পদপথৰ ১০০ কুকুৰৰ বাবে প্ৰতিমাহে নিৰ্ধাৰণ ৩.৩৩ লাখ টকা
গ্ৰেটাৰ বেংগালুৰু প্ৰাধিকৰণে (GBA) পদপথৰ কুকুৰৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষপ । প্ৰতিটো কুকুৰৰ খৰচৰ বাবদ নিৰ্ধাৰণ কৰিছে ৩,০৩৫ টকা ।

Published : December 25, 2025 at 3:31 PM IST
বেংগালুৰু (কৰ্ণাটক): উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বেংগালুৰুৰ নগৰপালিকাই পদপথত ঘূৰি ফুৰা কুকুৰবোৰত আশ্ৰয়গৃহলৈ স্থানান্তৰিত কৰাৰ বাবে আৰম্ভ কৰিছে পৰিকল্পনা । এই কাৰ্যৰ বাবে তৈয়াৰ কৰা হৈছে অভিলাসী আঁচনি ।
গ্ৰেটাৰ বেংগালুৰু প্ৰাধিকৰণ আৰু ইয়াৰ অধীনত থকা এজেন্সীসমূহে প্ৰতিটো কুকুৰৰ চোৱাচিতাৰ বাবদ মাহে ৩,০৩৫ টকাকৈ নিৰ্ধাৰণ কৰিছে । এই আঁচনি বলবৎ কৰাৰ বাবে নগৰপালিকাই বৰ্তমান বেচৰকাৰী সংগঠন আৰু নিজা এজেন্সীসমূহক নিবিদাৰ বাবে আমন্ত্ৰণ জনাইছে । এই আঁচনিৰ অধীনত, নিৰ্বাচিত এজেন্সীসমূহ পদপথৰ কুকুৰবোৰ ধৰা, সেইসমূহৰ টীকাকৰণ কৰা আৰু কুকুৰবোৰক নিৰ্ধাৰিত আশ্ৰয়স্থললৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত দায়বদ্ধ হ'ব ।
স্থানান্তকৰণৰ পিছত, কুকুৰবোৰক দিনে দুবাৰকৈ খাদ্য যোগান ধৰা হ'ব আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰা যাব । কৰ্তৃপক্ষই জনোৱা অনুসৰি আনুমানিক খৰচৰ ভিতৰত প্ৰয়োজনীয় খাদ্য, কৰ্মচাৰীৰ দৰমহা, পশু চিকিৎসা, স্বচ্ছতা আৰু প্ৰশাসনিক খৰচ চামিল হৈ আছে । প্ৰশাসনে জনোৱা অনুসৰি গ্ৰেটাৰ বেংগালুৰু প্ৰাধিকৰণ (GBA) ৰ এলেকাত প্ৰায় ২.৭৯ লাখ পদপথৰ কুকুৰ আছে ।

খৰচৰ বিৱৰণ আৰু দৈনিক চোৱাচিতা:
বিষয়ববীয়াসকলৰ দ্বাৰা তৈয়াৰ কৰা ব্যয়ৰ তালিকা অনুসৰি, ১০০ পদপথৰ কুকুৰক চোৱাচিতা কৰাৰ বাবে প্ৰতিমাহে প্ৰায় ৩.৩৩ লাখ টকা খৰচ হ'ব । ইয়াৰ ভিতৰত খাদ্যৰ বাবে ১.৫০ লাখ টকা, নিৰীক্ষক আৰু কৰ্মচাৰীৰ বেতনৰ বাবদ ১.১৮ লাখ টকা, চিকিৎসা আৰু প্ৰশাসনিক খৰচৰ বাবদ ১০,০০০ টকা আৰু প্ৰতিটো কুকুৰ ধৰা আৰু পৰিবহনৰ নামত ৩০,০০০ টকা খৰচ হ'ব ।
প্ৰতিদিনে প্ৰতিটো কুকুৰৰ নামত ১১১ টকা খৰচ হ'ব । বিষয়ববীয়াসকলে জনাই যে প্ৰতিটো কুকুৰক প্ৰতিদিনে প্ৰায় ৬০০ গ্ৰাম খাদ্য যোগান ধৰা হ'ব । খাদ্যৰ ভিতৰত প্ৰায় ১৫০ গ্ৰাম চিকেন আৰু ১০০ গ্ৰাম পাচলিৰ প্ৰয়োজন হ'ব । প্ৰতিদিনে খাদ্যৰ নামত প্ৰতিটো কুকুৰ বাবদ ৫০ টকা খৰচ হ'ব । প্ৰতিটো আশ্ৰয়স্থলীত পাঁচজনীয়া কৰ্মচাৰীৰ এটা দল থাকিব, যাৰ ভিতৰত থাকিব এজন পশু চিকিৎসক আৰু চাৰিগৰাকী সহায়ক । যি খাদ্য, স্বাস্থ্যৰ প্ৰতি নজৰ আৰু স্বচ্ছতা সুনিশ্চিত কৰিব ।
আশ্ৰয়স্থলীৰ অভাৱ আৰু জনতা তথা কাৰ্যকৰ্তাৰ প্ৰতিক্ৰিয়া:
বৰ্তমান GBA ক্ষেত্ৰত কেৱল ৮ টা পশু জন্ম নিয়ন্ত্ৰণ কেন্দ্ৰ কাৰ্যকৰী হৈ আছে আৰু এয়া পূৰ্ণ বিকশিত আশ্ৰয়গৃহ নহয় । কাৰ্যকৰ্তাসকলে জনোৱা অনুসৰি ইমান বৃহৎসংখ্যক পদপথৰ কুকুৰ ৰখাৰ বাবে পৰ্যাপ্ত স্থায়ী আশ্ৰয়স্থল উপলব্ধ নহয় । পৰিণামস্বৰূপে, এই আঁচনিৰ সমৰ্থন কৰিছে যদিও নতুন আশ্ৰয়স্থল নিৰ্মাণৰ পোষকতা কৰে কাৰ্যকৰ্তাসকলে ।
এই প্ৰস্তাৱক এক গতি দিয়াৰ ক্ষেত্ৰত জনসাধাৰণৰ দাবীয়েও অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । বহু নিবাসীয়ে সুৰক্ষা সম্বন্ধীয় চিন্তা ব্যক্ত কৰিছে । তেওঁলোকে কয় যে পদপথৰ কুকুৰৰ বৰ্ধিত সংখ্যাৰ বাবে পথত তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰে আৰু নগৰপালিকাক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় ।
এই আঁচনিৰ বিষয়ে পশু কল্যান সংস্থাসমূহে ইতিমধ্যে আলোচনা কৰা পৰিলক্ষিত হৈছে । কুকুৰপ্ৰেমীসকল আৰু কাৰ্যকৰ্তাসকলে অস্থায়ী আশ্ৰয়স্থল পোষকতাৰ বিৰোধিতা কৰি যুক্তি দিয়ে যে, চৰকাৰে স্থায়ী আৰু সু-ব্যৱস্থিত সুবিধাযুক্ত স্থান দিব লাগে । তেওঁলোকে উন্নত স্বচ্ছতা আৰু দীৰ্ঘকালীন পশু স্বাস্থ্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ বাবে দাবী উত্থাপন কৰিছে ।
এই আঁচনিত জড়িত এগৰাকী কাৰ্যকৰ্তাই কয়,"আমাৰ উদ্দেশ্য ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি জন সুৰক্ষা আৰু পশু কল্যাণৰ মাজত সন্তুলন বৰ্তাই ৰখা । নিবিদা প্ৰক্ৰিয়া আৰু আশ্ৰয়স্থলৰ যোজনা এতিয়া প্ৰাৰম্ভিক প্ৰক্ৰিয়াত আছে । আশা কৰোঁ যে নগৰপালিকাই আগন্তুক সপ্তাহত নিবিদাৰ অন্তিম ৰূপ দিব আৰু নতুন আশ্ৰয়স্থল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নিৰ্ণয় ল'ব ।"

