুখ্য কাৰ্যালয়ত সামৰিক চোৰাংচোৱাৰ উপ-সঞ্চালক প্ৰধান পদত আছিল জেনেৰেল সুব্ৰমণিয়ে ৷
লগতে পঢ়ক:পেট্ৰ’ল-ডিজেল-এটিএফৰ ওপৰত নতুন ৰপ্তানি শুল্ক আৰোপ কেন্দ্ৰৰ, কি প্ৰভাৱ পৰিব মূল্যত ?

